/asomiyapratidin/media/media_files/2024/12/04/mkHr2VmESdWOMAAZWH7l.png)
ডিজিটেল ডেস্কঃ ''দলৰ স্বাৰ্থত মই যিকোনো স্থানত খেলিবলৈ সাজু আছো। মই কেৱল মূল একাদশত থাকিবলৈ বিচাৰো।''– এডিলেইডত খেলিবলগীয়া দিবা-নৈশ টেষ্টৰ পূৰ্বে এইদৰে ক'লে কে এল ৰাহুলে।
ৰাহুলৰ এই মন্তব্য কেৱল দলীয় মেনেজমেণ্টৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, তেওঁৰ বেটিং ক্ৰমক লৈ সামাজিক মাধ্যমত চলি থকা বিতৰ্কৰ বাবেও উল্লেখনীয়। ৰাহুলে এই মন্তব্যৰ জৰিয়তে একপ্ৰকাৰে বুজাই দিছে তেওঁক যদি দলে অপেনাৰ হিচাপে দায়িত্ব দিয়ে সেই দায়িত্ব পালনৰ বাবেও সাজু, অথবা মিডল অৰ্ডাৰত খেলিবলৈ দিলেও সাজু। মুঠতে ৰাহুলে খেলিব বিচাৰে।
কে এল ৰাহুলক লৈ সামাজিক মাধ্যমত চৰ্চা তীব্ৰতৰ হৈছে। দীৰ্ঘদিনৰ অন্তত টেষ্টত অপেনিং কৰাৰ সুযোগ লাভ কৰিছিল ৰাহুলে। ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত কে এল ৰাহুলে যি দায়িত্বসহকাৰে বেটিং কৰিলে তাৰ ওপৰত ভিত্তি কৰি বহুতেই এডিলেইডত ৰাহুলেই অপেনিং কৰাটো বিচাৰিছে।
ৰোহিত শৰ্মাৰ অনুপস্থিতিত অপেনিং কৰা ৰাহুলক পুনৰ সেই স্থানত বিচাৰিছে অনুৰাগীয়ে। সামাজিক মাধ্যমৰ এনে চৰ্চাৰ মাজতে অধিনায়ক ৰোহিত শৰ্মায়ো অনুভৱ কৰিছে ৰাহুলে পাৰ্থত যিদৰে বেটিং কৰিছিল সেইদৰেই তেওঁ দিবা-নৈশ টেষ্টতো অপেনিং কৰা উচিত।
চৰ্চা অনুসৰি ৰোহিতে এডিলেইডত মিডল অৰ্ডাৰত খেলাৰে সম্ভাৱনা অধিক। অৱশ্যে দলীয় মেনেজমেণ্টে এই বিষয়ে এতিয়াও কোনো স্পষ্ট ইংগিত দিয়া নাই।
এনে চৰ্চাৰ মাজতে বুধবাৰে এখন সংবাদ মেলত ৰাহুলক এই বিষয়ে প্ৰশ্ন কৰা হৈছিল। এই প্ৰশ্নৰ উত্তৰত ৰাহুলে কয়, মই কেৱল প্ৰথম একাদশত থাকিবলৈ বিচাৰো। তাৰ বাবে যি যি কৰিব লাগে কৰিম। যতেই খেলিব লাগে মই খেলিম।
ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম প্ৰতিভাৱান বেটছমেনগৰাকীয়ে অৱশ্যে এই কথাও স্বীকাৰ কৰিছে যে তেওঁৰ বেটিং ক্ৰম সঘনে সলনি হোৱাৰ বাবে তেওঁৰ অসুবিধাও হৈছে। তেওঁ কয়, "মই বহুতো স্থানত খেলিছো। আগতে, এইটো প্ৰত্যাহ্বানজনক আছিল। টেকনিকেলি এয়া প্ৰত্যাহ্বানজনক নহয় যদিও মানসিকভাৱে প্ৰত্যাহ্বানজনক। মই প্ৰথম ২০-২৫ টা বল কেনেদৰে খেলিব লাগে সেই বিষয়ে ভাবিব লগা হৈছিল।
মন কৰিবলগীয়া যে, ৰোহিত শৰ্মাৰ আগমণে আৰু শুভমণ গিলৰ সুস্থতাই দলৰ পৰা মেনেজমেণ্টে কাক বাদ দিব তাক লৈয়ো প্ৰশ্নৰ সৃষ্টি হৈছে। অৱশ্যে দলীয় মেনেজমেণ্টে ইংগিত দিছে এডিলেইডত ৰাহুলে মূল একাদশত স্থান লাভ কৰিব। অৱশ্যে দলত একাধিক পৰিবৰ্তন যে হব সেয়াও নিশ্চিত।
দিবা-নৈশি এই টেষ্টলৈ আকাশদ্বীপো ঘূৰি অহাৰ সম্ভাৱনা আছে। যদি তেওঁৰ আগমণ ঘটে তেন্তে হৰ্ষিত ৰাণা দলৰ পৰা বাদ পৰিব পাৰে। তাৰোপৰি ৱাশ্বিংটন সুন্দৰ আৰু ৰবি অশ্বিনৰ মাজৰো যিকোনো এজনেহে খেলাৰ সম্ভাৱনা আছে। অৱশ্যে এডিলেইডত অশ্বিনৰ ৰেকৰ্ড যথেষ্ট ভাল। সেয়ে প্ৰশিক্ষক গম্ভীৰৰ প্ৰথম পচন্দ নিশ্চয়কৈ অশ্বিনেই হ’ব।