খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ অষ্টলক্ষ্মীৰ উদ্বোধনী অনুষ্ঠানত গীত গাব পাপনে...

খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ অষ্টলক্ষ্মীৰ উদ্বোধনী অনুষ্ঠানত গীত গাব পাপনে...
খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ অষ্টলক্ষ্মীৰ উদ্বোধনী অনুষ্ঠানত গীত গাব পাপনে...

ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত ‘চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ অষ্টলক্ষ্মী’ৰ উদ্বোধনী অনুষ্ঠান অহা ১৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। উল্লেখ্য যে পৰম্পৰা আৰু গ্লেমাৰৰ প্ৰয়োভৰ ঘটিব লগা সাংগীতিক বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত গীত পৰিবেশন কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ কণ্ঠশিল্পী পাপন অংগৰাগ মহন্তই৷

উদ্যোক্তাসকলে জনোৱা অনুসৰি এই উদ্বোধনী অনুষ্ঠানত সকলো ক্ৰীড়া প্ৰেমী ৰাইজে আংশগ্ৰহণ কৰি উপভোগ কৰিব পাৰিব। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বৰ্ণময় সংস্কৃতি, ঐতিহ্য, প্ৰযুক্তিৰ সামাহাৰ ঘটিব লগা এই উদ্বোধনী অনুষ্ঠানত দেশৰ ঐক্য, বৈচিত্ৰ আৰু ক্ৰীড়া মনোভাৱৰ মূল্যবোধক প্ৰতিফলিত কৰি তোলা বিষয়ভিত্তিক প্ৰদৰ্শনীও ষ্টেডিয়ামৰ মধ্যভাগত স্থাপন কৰা মঞ্চত প্ৰদৰ্শন কৰা হ’ব৷

আনহাতে, উদ্বোধনী অনুষ্ঠান ১৯ ফেব্ৰুৱাৰীত হ’ব যদিও শনিবাৰৰ পৰাই সৰুসজাই ষ্টেডিয়ামত পুৰুষ-মহিলাৰ কাবাডী প্ৰতিযোগিতাৰে অসমত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আনুষ্ঠানিকভাৱে আৰম্ভনি হৈছে৷ উল্লেখ্য যে উভয় শাখাতে আঠখনকৈ বিশ্ববিদ্যালয়ে অংশ লৈছে আৰু আজি গ্ৰুপ মেচসমূহ অনুষ্ঠিত হয়৷

দেওবাৰৰ পৰা অসমত বাস্কেটবল, মহিলাৰ ফুটবল আৰু মাল্লখম্ব আৰম্ভ হোৱাৰ বিপৰীতে আগৰতলাত যোগাসন আৰু আইজলত পুৰুষৰ ফুটবল আৰম্ভ হ’ব৷ উল্লেখ্য যে এইবাৰৰ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত মুঠ ২০ বিধ খেলত ২৬২ টা সোণ, ২৬৩ টা ৰূপ আৰু ২৯৭ টা ব্ৰঞ্জৰ পদকৰ বাবে প্ৰায় চাৰি হাজাৰ ক্ৰীড়াবিদে প্ৰতিদন্দিতা কৰিব৷

গুৱাহাটীসহ উত্তৰ-পূবৰ আন সাতখন চহৰৰ ১৮টা স্থানত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ এই গেমছত যি ২০ বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে তাৰে ১৬ বিধ খেল আয়োজন কৰিব অসমে৷ আনহাতে, মেঘালয়ত আৰ্চাৰী, ত্ৰিপুৰাত যোগাসন, নাগালেণ্ডত মল্লযুঁজ, অৰুণাচল প্ৰদেশত ভাৰোত্তোলন, ছিকিমত পুৰুষ বক্সিং আৰু মিজোৰামত পুৰুষৰ ফুটবল অনুষ্ঠিত হ’ব৷ ইফালে, অসমত হ’বলগা ইভেণ্টসমুহ হ’ল- এথলেটিকছ, ৰাগবি, ভলীবল, বাস্কেটবল, সাঁতোৰ, বেডমিণ্টন, হকী, ফেন্সিং, কাবাদী, টেনিছ, জুডো, টেবুল টেনিছ, মাল্লখম্ব, শ্বুটিং আৰু মহিলাৰ ফুটবল তথা বক্সিং৷

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ লগতে ভেটাপাৰাৰ হকী ষ্টেডিয়াম, কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জ, ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প, আমিনগাঁও ইনড’ৰ ষ্টেডিয়াম, চচল টেনিছ প্ৰকল্প, ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়াম অসমত অনুষ্ঠিত হ'বলগীয়া খেলসমূহ অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাখনত অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৬ জনীয়া এটা দলে অংশগ্ৰহণ কৰাৰ বিপৰীতে মণিপুৰ বিশ্ববিদ্যালয়ে সৰ্বাধিক ১৯ গৰাকী খেলুৱৈৰ দল প্ৰেৰণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৰ্বাধিক খেলুৱৈৰে সমৃদ্ধ ৰাজ্য হিচাপে পৰিগণিত হৈছে।

প্ৰতিযোগিতাখনত অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ে সৰ্বাধিক ২৩৮ জন সদস্যৰে গঠিত দল প্ৰেৰণ কৰাৰ বিপৰীতে চণ্ডীগড় বিশ্ববিদ্যালয়ে ১৬৫ জনীয়া দল, পাঞ্জাব বিশ্ববিদ্যালয়ে ১৫১ জনীয়া খেলুৱৈৰ দল প্ৰেৰণ কৰিছে৷ পঞ্জাৱৰ মুঠ ১০খন বিশ্ববিদ্যালয়ে যোগদান কৰাত ৰাজ্য হিচাপে পঞ্জাৱৰে সৰ্বাধিক খেলুৱৈৰ দল হিচাপে পৰিগনিত হৈছে৷

উল্লেখযোগ্য যে ২০১৮ চনৰ পৰা কেন্দ্ৰীয় ক্ৰীড়া বিভাগে ছয়খন খেলো ইণ্ডিয়া ইউথ গেমছ, তিনিখন খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ আৰু চাৰিখন খেলো ইণ্ডিয়া শীতকালীন গেমছ আৰু বিভিন্ন ক্ৰীড়াত একাধিক খেলো ইণ্ডিয়া মহিলা লীগৰ আয়োজন কৰি আহিছে৷

যোৱা ডিচেম্বৰত প্ৰথমবাৰৰ বাবে নতুন দিল্লীত অনুষ্ঠিত হৈছিল খেলো ইণ্ডিয়া পেৰা গেমছ৷ ২০১৬-২০২৩ বৰ্ষত খেলো ইণ্ডিয়া আঁচনিৰ বাবে মুঠ ২৪১৮ কোটি টকা আবণ্টন দিয়া হৈছে আৰু অনাগত পাঁচ বছৰৰ বাবে ৩১৬৫ কোটি টকা এই আঁচনিৰ বাবে ব্যৱস্থা কৰা হৈছে৷

খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ অষ্টলক্ষ্মীৰ উদ্বোধনী অনুষ্ঠানত গীত গাব পাপনে...
উজনিমুৱা লাচিত এক্সপ্ৰেছে মহটিয়াই নিলে এল্ট': থিতাতে নিহত চালক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in