Advertisment

অষ্ট্ৰেলিয়ালৈ যাব মহম্মদ ছামিও ! বি চি চি আইয়ে সাজু কৰিছে পৰিকল্পনা...

২২ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতে খেলিব ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী। ৫ খন টেষ্টৰ এই ছিৰিজৰ বাবে ইতিমধ্যে ভাৰতীয় দল গৈ অষ্ট্ৰেলিয়াৰ মাটিত উপস্থিত হৈছে আৰু অনুশীলন অব্যাহত ৰাখিছে।

author-image
Asomiya Pratidin
New Update
ভাৰতীয় দললৈ আহি আছে ছামি

ডিজিটেল ডেস্কঃ ২২ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতে খেলিব ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী। ৫ খন টেষ্টৰ এই ছিৰিজৰ বাবে ইতিমধ্যে ভাৰতীয় দল গৈ অষ্ট্ৰেলিয়াৰ মাটিত উপস্থিত হৈছে আৰু অনুশীলন অব্যাহত ৰাখিছে। ভাৰতীয় দলটোত এইবাৰ পেছ বিভাগত অভিজ্ঞ যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ আছে যদিও বাকী সকলো নতুন। 

Advertisment

এনে পৰিস্থিতিত বহুতৰে দৃষ্টি পৰিছে মহম্মদ ছামিৰ ওপৰত। আঘাতৰ পৰা মুক্ত হৈ খেল পথাৰলৈ ৰাজকীয় প্ৰত্যাৱৰ্তন কৰিছে ছামিয়ে। বংগৰ হৈ ৰঞ্জিৰ মেচত মধ্যপ্ৰদেশৰ বিৰুদ্ধে ৭ টাকৈ উইকেট দখল কৰি উজলি উঠিছে ছামি।

তেওঁৰ এনে প্ৰদৰ্শনৰ পাছতে এতিয়া অষ্ট্ৰেলিয়াত থকা ভাৰতীয় দলত চামিল কৰা হ'ব নেকি বুলিও চৰ্চা চলিছে। ভাৰতীয় নিৰ্বাচকে তেওঁকলৈ তেনে নতুন চিন্তা কৰিছে বুলিও সৰৱ চৰ্চা চলিছে।

যোৱা বছৰ ঘৰুৱা মাটিত এদিনীয়া বিশ্বকাপ অন্ত পৰাৰ পাছতে দলৰ পৰা বাহিৰত আছে মহম্মদ ছামি। তেওঁৰ এখন ভৰিৰ আঠুত এটা অস্ত্ৰোপচাৰো সম্পন্ন হৈ গৈছে। এই আঘাতৰ পৰা তেওঁ মুক্ত হৈছে যদিও অষ্ট্ৰেলিয়াৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান লাভ নকৰিলে।

অৱশ্যে দলত স্থান নাপালেও মহম্মদ ছামিক লৈ বি চি চি আই যথেষ্ট সচেতন হৈ আছে। ভাৰতীয় দলত স্থান নাপালে ৰঞ্জিত ট্ৰফীত বংগৰ হৈ এখন মেচ খেলা ছামিয়ে তেওঁৰ দক্ষতাৰ প্ৰমাণ দাঙি ধৰিলে। তাৰ পাছতে ছামিক ভাৰতীয় দলত অন্তৰ্ভুক্তিৰ দাবীও সৱল উত্থাপন হৈছে।

পিছে ব'ৰ্ডৰ সূত্ৰত প্ৰকাশিত খবৰ মতে ছামিক লৈ খৰখেদা কৰিব বিচৰা নাই ভাৰতীয় দলৰ নিৰ্বাচকসকলে। অজিত আগাৰকাৰ নেতৃত্বাধীন নিৰ্বাচক মণ্ডলীয়ে ছামিক আৰু কিছু সময় দিব বিচাৰিছে।

অষ্ট্ৰেলিয়াৰ মাটিত ৫ দিনৰ মেচ খেলিবলৈ তেওঁৰ শৰীৰ সম্পূৰ্ণ সাজু হৈ উঠিছে নে নাই তাক লৈ এতিয়াও সন্দেহ দূৰ হোৱা নাই। সেয়ে অজিত আগাৰকাৰ আৰু তেওঁৰ সতীৰ্থ নিৰ্বাচক মণ্ডলীয়ে বিচাৰিছে ছৈয়দ মুস্তাক আলী ট্ৰফী খেলক ছামিয়ে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে খেলিবলগীয়া টেষ্ট শৃংখলা যথেষ্ট দীঘলীয়া। শৃংখলাত আছে মুঠ ৫ খন টেষ্ট। ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া এই শৃংখলা ৩ জানুৱাৰীত অন্ত পৰিব।

অৰ্থাৎ মহম্মদ ছামিয়ে যদি বংগৰ হৈ মুস্তাক আলী ট্ৰফী সফলতাৰে খেলে তেন্তে তেওঁ তৃতীয় বা চতুৰ্থ টেষ্টৰ বাবে ছামিক অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। যদি সেয়াই হয় তেন্তে ছামিক ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ অন্তিম দুখন বা এখন টেষ্টত ভাৰতীয় দলটোৰ সৈতে দেখিবলৈ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

আঘাতৰ পৰা সম্পূৰ্ণ মুক্ত নোহোৱাকৈ, শৰীৰ সম্পূৰ্ণ সাজু নোহোৱাকৈ খেল পথাৰত নামিলে পুনৰ আঘাতৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰৱল বাবেই ছামিক লৈ খৰখেদা কৰিব বিচৰা নাই বি চি আইয়ে।

উল্লেখ্য যে, বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত ভাৰতীয় দলত নাথাকিব অধিনায়ক ৰোহিত শৰ্মাও। দ্বিতীয় সন্তানৰ পিতৃ হোৱা ৰোহিত আছে পত্নী আৰু পৰিয়ালৰ কাষত। তেওঁৰ অনুপস্থিতিত বুমৰাহে দিব ভাৰতীয় দলক নেতৃত্ব।

পেছ আক্ৰমণৰো দায়িত্ব বুমৰাহৰে কান্ধত। তেওঁক সহযোগ কৰিব মহম্মদ ছিৰাজে। তৃতীয় বেগী বলাৰ হিচাপে আকাশদ্বীপৰ নাম চৰ্চাত আছে। যদিহে চাৰিজন বেগী বলাৰৰ প্ৰয়োজন হয় তেন্তে ভাৰতীয় দলটোৰ সৈতে থকা প্ৰসিদ্ধ কৃষ্ণ বা হৰ্ষিত ৰাণাৰ কোনো এজনক খেল পথাৰত নমাব পাৰে।

ক্ৰিকেট টীম ইণ্ডিয়া মহম্মদ ছামি