ৱৰ্ল্ড কাৰাটে চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত যোৰহাটৰ কস্তুৰী কলিতা...

গুৱাহাটীত অভিৰুচি দিৱসত জনাব সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
ৱৰ্ল্ড কাৰাটে চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত যোৰহাটৰ কস্তুৰী কলিতা...

ৱৰ্ল্ড কাৰাটে চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত যোৰহাটৰ কস্তুৰী কলিতা...

ডিজিটেল সংবাদ যোৰহাটঃ যোৰহাটৰ ক্ৰীড়া জগতৰ বাবে এটি ভাল। সুদূৰ ইটালীৰ ভেনিচত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড কাৰাটে চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হৈছে যোৰহাটৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈ কস্তুৰী কলিতা।

Advertisment

ইটালীৰ ভেনিচত অহা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ত্ৰয়োদশ ৱৰ্ল্ড কাৰাটে চেম্পিয়নশ্বিপ-২০২৪ত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হোৱাত কস্তুৰী কলিতাৰ লগতে যোৰহাটৰ ক্ৰীড়া সমাজৰ লগতে ক্ৰীড়া প্ৰেমীসকল আনন্দিত হৈ পৰিছে। যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ বিজ্ঞান শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী কস্তুৰী কলিতা যোৰহাট মালৌআলি কমলাবৰীয়াৰ নিবাসী সঞ্জয় কলিতা আৰু ৰঞ্জিতা হাজৰিকা কলিতাৰ একমাত্ৰ কন্যা।

কস্তুৰী কলিতাই ইয়াৰ পূৰ্বেও ভূটানৰ ৰাজধানী থিম্পুত অনুষ্ঠিত হোৱা অষ্টম দক্ষিণ এছিয়ান কাৰাটে ফেডাৰেচন চেম্পিয়নশ্বিপ-২০২৪ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ উপৰিও ফিলিপাইনচৰ মেনিলাত অনুষ্ঠিত এছিয়ান কাৰাটে-২০২৪ত অংশগ্ৰহণ কৰি পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

বৰ্তমান কস্তুৰী কলিতাৰ এছিয়ান ৰেংক হৈছে পঞ্চম আৰু বিশ্ব ৰেংক হৈছে ৪৮। উল্লেখযোগ্য যে এইগৰাকী উদীয়মান খেলুৱৈক গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন অনুষ্ঠানত উদযাপন সমিতিয়ে ৰাজহুৱা সম্বৰ্ধনা জনাব বুলি কস্তুৰী কলিতালৈ ইতিমধ্যে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰাত পৰিয়ালটি আনন্দিত হৈছে।

Also Read: ৰাজনৈতিক আশীৰ্বাদ নে নিজা দক্ষতা, কাৰ বলত ICC ৰো অধ্যক্ষ হ'ল জয় শ্বাহ?

কস্তুৰী কলিতা কাৰাটে