অপ্ৰতিৰোধ্য মানচেষ্টাৰ চিটি, প্ৰিমিয়াৰ লীগৰ পাছত চেম্পিয়নছ লীগতো একেই পৰাক্ৰম...

অপ্ৰতিৰোধ্য মানচেষ্টাৰ চিটি, প্ৰিমিয়াৰ লীগৰ পাছত চেম্পিয়নছ লীগতো একেই পৰাক্ৰম...

ডিজিটেল ডেস্ক : অপ্ৰতিৰোধ্য মানচেষ্টাৰ চিটি । যেন এজাক গ্লেডিয়েটৰ । ৰোমান ৰজাই ৰং চাবৰ বাবে খেলপথাৰত নমাই দিছে সকলোৰে হাতত অস্ত্ৰ দি । ফুটবল জগতত মানচেষ্টাৰ চিটিৰ ইতিহাস বহু পুৰণি যদিও কালক্ৰমত মধ্য প্ৰাচ্যৰ ধন বিনিয়োগকাৰীৰ হাতলৈ ইয়াৰ মালিকীস্বত্ব: যোৱাৰ বাবে হৰুৱাব লগীয়া হৈছিল পূৰ্বৰ জনপ্ৰিয়তা ।

কিন্তু শেহতীয়াকৈ প্ৰতিজন খেলুৱৈয়ে কৰা কষ্টৰ ফলত ক্লাবটো পুনৰ ঠন ধৰি উঠিছে । বৃদ্ধি হৈছে অনুৰাগীৰ সংখ্যা, ফলাফলো পূৰ্বৰ তুলনাত খুবেই উন্নতমানৰ । হালাণ্ড, ডি ব্ৰুইন, আলভাৰেজ, ফ'ডেন, গ্ৰিলিশ্ব, মাহৰেজ, ৰুবেন ডিয়াজ, অৰ্টেগা আদি খেলুৱৈৰে শক্তিশালী দলটো । এনে এটা দলক হৰুৱাবলৈ লাগে এক সঠিক পৰিকল্পনা যি মাজ খেলপথাৰত তচনচ কৰি দিব পাৰে মানচেষ্টাৰ চিটিৰ ছন্দ । হয়তো ২০১২-১৩ বৰ্ষৰ বাৰ্চিলোনা অথবা ৰিয়েল মাদ্ৰিদৰ বাবে সম্ভৱ আছিল এইয়া । অথবা বেয়াৰ্ন মিউনিখৰ বাবেও ।

কিন্তু ২০২৩ত হয়তো সম্ভৱ নহয় এটাও ক্লাবৰ বাবে । সেই প্ৰমাণ ইতিমধ্যেই দিলে বেয়াৰ্ন মিউনিখে । চেম্পিয়নছ লীগৰ দ্বিতীয় লেগত ১-১ ড্ৰ খেলি বেয়াৰ্ন মিউনিখ মানচেষ্টাৰ চিটিৰ হাতত সামগ্ৰিকভাৱে পৰাস্ত হ'ল ৪-১ৰ ব্যৱধানত ।

উল্লেখ্য যে সমগ্ৰ খেলখনত ৱেয়াৰ্নে আধিপত্য জমাই ৰাখিলেও শেষ হাঁহি মাৰিলে মানচেষ্টাৰ চিটিয়ে । এতিয়া সন্মুখত স্পেইন আৰু ইটালীৰ প্ৰতিপক্ষ ক্লাব । কাৰ হাতলৈ যাব চেম্পিয়নছ লীগৰ খিতাপ ?

অপ্ৰতিৰোধ্য মানচেষ্টাৰ চিটি, প্ৰিমিয়াৰ লীগৰ পাছত চেম্পিয়নছ লীগতো একেই পৰাক্ৰম...
নিজৰ দেশতেই বোমা পেলালে ৰাছিয়ান ফাইটাৰ জেটে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in