বৰহোলা বালিজানত তিতাবৰ জিলা আন্ত:ক্লাব কাৰাটে প্ৰতিযোগিতা...

দুই শতাধিক খেলুৱৈৰ অংশগ্ৰহণ
বৰহোলা বালিজানত তিতাবৰ জিলা আন্ত:ক্লাব কাৰাটে প্ৰতিযোগিতা...

ডিজিটেল সংবাদ, বেকাজান : তিতাবৰ জিলা কাৰাটে সন্থাৰ উদ্যোগত আৰু বালিজান কাৰাটে একাডেমিৰ সহযোগত বালিজান মিছিং গাঁৱৰ মুৰং ঘৰত দেওবাৰে অনুষ্ঠিত হৈ যায় তৃতীয় তিতাবৰ জিলা আন্তঃক্লাৱ কাৰাটে প্ৰতিযোগিতা।

পুৱা আন্তঃ ক্লাব এই কেৰাটে প্ৰতিযোগিতাখনি উদ্বোধন কৰে ইউনিফাইড কাৰাটে সন্থা অসম চমুকৈ উকাৰ সাধাৰণ সম্পাদক নগেন বংজাঙে । তিতাবৰ জিলা সৰ্বমুঠ ৮ টা ক্লাৱৰ প্ৰায় দুই শতাধিক খেলুৱৈয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত বিচাৰক হিচাপে উপস্থিত থাকে গুৱাহাটিৰ অভিজিত শৰ্মা ,অমৰজিৎ পাচোৱান, গোলাঘাটৰ ধৰ্মকান্ত তামুলী, দেৱজিত বুঢ়াগোহাঁই, মৰিয়নিৰ খকন দেৰ লগতে তিতাবৰৰ বহুকেইগৰাকী বিচাৰক ।

তিনিটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিৰ অন্তত বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত অসমীয়া প্ৰতিদিন কাকত সাংবাদিক মণ্টুচ্ কো‍ঁৱৰ লগতে বহুকেই বিশিষ্ট ব্যক্তি উপস্থিত থাকিছা জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ সৰ্বমুঠ ৯৭ গৰাকী খেলুৱৈসকলক একোখন মানপত্ৰ আৰু মেডেলেৰ বঁটা প্ৰদান কৰে ।

উল্লেখ্য যে, এই প্ৰতিযোগিতাখনিৰ পৰা অহা এপ্ৰিল মাহত অনুষ্ঠিত হ'ব লগীয়া উজনি অসম কাৰাটে প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলক বাচনি কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in