Advertisment

মনু ভাকেৰ, গুকেশ ডিসহ মুঠ চাৰিজনলৈ ২০২৪ বৰ্ষৰ খেলৰত্ন বঁটা...

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগে ঘোষণা কৰিলে ২০২৪ বৰ্ষৰ মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা। মনু ভাকেৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমপ্ৰীত সিং, বিশ্ব দবা চেম্পিয়ন গুকেশ ডি আৰু পেৰা অলিম্পিকত সোণৰ পদক বিজয়ী প্ৰবীন কুমাৰলৈ আগবঢ়োৱা হৈছে এই বঁটা।

author-image
Asomiya Pratidin
New Update
মনু ভাকেৰ, গুকেশ ডিসহ মুঠ চাৰিজনলৈ ২০২৪ বৰ্ষৰ খেলৰত্ন বঁটা...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগে ঘোষণা কৰিলে ২০২৪ বৰ্ষৰ মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা। সেই অনুসৰি টকিঅ অলিম্পিকত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰা মনু ভাকেৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমপ্ৰীত সিং, বিশ্ব দবা চেম্পিয়ন গুকেশ ডি আৰু পেৰা অলিম্পিকত সোণৰ পদক বিজয়ী প্ৰবীন কুমাৰলৈ আগবঢ়োৱা হৈছে এই বঁটা।

Advertisment

উল্লেখ্য যে, অহা ১৭ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব।

 মনু ভাকেৰ আৰু খেলৰত্ন বঁটা বিতৰ্ক

এইবাৰ খেলৰত্ন বঁটাৰ বাবে প্ৰথমে মনু ভাকেৰৰ নাম বাদ পৰাক লৈ বিতৰ্কৰো সূচনা হৈছিল। খেলৰত্ন বঁটাৰ বাবে প্ৰেৰণ কৰা খেলুৱৈৰ তালিকাত নাছিল মনু ভাকেৰৰ নাম।

ক্ৰীড়া মন্ত্ৰণালয়ৰ বিষয়াসকলে দাবী কৰিছিল শ্বুটাৰ মনু ভাকেৰে এই বঁটাৰ বাবে আবেদনেই কৰা নাই। ইয়াৰ বিপৰীতে মনুৰ পিতৃয়ে এই বঁটাৰ বাবে আবেদন কৰা বুলি দাবী কৰিছিল।

এনে বিতৰ্কিত পৰিস্থিতিতে মনু ভাকেৰেও মুখ খুলিছিল। তেওঁ এক ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ আগত এই প্ৰসংগত সোধা এক প্ৰশ্নৰ উত্তৰত কৈছিল খেলৰত্ন বঁটাৰ তালিকাত তেওঁৰ নাম নথকাক লৈ তেওঁ অলপ দুখী অনুভৱ কৰিছো।

তেওঁ কৈছিল, এজন নাগৰিক হিচাপে আৰু এজন খেলুৱৈ হিচাপে যিমান পাৰো কঠোৰ পৰিশ্ৰম কৰি পদক অৰ্জন কৰিব বিচাৰো। এইবাৰ খেলৰত্ন বঁটা পাম বুলি আশা কৰিছিলোঁ।

পেৰিছ অলিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টৰ লগতে মিক্সড ডাবলছতো ১০ মিটাৰ এয়াৰ পিষ্টল ইভেইণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মনু ভাকেৰ। তাৰ পূৰ্বে তেওঁ ২০২২ ৰ এছিয়ান গেমছতো ২৫ মিটাৰ পিষ্টল ইভেণ্টত সোণৰ পদক অৰ্জন কৰিছিল।

হৰমনপ্ৰীত সিং

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটোৱেও ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। এই হকী দলটোৰ অধিনায়ক আছিল হৰমনপ্ৰীত সিং। পঞ্জাৱৰ এইগৰাকী হকী খেলুৱৈৰ পিতৃও আছিল অলিম্পিয়ান। ভাৰতীয় হকী দলটোৰ ডিফেণ্ডাৰ আৰু ড্ৰেগ ফ্লিকাৰ হিচাপে হৰমনপ্ৰীত সিঙে দলৰ স্কৰিং শক্তিক শক্তিশালী কৰিছে।

হৰমনপ্ৰীতৰ নেতৃত্বতে ভাৰতে ২০২১ ত টকিঅত অনুষ্ঠিত হোৱা অলিম্পিকতো ৪১ বছৰীয়া ব্যৰ্থতা ভংগ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল। সেই অলিম্পিকত হৰমনপ্ৰীত সিঙে মুঠ ৬ টা গল স্কৰ কৰি ভাৰতৰ শীৰ্ষ গল স্কৰাৰ আছিল।

গুকেশ ডি

সদ্য সমাপ্ত বিশ্ব দবা চেম্পিয়নশ্বিপত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি ভাৰতৰ গ্ৰেণ্ড মাষ্টাৰ ডোমৰাজু গুকেশ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ইয়াৰ লগে লগে তেওঁ হৈ পৰে বিশ্বৰ সৰ্বকনিষ্ঠ দবা চেম্পিয়ন। 

মাত্ৰ ১৮ বছৰ বয়সতে ডি গুকেশে চীনৰ প্ৰতিদ্বন্দি ডিং লিৰেনক পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰে। ২০১২ চনত বিশ্বনাথন আনন্দৰ পিছত বিশ্ব দবা চেম্পিয়নৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয়ত পৰিণত হৈছে গুকেশ।

দেশৰ দবাক্ষেত্ৰৰ লগতে গুকেশৰ বাবেও ২০২৪ বছৰটো আছিল এটা সাফল্যৰ বছৰ৷তেওঁ বিশ্ব দবা চেম্পিয়নশ্বিপৰ পূৰ্বে দবা অলিম্পিয়াডতো স্বৰ্ণপদক জয় কৰিছিল। এনে কৃতিত্বৰ অধিকাৰ দ্বিতীয়গৰাকী ভাৰতীয়৷

ভাৰতৰ কিংবদন্তী দবা খেলুৱৈ তথা প্ৰাক্তন গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দ এনে কৃতিত্বৰ অধিকাৰী প্ৰথমগৰাকী ভাৰতীয়। আনন্দে মুঠ ৫ বাৰকৈ বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰিছিল।

প্ৰবীন কুমাৰ

প্ৰবীণ কুমাৰে ২০২৪ চনৰ পেৰিছ পেৰা লিম্পিকত পুৰুষৰ হাই জাম্পৰ টি৬৪ শ্ৰেণীত এছিয়ান অভিলেখ গঢ়ি স্বৰ্ণ পদক জয় কৰিছে। ২১ বছৰীয়া ভাৰতীয় পেৰা এথলিটগৰাকীয়ে ফাইনেলত ২.০৮ মিটাৰ উচ্চতা জপিয়াবলৈ সক্ষম হৈছিল।

প্ৰবীন কুমাৰে টকিঅ অলিম্পিকতো সেই সময়ৰ এছিয়ান ৰেকৰ্ড ভংগ কৰি ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল। 

ইয়াৰোপৰি ২০২৩ ৰ ২৩ অক্টোবৰত চীনৰ হাংঝৌ চহৰত অনুষ্ঠিত হোৱা এছিয়ান পেৰা গেমছত পুৰুষৰ হাই জাম্পৰ টি৬৪ ইভেণ্টত সোণৰ পদক অৰ্জন কৰাৰ উপৰিও ভংগ কৰিছিল এছিয়ান গেমছৰ ২.০২ মিটাৰৰ ৰেকৰ্ড।

খেলৰত্ন বঁটা