বিশ্বকাপৰ প্ৰায় ৪ মাহ পাছতো শেষ হোৱা নাই মৰক্কোৰ যাদু

বিশ্বকাপৰ প্ৰায় ৪ মাহ পাছতো শেষ হোৱা নাই মৰক্কোৰ যাদু

ডিজিটেল ডেস্ক : ২০২২ বৰ্ষৰ কাটাৰ বিশ্বকাপত দেখুওৱা চমৎকাৰৰ ধাৰা এতিয়ালৈ অব্যাহত ৰাখিছে মৰক্কোৱে । বিশ্বকাপতো এটাৰ পাছতো আনটো তুলনামূলকভাৱে শক্তিশালী দেশক পৰাস্ত কৰি প্ৰথমখন আফ্ৰিকান দেশ হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল মৰক্কোৱে । ছেমি ফাইনেলত পৰাস্ত হ'লেও সমগ্ৰ বিশ্ববাসীৰ সন্মুখত ফুটবল জগতত এক নতুন শক্তি ৰূপে নিজৰ উত্থানৰ প্ৰমাণ দিবলৈ সক্ষম হৈছিল দলটো । সেই মৰক্কোৱে চমকৰ ধাৰা অব্যাহত ৰাখি এইবাৰ পৰাস্ত কৰিলে ব্ৰাজিলক ।

ব্ৰাজিল বুলি ক'লেই প্ৰথমেই মনলৈ অহা কথাটো হৈছে ফুটবল, যি দেশত ফুটবল যেন এক ধৰ্ম সেই দেশক পৰাস্ত কৰাটো সকলোৰে বাবে সহজ নহয় । কিন্তু আন্তৰ্জাতিক প্ৰীতি মেচত সেইয়া সম্ভৱ কৰি দেখুৱালে মৰক্কোৱে । মেচৰ ফলাফল ২-১ ।

অৱশ্যে নেইমাৰ, থিয়াগো ছিলভা, ৰাফিনহা, ৰিচাৰ্লিছনৰ দৰে তাৰকা খেলুৱৈৰ অবিহনে খেলপথাৰত নামিছিল ব্ৰাজিল । তাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে মৰক্কোৱে । ৫ গৰাকীকৈ তৰুণ খেলুৱৈক ব্ৰাজিলে দিয়া সুযোগৰ সদব্যৱহাৰ কৰিলে মৰক্কোৱে । মৰক্কোৰ গতিময় ফুটবলৰ সন্মুখত নিস্তেজ হৈ পৰিল ব্ৰাজিলৰ ছাম্বা ।

বিশ্বকাপৰ প্ৰায় ৪ মাহ পাছতো শেষ হোৱা নাই মৰক্কোৰ যাদু
ঘিলামৰাৰ বৰদৈত ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in