এটা ভাল খবৰলৈ অপেক্ষা কৰিব লাগিব আজি নিশা ১ বজালৈ…

এটা ভাল খবৰলৈ অপেক্ষা কৰিব লাগিব আজি নিশা ১ বজালৈ…

author-image
asomiyapratidin
New Update
এটা ভাল  খবৰলৈ অপেক্ষা কৰিব লাগিব আজি নিশা ১ বজালৈ…

ডিজিটেল ডেস্ক: এটা ভাল খবৰৰ বাবে অসমবাসী আজি উজাগৰে থাকিব লাগিব। সকলো ঠিকে ঠাকে থাকিলে নিশা ১ মান বজাত আহিব সেই সু খবৰ। আপুনি হয়তো ভাবিছে কি ভাল খবৰ আহিব এই ৰাতি।

Advertisment

ৱাৰ্মিংহামৰ পৰা আহিব এই খবৰ। কেৱল অসমৰ বাবে নহয়, সমগ্ৰ দেশৰ বাবে হ'ব এয়া সু খবৰ। আজি আছে লাভলীনা বৰগোঁহাইৰ খেল। ৭০ কেজি শাখাত লাভলীনা বৰগোঁহাই ৰিঙত নামিব।

ইতিমধ্যে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জয়ী হৈ আত্ম বিশ্বাস বাঢ়িছে লাভলীনাৰ। আজি বাউটত নামিব লগা লাভলীনাৰ প্ৰতিদ্বন্দ্বি হ'ব ৱেলছৰ ৰজী একলেছ। শক্তিশালী প্ৰতিদ্বন্দ্বি ৰজী। প্ৰথমখন খেলত অৰ্থাত প্ৰি কোৱাৰ্টাৰত বাই পোৱা সূত্ৰে এইবাৰ কমনৱেলথ গেছমত এইখনেই তেওঁৰ প্ৰথম খেল।

যোৱাবাৰ কমনৱেলথ গেমচত ৰূপৰ পদক লাভ কৰিছিল ৰজীয়ে। আঘাতৰ বাবে টকিঅ অলিম্পিক খেলিব পৰা নাছিল তেওঁ। ২০১৬ চনত ইউৰোপিয়ান চেম্পিয়নশ্বিপতো ৰূপৰ পদক লাভ কৰিছিল ৰজীয়ে। এই খেল হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা পূৰ্ণ।

নিশা ১২ বাজি ৩০ মিনিটত আছে খেল। লাভলীনাৰ খেল মানেই উত্তেজনা। অসম বাসীৰ থাকে সদায় শুভেচ্ছা। আজিও সেই শুভেচ্ছা আৰু আশাৰে ৰৈ থাকিব অসমবাসী। কিজানি আহেই সুখবৰ মাজৰাতি। কিয়নো বক্সিঙত চেমি ফাইনেললৈ পোৱা মানেই ব্ৰঞ্জৰ পদক নিশ্চিত। তাৰ পাছত আহিব ৰূপ বা সোণৰ পদকৰ কথা। দেশবাসীয়ে ভাৱে অলিম্পিকৰ দৰে চমক সৃষ্টিয়ে লাভলীনাই কমনৱেলথ গেমছত ৰচিব ইতিহাস। নহয়নমনিৰ পাছত এতিয়া সকলোৰে মুখত লাভলীনা।

আৰু পঢ়ক: সলনি কৰক হোৱাটচ এপৰ ডিপি…

commonwealth games 2022 Rosie Eccles lovline borgohain