কাৰাগাৰৰ দুধৰ্ষ অপৰাধীৰ মাজত জে পি এলঃ নাইটৰাইডাৰ্ছ চেম্পিয়ন...

বি চি চি আইয়ে অনুষ্ঠিত কৰি অহা আই পি এলৰ আৰ্হিত মথুৰাত অনুষ্ঠিত হৈছে আন এখন বিশেষ ক্ৰিকেট টুৰ্ণামেণ্ট।আই পি এলৰ দৰেই উত্তেজনাপূৰ্ণ এই প্ৰতিযোগিতাখনৰ নাম জে পি এল। 

author-image
Tushar Pratim
New Update
কাৰাগাৰৰ দুধৰ্ষ অপৰাধীৰ মাজত জে পি এলঃ নাইটৰাইডাৰ্ছ চেম্পিয়ন...

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে অনুষ্ঠিত কৰি অহা আই পি এলৰ আৰ্হিত মথুৰাত অনুষ্ঠিত হৈছে আন এখন বিশেষ ক্ৰিকেট টুৰ্ণামেণ্ট।আই পি এলৰ দৰেই উত্তেজনাপূৰ্ণ এই প্ৰতিযোগিতাখনৰ নাম জে পি এল। 

Advertisment

এই জে পি এলত অংশগ্ৰহণ কৰা মুঠ দলৰ সংখ্যা ৮ টা। অৱশ্যে জে পি এল আই পি এলতকৈ পৃথক। জে পি এল এইবাবেই পৃথক যে এই প্ৰতিযোগিতাত কোনো সাধাৰণ মানুহ অথবা ক্ৰিকেটাৰে অংশগ্ৰহণ কৰা নাই। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে বিভিন্ন অপৰাধত অভিযুক্ত, দোষী সাব্যস্ত দুধৰ্ষ অপৰাধীয়ে। 

আই পি এলত যিদৰে দেশী, বিদেশী ক্ৰিকেটাৰৰ সমাগম ঘটে জে পি এল অৰ্থাৎ জেইল প্ৰিমিয়াৰ লীগত কাৰাগাৰৰ বিভিন্ন বেৰেকত থকা অপৰাধীৰ সমাগম ঘটিছে। কাৰাগাৰৰ বিভিন্ন বেৰেকত বন্দী অপৰাধীৰে গঠন কৰা হৈছে প্ৰতিটো দল।  

এই বিশেষ ক্ৰিকেট টুৰ্ণামেণ্টখনৰ আয়োজক মথুৰা কাৰাগাৰ কৰ্তৃপক্ষৰ। কয়দীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য বৃদ্ধিৰ পদক্ষেপ হিচাপে অনুষ্ঠিত কৰা হৈছে জে পি এল। কাৰাগাৰৰ চৌহদৰ ভিতৰতে আয়োজন কৰা এই ক্ৰিকেট টুৰ্ণামেণ্টত বন্দীসকলে অংশগ্ৰহণ কৰে।

কাৰাগাৰ অধীক্ষক অংশুমান গাৰ্গৰ মতে, জেইল প্ৰিমিয়াৰ লীগ আয়োজন কৰাৰ মূল লক্ষ্য কাৰাগাৰৰ বন্ধ কোঠালিৰ জীৱনত কয়দীসকলক কিছু মুহূৰ্তৰ বাবে স্বাধীনতা প্ৰদান কৰা। তেওঁ কয়, এই টুৰ্ণামেণ্টৰ উদ্দেশ্য হৈছে এই দেৱালৰ ভিতৰৰ জীৱনত কিছু মুহূৰ্তৰ বাবে স্বাধীনতাৰ অনুভৱ দিয়া।

এই টুৰ্ণামেণ্ট কেৱল এক খেল নহয়, ই আশাৰ জয়, আত্মবিশ্বাসৰ দৌৰ। খেলপথাৰ একেই আছে, কিন্তু খেলুৱৈসকল সলনি হৈছে। তেওঁলোকে খেল পথাৰত দৌৰা, বল ধৰা, প্ৰতিখন মেচত বিজয় সাব্যস্ত কৰা এইবোৰৰ জৰিয়তে পুনৰ নিজকে প্ৰমাণ কৰাৰ প্ৰয়াস।"

উল্লেখ্য যে, ২০২৫ চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈছিল জেইল প্ৰিমিয়াৰ লীগ, য’ত বন্দীসকলৰ মাজত মথুৰা কাৰাগাৰৰ বিভিন্ন বেৰেকৰ পৰা আঠটা দল গঠন কৰা হৈছিল। এই আঠটা দলৰ মাজৰ পৰা চাৰিটাকৈ দলেৰে গঠন কৰা হয় দুটা গ্ৰুপ। 

য’ত তেওঁলোকৰ মাজত মুঠ ১২খন লীগ মেচ আৰু দুখন ছেমি ফাইনেল অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনৰ অন্তিমখন মেচত অৰ্থাত ফাইনেলখন কেপিটেলছ আৰু নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হয়। য’ত নাইট ৰাইডাৰ্ছ চেম্পিয়ন হয়। ১৪ মে’, বুধবাৰে ফাইনেল মেচখনৰ পিছত কৌশল নামৰ বন্দীগৰাকীক মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ লগতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। তাৰোপৰি পংকজ আৰু ভূৰা নামৰ দুজন কয়দীয়ে পাৰ্পল আৰু অৰেঞ্জ কেপ লাভ কৰে। 

 

আই পি এল ক্ৰিকেট