পঞ্জাৱত অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় ভাৰত্তোলনত খাগৰিজান কলেজৰ ছাত্ৰৰ সফলতা...

পঞ্জাৱত অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় ভাৰত্তোলনত খাগৰিজান কলেজৰ ছাত্ৰৰ সফলতা...

author-image
Asomiya Pratidin
New Update
পঞ্জাৱত অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় ভাৰত্তোলনত খাগৰিজান কলেজৰ ছাত্ৰৰ সফলতা...

পঞ্জাৱত অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় ভাৰত্তোলনত খাগৰিজান কলেজৰ ছাত্ৰৰ সফলতা...

ডিজিটেল সংবাদ বেবেজীয়া: নগাঁও জিলাৰ খাগৰিজান মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ লক্ষীন্দ্ৰ বৰুৱাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক লাভেৰে মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে, লক্ষীন্দ্ৰ বৰুৱাই যোৱা ২১ ফেব্ৰুৱাৰী ২০২৩ ৰ পৰা ২৪ ফেব্ৰুৱাৰী ২০২৩ লৈ পাঞ্জাৱৰ গুৰুকাশী বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় ভাৰোত্তোলন প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক অর্জনেৰে মহাবিদ্যালয় তথা নগাঁওবাসীৰ লগতে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছে।

ছাত্ৰজনে ইয়াৰ পূৰ্বে অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় ভাৰোত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক অর্জনেৰে 'ষ্ট্ৰং মেন'(Strong Man) খিতাপ দখল কৰিবলৈ সক্ষম হয়। ছাত্ৰজনৰ এই সাফল্যত মহাবিদ্যালয় পৰিয়াল উৎফুল্লিত হৈ পৰাৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ৰমেশ নাথে তেওঁক শুভেচ্ছা জ্ঞাপন কৰি ভৱিষ্যতে অধিক আগুৱাই যাবলৈ মন্তব্য আগবঢ়ায় । লক্ষীন্দ্ৰ বৰুৱা প্ৰয়াত ক্ষেত্ৰ বৰুৱা আৰু নিজুমণি বৰুৱাৰ পুত্ৰ।

Also Read: সম্পন্ন হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহঃ ৫৮,৯০৩ গৰাকীক বিভিন্ন ডিগ্ৰী প্ৰদান...

খাগৰিজান কলেজ গুৱাহাটী বিশ্ববিদ্যালয়