Advertisment

কোকৰাঝাৰত ১৫ লাখ টকা পুৰস্কাৰৰ মাৰাথন প্ৰতিযোগিতা সম্পন্ন

এনচিচিৰ উদ্যোগত আৰু বিটিচি চৰকাৰৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে আজি কোকৰাঝাৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ হাফ মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হয় । "এনচিচিৰ সতে শান্তিৰ দৌৰ" থীমেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৬০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

author-image
Asomiya Pratidin
New Update
মাৰাথন প্ৰতোযিগাত সম্পন্ন

ডিজিটেল সংবাদ কোকৰাঝাৰঃ এনচিচিৰ উদ্যোগত আৰু বিটিচি চৰকাৰৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে আজি কোকৰাঝাৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ হাফ মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হয় । "এনচিচিৰ সতে শান্তিৰ দৌৰ" থীমেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৬০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

Advertisment

কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা মাৰাথন আৰু দৌৰ প্ৰতিযোগিতাত ২১ কিলোমিটাৰ হাফ মাৰাথন শাখাত প্ৰথম স্থান দখল কৰে পংকজ কুমাৰ, দ্বিতীয় স্থান দখল কৰে দীপক ভাট আৰু তৃতীয় স্থান দখল কৰে কৈলাশ চৌধুৰীয়ে । আনহাতে ২১ কিলোমিটাৰ হাফ মাৰাথনৰ মহিলা শাখাত প্ৰথম স্থান দখল কৰে তমসী সিং, দ্বিতীয় স্থান দখল কৰে অমৃতা পেটেল আৰু তৃতীয় স্থান দখল কৰে গীতা কুমাৰী গৌৰে।

আনহাতে ১০ কিলোমিটাৰ দৌৰৰ পুৰষ শাখাত প্ৰথম স্থান দখল কৰে নীতিশ কুমাৰ, দ্বিতীয় স্থান দখল কৰে আকাশ পেটেল, তৃতীয় স্থান দখল কৰে সন্দীপ সিঙে । মহিলা শাখাত প্ৰথম স্থান স্থান দখল কৰে কে এম সংগীতা পাল,  দ্বিতীয় স্থান দখল কৰে চন্দ্ৰকলা লুইটেল আৰু তৃতীয় স্থান দখল কৰে পাহী কেওটে । 

ইপিনে ৫ কিলোমিটাৰ দৌৰত পুৰুষ শাখাত প্ৰথম স্থান দখল কৰে সুকেমলাঙ সুবছ, দ্বিতীয় স্থান দখল কৰে অমল দেৱ নাথ আৰু তৃতীয় স্থান দখল কৰে হিতেশ বড়োৱে । আনহাতে মহিলা শাখাত প্ৰথম স্থান দখল কৰে সন্ধা যাদৱ, দ্বিতীয় স্থান দখল কৰে ৰেহেনা খাতুন আৰু তৃতীয় স্থান দীপিকা মুণ্ডাই দখল কৰে।

উল্লেখ্য যে কোকৰাঝাৰ ছাই ষ্টেডিয়ামত হাফ মাৰাথন প্ৰতিযোগিতা উপলক্ষে অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত ৰাজ্যৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু এনচিচিৰ উচ্চ পৰ্যায়ৰ প্ৰায় সকলো বিষয়া উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী নন্দিতা গাৰ্লোচাই অনুষ্ঠানটি সফলভাৱে ৰূপায়ন কৰাৰ বাবে সকলো পক্ষলৈ শুভেচ্ছা জ্ঞাপন কৰি অহা বৰ্ষত প্ৰতিযোগীৰ সংখ্যা অধিক হ'ব বুলি আশা প্ৰকাশ কৰিছে ।

 তদুপৰি বড়োলেণ্ডৰ পৰ্যটন ক্ষেত্ৰই অনাগত সময়ছোৱাত প্ৰসাৰতা লাভ কৰিব বুলিও আশা ব্যক্ত কৰিছে নন্দিতা গাৰ্লোচাই। আনহাতে কোকৰাঝাৰত এটা এনচিচি বেটেলিয়ন খোলাৰ কথা সদৰি কৰিছে এনচিচি কৰ্তৃপক্ষই ।

উল্লেখ্য যে ২১ .১ কিলোমিটাৰ (হাফ মাৰাথন), ১০ কিলোমিটাৰ আৰু ৫ কিলোমিটাৰ এই তিনিটা শাখাত অনুষ্ঠিত হোৱা মাৰাথন, দৌৰ প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰতিযোগীসকলক প্ৰায় ১৫ লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হয়। প্ৰণিধানযোগ্য যে কাহিলীপুৱা মাৰাথন প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিছিল বিটিচিৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োৱে। 

কোকৰাঝাৰ মাৰাথন নন্দিতা গাৰ্লোছা