IPL-2024 ৰ ফাইনেলত কলকাতা নাইটৰাইডাৰ্ছ...

সহজে পৰাস্ত এছ আৰ এইছ
IPL-2024 ৰ ফাইনেলত কলকাতা নাইটৰাইডাৰ্ছ...
IPL-2024 ৰ ফাইনেলত কলকাতা নাইটৰাইডাৰ্ছ...

ডিজিটেল ডেস্কঃ আই পি এল-২০২৪ ৰ ফাইনেলত প্ৰৱেশ কৰিলে কলকাতা নাইটৰাইডাৰ্ছ। আহমেদাবাদত আজি প্ৰথমখন কোৱালিফায়াৰছত কলকাতা আৰু হায়দৰাবাদ মুখামুখী হয়। মেচখনৰ আৰম্ভণিতে টছত জয়ী হৈ হায়দৰাবাদে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

প্ৰথমবাৰৰ বাবে এইবাৰ আই পি এলত প্ৰথমে বেটিং কৰি বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। দলটোৱে প্ৰথমে বেটিং কৰি মাত্ৰ ১৫৯ ৰাণহে কৰিবলৈ সক্ষম হয়। দলটোৰ বিধ্বংসী বেটছমেন ট্ৰেভিছ হেডে শূন্যত আউট হোৱাৰ বিপৰীতে অভিষেক শৰ্মাই ৪ বলত ৩ ৰাণ কৰে। সেইদৰে নীতিশ কুমাৰে ৯ ৰাণ, ক্লাছেনে ৩২ ৰাণ কৰে। ৰাহুল ত্ৰিপাঠিয়ে সৰ্বাধিক ৫৫ ৰাণ কৰে। পেট কামিংছৰ বেটৰ পৰা আহে গুৰুত্বপূৰ্ণ ৩০ ৰাণ।

দলটোৰ এনে বেটিং বিপৰ্যয়ৰ মূলতে আছিল এছ আৰ এইছৰ মিছেল ষ্টাৰ্ক। ষ্টাৰ্কে ৩ টা উইকেট লাভ কৰে। সেইদৰে বৰুণ চক্ৰৱৰ্তীয়ে ২ টা আৰু বৈভৱ আৰুৰা, হৰ্ষিত ৰাণা, সুনীল নাৰেইন আৰু ৰাছেলে এটাকৈ উইকেট লাভ কৰে।

১৬০ ৰাণৰ লক্ষ্য লৈ খেল পথাৰত নমা কলকাতাই ১৩.৪ অভাৰতে ১৬৪ ৰাণ কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ ৰহমুল্লাহ গুৰবাজে ২৩, সুনীল নাৰেইনে ২১, ভেংকটেশ আয়াৰে ৫১, শ্ৰেয়াস আয়াৰে ৫৮ ৰাণ কৰে। এছ আৰ এইছৰ হৈ টি নটৰাজন আৰু পেট কামিংছে এটাকৈ উইকেট লাভ কৰে।

IPL-2024 ৰ ফাইনেলত কলকাতা নাইটৰাইডাৰ্ছ...
বৰ্ষাপাৰাত মেচ বাতিলৰ পাছতে সিদ্ধান্ত, দৰ্শকক ঘূৰাই দিব টিকটৰ মূল্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in