৪ এপ্ৰিলৰ পৰা পুঠিমাৰীত জুনিয়ৰ ছোৱালী হেণ্ডবল চেম্পিয়নশ্বিপ...

কামৰূপ জিলা হেণ্ডবল সন্থাৰ সৌজন্যত অহা ৪ এপ্ৰিলৰ পৰা আয়োজন কৰা হৈছে ৩০ সংখ্যক অমূল্য দাস সোঁৱৰণী সদৌ অসম আন্তঃজিলা জুনিয়ৰ ছোৱালী হেণ্ডবল চেম্পিয়নশ্বিপ।

author-image
Asomiya Pratidin
New Update
৪ এপ্ৰিলৰ পৰা পুঠিমাৰীত জুনিয়ৰ ছোৱালী হেণ্ডবল চেম্পিয়নশ্বিপ...

ডিজিটেল ডেস্কঃ কামৰূপ জিলা হেণ্ডবল সন্থাৰ সৌজন্যত অহা ৪ এপ্ৰিলৰ পৰা আয়োজন কৰা হৈছে ৩০ সংখ্যক অমূল্য দাস সোঁৱৰণী সদৌ অসম আন্তঃজিলা জুনিয়ৰ ছোৱালী হেণ্ডবল চেম্পিয়নশ্বিপ। কামৰূপ জিলা হেণ্ডবল সন্থাই প্ৰেৰণ কৰা প্ৰতিযোগিতাৰ সূচী অনুসৰি ৪ এপ্ৰিল শুকুৰবাৰৰ পৰা ৬ এপ্ৰিল দেওবাৰলৈ ৩ দিনীয়াকৈ পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত কৰা হ’ব এই প্ৰতিযোগিতা।

Advertisment

সেই অনুসৰি ৪ এপ্ৰিলৰ বিয়লি ৫ বজাত শিবিৰ উদ্বোধন কৰাৰ জৰিয়তে প্ৰতিযোগিতাৰ কাৰ্যসূচীসমূহ আৰম্ভ হ’ব।৫ এপ্ৰিলত পুৱা ৯ বজাত অসম হেণ্ডবল সন্থাৰ পতাকা উত্তোলন কৰিব অসম হেণ্ডবল সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, কামৰূপ জিলা হেণ্ডবল সন্থাৰ পতাকা উত্তোলন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি ধৰ্মেশ্বৰ দাস আৰু অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰিব শৰত কুমাৰ কলিতাই।

পুৱা ১০ বজাত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিব ৰঙিয়াৰ বিধায়ত ভৱেশ কলিতা, জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নিত্যানন্দ কলিতা আদিয়ে। ১১ বজাত আৰম্ভ হ’ব প্ৰতিযোগিতা।

৬ এপ্ৰিলৰ অন্তিম দিনা পুৱা ৮ বজাৰ পৰাই খেল আৰম্ভ হ’ব। বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’ব ছেমি ফাইনেল। বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব চূড়ান্ত প্ৰতিযোগিতা। সামৰণি অনুষ্ঠানত বিধায়ক দিগন্ত কলিতাৰ উপৰিও অসম হেণ্ডবল সন্থাৰ ৰাজ্যিক বিষয়ববীয়া, জিলাৰ বিষয়ববীয়া আৰু বহু কেইজন ক্ৰীড়া সংগঠক, সাংবাদিক তথা বিশিষ্ট ক্ৰীড়া অনুৰাগী উপস্থিত থাকিব। 

অসম হেণ্ডবল সন্থা