খেলুৱৈৰ অনুশীলন বন্ধ কৰি কুকুৰক ইভিনিং ৱাল্ক কৰোৱা আই এ এছ বিষয়াক শাস্তিমূলক বদলি…

খেলুৱৈৰ অনুশীলন বন্ধ কৰি কুকুৰক ইভিনিং ৱাল্ক কৰোৱা আই এ এছ বিষয়াক শাস্তিমূলক বদলি…

author-image
asomiyapratidin
New Update
খেলুৱৈৰ অনুশীলন বন্ধ কৰি কুকুৰক ইভিনিং ৱাল্ক কৰোৱা আই এ এছ বিষয়াক শাস্তিমূলক বদলি…

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক শ্ল'গান- 'খেলেগা ইণ্ডিয়া তভিটো বঢ়েগা ইণ্ডিয়া'। খেলক ভাৰতত গুৰুত্ব দিয়া হৈছে। অলিম্পিকৰ শীৰ্ষ ১০ত স্থান লাভৰ বাবে চৰকাৰ তথা ক্ৰীড়া বিভাগে বহু আঁচনি হাতত লৈছে। খেল আৰু খেলুৱৈৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন যোগাত্মক পদক্ষেপ।

Advertisment

কিন্তু ইয়াৰ মাজতে একাংশ চৰকাৰী বিষয়াৰ কৰ্মকাণ্ডই এতিয়া সকলোৰে চকু কপালত তুলিছে। খেলুৱৈৰ অনুশীলন তথা খেলৰ বাবে নিৰ্মাণ কৰা ষ্টেডিয়ামত খেলুৱৈক অনুশীলন কৰাৰ পৰা বঞ্চিত কৰি একাংশ শীৰ্ষ বিষয়াই কুকুৰ খোজ কঢ়াবলৈ লোৱা কাৰ্যত স্তম্ভিত হৈ পৰিছে দেশৰ ক্ৰীড়া মহল।

দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়াম ক্ষমতাৰ অপপ্ৰয়োগ কৰি ক্ৰীড়া কাৰ্যকলাপৰ বাবে নিয়মীয়া সময়তকৈ আগতে বন্ধ কৰি নিজৰ বাবে ব্যৱহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। সন্ধিয়া ৬ বজাৰ পৰা ৭ বজালৈ খেলুৱৈক অনুশীলন কৰাৰ পৰা বঞ্চিত কৰি দুই আই এ এছ দম্পতী সঞ্জীৱ খিৰৱাৰ আৰু তেওঁৰ পত্নী ৰিংকু দুগ্গাই খোজ কাঢ়িবলৈ ব্যৱহাৰ কৰে। তেওঁলোকে নিজেই খোজ কঢ়াৰ লগতে তেওঁলোকৰ পোহনীয়া কুকুৰটোক খোজ কঢ়াবলৈ এই সময়ছোৱাত বন্ধ কৰি দিয়া হয় ষ্টেডিয়ামখনত ক্ৰীড়়াবিদৰ অনুশীলন।

শেহতীয়াকৈ এই খবৰ বিয়পি পৰিছে।দুই আই এ এছ দম্পতীৰ এই কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে এক নিৰ্দেশনাৰ জৰিয়তে আই এ এছ দম্পতিক বদলিৰ নিৰ্দেশ দিছে। ১৯৯৪ বেটছৰ আই এ এছ সঞ্জীৱ খিৰৱাৰক লাডাখলৈ আৰু একেটা বেটছৰ আই এ এছ ৰিংকু দুগ্গাক অৰুণাচললৈ বদলি কৰা হৈছে।

আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে খেলুৱৈৰ সুবিধা হোৱাকৈ দিল্লীৰ সকলো ষ্টেডিয়াম নিশা ১০ বজাৰ পৰ্যন্ত খোলা ৰখাৰ নিৰ্দেশ জাৰি কৰিছে।

ক্লিক কৰি পঢ়কঃ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ কৰা নাই ৰকিবুল হুছেইনে ! ভূপেন বৰাই জাৰি কৰিলে শ্ব'কজ…