/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d5efb5af-8155-4219-b272-b90f2e4bfe68/rohit.jpg)
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ আই পি এলত অৱশেষত জয়ৰ মুখ দেখিলে ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে। মঙলবাৰে অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত দিল্লী কেপিটেলছৰ বিৰুদ্ধে জয়লাভ কৰে।
ইফালে বৰ্তমানলৈকে খেলা ৪খন মেচৰ এখনতো জয়ৰ মুখ নেদেখা ডেভিড ৱাৰ্ণাৰ নেতৃত্বাধীন দিল্লী কেপিটেলছলৰ পৰাজয়ৰ ধাৰা অৱ্যহত আছে। আজিৰ এই গুৰুত্বপূৰ্ণ মেচখনত পোনতে দিল্লীয়ে বেট ধৰি মুম্বাইক জয়ৰ বাবে ১৭৩ ৰানৰ লক্ষ্য বান্ধি দিয়ে। দলৰ হৈ অধিনায়ক ৱাৰ্ণাৰ আৰু অক্ষৰ পেটেলে অৰ্ধশতক অৰ্জন কৰে।
আনহাতে জয়ৰ লক্ষ্য সন্মুখত লৈ ইনিংছ আৰম্ভ কৰা মুম্বাইয়ে প্ৰথমাৱস্থাৰ পৰাই সুন্দৰভাৱে খেলখন আগুৱাই নিয়ে। অ'পেনাৰদ্বয় ৰোহিত-ঈশান কিষাণে ৭১ ৰানৰ যুটি বান্ধে।
ৰোহিত শৰ্মাই ৬৫ আৰু ঈশানে ২৬ বলত ৩১ ৰানৰ বৰঙণি যোগায়। মিডল অৰ্ডাৰৰ ফালে তিলক বৰ্মা ৪১ আৰু শেষৰ ফালে দায়িত্ব সহকাৰে বেটিং কৰি কেমেৰুণ গ্ৰীণ ১৭ আৰু টিম ডেভিডে ১৩ ৰানৰ উল্লেখনীয় বৰঙণি আগবঢ়াই বিজয় লক্ষ্যত উপনীত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1a84beec-5a93-4fbb-94fc-c1859488d981/Ftc3ylTaUAEJB_N.jpg)