Advertisment

তিতাবৰত কাৰাটে প্ৰশিক্ষণ শিবিৰ আৰু বেল্ট গ্ৰেডিং পৰীক্ষা সম্পন্ন

চেইক কাই কাৰাটে ইণ্টাৰনেচনেল ইণ্ডিয়া,অসমৰ উদ্যোগত তিতাবৰ বোকাহোলাৰ কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰত কাৰাটে প্ৰশিক্ষণ শিবিৰ আৰু বেল্ট গ্ৰেডিং পৰিক্ষা দেওবাৰে বিয়লি সফলতাৰে সম্পন্ন হৈ যায়।

author-image
Asomiya Pratidin
New Update
কাৰাট

ডিজিটেল সংবাদ বেকাজানঃ চেইক কাই কাৰাটে ইণ্টাৰনেচনেল ইণ্ডিয়া,অসমৰ উদ্যোগত তিতাবৰ বোকাহোলাৰ কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে কাৰাটে প্ৰশিক্ষণ শিবিৰ আৰু বেল্ট গ্ৰেডিং পৰিক্ষা দেওবাৰে বিয়লি সফলতাৰে সম্পন্ন হৈ যায়।তিতাবৰৰ ৬ টা প্ৰশিক্ষণ কেন্দ্ৰৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিবিৰটোত প্ৰশিক্ষণ প্ৰদান কৰে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হেমফু বংজাঙে। 

Advertisment

বেল্ট গ্ৰেডিং পৰীক্ষাত পৰীক্ষক হিচাপে উপস্থিত থাকে চেইক কাই কাৰাটে ইণ্টানেছনেল  ইণ্ডিয়া, অসম শাখাৰ মুখ্য প্ৰশিক্ষক নগেন বংজাঙ। বেল্ট গ্ৰেডিং পৰিক্ষাত ৮০ গৰাকী খেলুৱৈ সফলতাৰে উত্তীৰ্ণ হয়।

প্ৰশিক্ষণ শিৱিৰৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে তিতাবৰ জিলা কাৰাটে-ড' সন্থাৰ কাৰ্যকৰী সভাপতি হেমকান্ত দত্ত,সম্পাদক তথা মুখ্য প্ৰশিক্ষণ মনজিৎ হাজৰিকা,যুটীয়া সম্পাদক দেৱজিৎ মিচিং,সন্থাৰ বহুকেইগৰাকী বিষয়ববীয়াৰ লগতে ভালেসংখ্যক অভিভাৱক অভিভাৱিকা।

এই অনুষ্ঠানতে যোৱা ৯ আৰু ১০ নৱেম্বৰত গুৱাহাটিত হৈ যোৱা  ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত পদক প্ৰাপ্ত খেলুৱৈসকলক তিতাবৰ জিলা কাৰাটে -ড' সন্থাৰ  তৰফৰ পৰা  সম্বৰ্ধনা জনোৱা হয়।

বেকাজান কাৰাটে