কুশল কলিতা, মাধৱ দাস সোঁৱৰণী প্ৰাইজমানি ক্ৰিকেটত বাবু ইলেভেন চূড়ান্ত বিজয়ী

জোনবাই ক্লাৱৰ উদ্যোগত অনুষ্ঠিত প্ৰয়াত কুশল কলিতা আৰু মাধৱ দাস সোঁৱৰণী প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাত বাবু ইলেভেন চূড়ান্ত বিজয়ী হয়। প্ৰতিযোগিতাত মুঠ ১৬ টা দলৰ অংশগ্ৰহণ।

author-image
Tushar Pratim
New Update
কুশল কলিতা, মাধৱ দাস সোঁৱৰণী প্ৰাইজমানি ক্ৰিকেটত বাবু ইলেভেন চূড়ান্ত বিজয়ী

ডিজিটেল সংবাদ হাজোঃ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত জাপিয়া সমন্ধয় ক্ষেত্ৰ প্ৰাংগণত জোনবাই ক্লাৱৰ উদ্যোগত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাখনৰ সফল সামৰণি পৰিছে। প্ৰয়াত কুশল কলিতা আৰু মাধৱ দাস সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাত অসমৰ আগশাৰীৰ মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰে।

আজি অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত জাপিয়া বাবু ইলেভন ক্লাৱে ইয়ঙ ক্লাৱক তেৰ ৰাণত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান লাভ কৰে। মেচখনত প্ৰথমে বেটিং কৰি বাবু ইলেভেন ক্লাৱে নিৰ্ধাৰিত অভাৰত ১১৩ ৰাণ কৰে।

ইয়াৰ বিপৰীতে ইয়ঙ ক্লাৱে নিৰ্ধাৰিত লক্ষ্য আগত লৈ ১০০ ৰাণহে কৰিবলৈ সক্ষম হয়। খেলৰ অন্তত সমাজকর্মী অনন্ত কলিতাৰ সভাপতিত্বত বঁটা বিতৰণী সভাখন অনুষ্ঠিত হয়। এই বঁটা বিতৰণী সভাত অঞ্চলটোৰ প্ৰাক্তন খেলুৱৈ অৰবিন্দ কলিতা, প্রভাত কলিতা, ৰবি মজুমদাৰ, কাৰ্তিক কলিতাই খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে।

সম্পাদক জগদীশ কলিতাই আঁতধৰা সভাত শলাগৰ শৰাই আগবঢ়াই মৃনাল কলিতা আৰু পৰশ কলিতাই। 

হাজো ক্ৰিকেট