ডিজিটেল ডেস্ক : বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবল ক্লাব মানচেষ্টাৰ ইউনাইটেড এসময়ৰ আটাইতকৈ ধনী ক্লাব সমূহৰ ভিতৰত আছিল । একে সময়তেই ক্লাবটোত আছিল অন্যতম দামী খেলুৱৈ যেনে ৱেইন ৰুনী, ডেভিদ বেকহাম, ৰিয়ান গিগছ, ৰয় কীন আদিৰ দৰে খেলুৱৈ । তাৰ পাছতো একাদিক্ৰমে ক্ৰিষ্টিয়ানো ৰোনাল্ডো, প'ল পগবা আদিৰ দৰে খেলুৱৈকো আকাশলংঘী মূল্যত সেই সময়তেই ক্ৰয় কৰিছিল মানচেষ্টাৰ ইউনাইটেডে ।
কিন্তু এতিয়া যেন ধাৰত পোত গৈছে দলটো । প্ৰায় ১ বিলিয়ন টকাৰ ধাৰ থকা ক্লাবটো এতিয়া আগন্তুক সময়ছোৱাত বিক্ৰীও হ'ব পাৰে । মূলত : বেংকৰ ঋণ, ট্ৰেন্সফাৰ ফী, খেলুৱৈৰ দৰমহা আদিৰ বাবে সন্মুখীন হ'ব লগীয়া হৈছে এই পৰিস্থিতিৰ । বৰং এতিয়া এনে পৰিস্থিতি আহি পৰিছে যে দলটোৰ খেলপথাৰ অ'ল্ড ট্ৰেফৰ্ডৰ মেৰামতিৰ বাবে প্ৰয়োজনীয় ধনৰ বাবেও ঋণ ল'বলগীয়া হ'ব পাৰে ভৱিষ্যতে । এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ আগন্তুক সময়ত দলটিৰ খেলৰ টিকেটৰ মূল্যও বৃদ্ধি কৰা হ'ব বুলি জানিবলৈ দিয়ে মানচেষ্টাৰ ইউনাইটেডে ।