দুটাকৈ খিতাপ দখলৰ দিশে মানচেষ্টাৰ চিটি

Manchester City
Manchester City

ডিজিটেল ডেস্ক : ২০২২ বৰ্ষৰ প্ৰিমিয়াৰ লীগৰ কথা । মানচেষ্টাৰ চিটিয়েই জিকিছিল ট্ৰ'ফী । বিশ্ববিখ্যাত পীটাৰ দ্ৰুৰী আছিল চিটিৰ অন্তিমখন খেলত কমেন্ট্ৰী বক্সত । দ্ৰুৰীৰ শ্ৰেষ্ঠতম কমেন্ট্ৰীৰ ভিতৰত অন্যতম হৈছে মানচেষ্টাৰ চিটিৰ ২০২২ বৰ্ষৰ প্ৰিমিয়াৰ লীগৰ খিতাপ দখলৰ বৰ্ণনা । এইবাৰো প্ৰিমিয়াৰ লীগ মানচেষ্টাৰ চিটিৰ দখললৈ যোৱাৰ দিশে । দ্বিতীয় স্থানত থকা আৰ্চেনালতকৈ এখন মেচ কমকৈ খেলিও ৪ পইন্টত আগবাঢ়ি আছে চিটি । একেই দশা চেম্পিয়নছ লীগতো । ইতিমধ্যেই ফাইনেলত উপস্থিত হৈছে পেপ গাৰ্ডিৱ'লা বাহিনী । ছেমি ফাইনেলত জোলোকে জোলোকে পানী খাব লগীয়া হ'ল ৰিয়েল মাদ্ৰিদে । মানচেষ্টাৰৰ ধাৰাবাহিক আক্ৰমণৰ সন্মুখত নিস্তেজ হৈ দেখা দিলে ভিনিচিয়াছ, বেঞ্জেমা আৰু ৰড্ৰিগ' । একেই অৱস্থা ডিফেণ্ডাৰৰো ।

প্ৰথম লেগত চিটিৰ গ'ল্ডেন বয় হালাণ্ডাৰ সৈতেই সমগ্ৰ মেচত ছাঁ হৈ ৰৈছিল ৰিয়েল ডিফেণ্ডাৰ এন্ট'নিঅ' ৰুডিগাৰ । যি সুবিধা গ্ৰহণ কৰিলে চিটিয়ে । হালাণ্ডৰ সৈতে ডিফেণ্ডাৰ এজন ব্যস্ত হৈ পৰা মানেই আন এঠাইত সুযোগ সৃষ্টি হোৱা । ফলত হালাণ্ডৰ গ'ল নোহোৱাকৈয়ে ৪-০ৰ ব্যৱধানত পৰাস্ত হ'ল ৰিয়েল মাদ্ৰিদ ।

১১ জুনত আছে ফাইনেল ।  মানচেষ্টাৰ চিটিৰ সন্মুখত ইন্টাৰ মিলান । ইউৰোপৰ একালৰ অন্যতম শ্ৰেষ্ঠ দল । অৱশ্যে মানচেষ্টাৰ চিটিৰ বৰ্তমানৰ দলৰ সৈতে যে ফেৰ মাৰিব পাৰিব সেইয়া অসম্ভৱ যেন লাগিছে সকলোকে ।

আনহাতে, প্ৰিমিয়াৰ লীগতো আৰ্চেনালে পৰৱৰ্তী দুয়োখন মেচ জিকি, মানচেষ্টাৰ চিটি তিনিওখন মেচত পৰাস্ত হ'লেহে হয়তো প্ৰিমিয়াৰ লীগৰ আশা নিৰ্বাপন হ'ব পাৰে চিটিৰ । কিন্তু ই অসম্ভৱ বুলি বুজি উঠিছে সকলোৱে । তেনেস্থলত চলিত বৰ্ষত দুটাকৈ অন্যতম ইউৰোপীয়ান ট্ৰ'ফী আহিব মানচেষ্টাৰৰ হাতলৈ । পেপ গাৰ্ডিঅ'লাৰ তত্বাৱধানত অশ্বমেধত নামি পৰিছে যেন চিটি । যি চিটিক আগন্তুক দুটা-তিনিটা বৰ্ষতো হয়তো ৰোধ কৰা অসম্ভৱ হৈ পৰিব আন ফুটবল দলবোৰৰ বাবে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in