ঘিলামৰাৰ বৰদৈত ভয়ংকৰ পথ দুৰ্ঘটনা

ঘিলামৰাৰ বৰদৈত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গোগামুখ-ঘিলামৰা ৰাজ্যিক ঘাইপথৰ বৰদৈত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে নিশা প্ৰায় ৭-১০ বজাত ঘিলামৰা দিশৰ পৰা এ এচ ০৭ জে ৫৩৮২ নম্বৰৰ ৱাগনআৰ বাহনৰ আৰু গোগামুখ দিশৰ পৰা আহি থকা এ এচ ০৭ এ চি ৫৮৮৯ নম্বৰৰ এখন ৰঙা বৰণৰ মেজিক বাহনৰ মাজত বৰদৈ মহবল অংশত মুখামুখি সংঘৰ্ষ হয় ।

ফলত ৱাগনআৰ বাহনত যোৱা ঘিলামৰা সদৰৰ  হিমাংশু চায়েঙীয়া (বুবু) নামৰ যুৱকজন গুৰুতৰ ভাবে আহত হোৱাৰ লগতে মেজিকখনত অহা প্ৰায় ১৪ গৰাকী যাত্ৰী সকলো  কম বেছি পৰিমানে জখম হয় । ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন দাসে দুৰ্ঘটনাৰ খবৰ লাভ কৰি  ক্ষীপ্ৰতাৰে  গৈ ঘটনাস্থলীত উপস্থিত হৈ  আহত সকলক ঘিলামৰা সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু বাহন দুখন উদ্ধাৰ কৰি থানালৈ আনে ।

জানিব পৰা মতে হিমাংশু চায়েঙীয়াৰ জখম গুৰুতৰ হোৱাত ধেমাজি অসামৰিক চিকিৎসালয়লৈ জৰুৰী চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in