/asomiyapratidin/media/media_files/2025/05/13/GN5ShPTMNNPTeePZoRBD.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় টেষ্ট ক্ৰিকেটক নতুন মাত্ৰা প্ৰদান কৰি জীৱন্ত কিংবদন্তিলৈ পৰিণত হোৱা বিৰাট কোহলিয়ে ১২ মে’ত ইনষ্টাগ্ৰামত এটা পোষ্ট কৰিয়েই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। বিৰাটৰ অৱসৰৰ সিদ্ধান্ত ৰাজহুৱা হোৱাৰ লগে লগে কেৱল ভাৰতীয় ক্ৰিকেট অনুৰাগীয়েই নহয় বিশ্বৰ সকলো ক্ৰিকেট অনুৰাগী আনকি প্ৰতিদ্বন্দি খেলুৱৈসকলো আৱেগিক হৈ পৰিছে।
বিৰাটৰ এই অৱসৰৰ সিদ্ধান্ত আছিল অপ্ৰত্যাশিত। বিৰাটৰ অৱসৰে যিদৰে সাধাৰণ ক্ৰিকেট অনুৰাগী, ক্ৰিকেটৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা প্ৰতিগৰাকী ব্যক্তিক আৱেগিক কৰিছে ঠিক সেইদৰে ক্ৰিকেটৰ পৰা তুলনামূলকভাৱে আঁতৰি থাকি, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি বিষয়ত তীক্ষ্ণ কলম, বাক্যৰে সাংবাদিকতাৰ এক সুকিয়া ধাৰাৰ সৃষ্টি কৰা ৰবীশ কুমাৰৰ দৰে ব্যক্তিকো স্পৰ্শ কৰিছে।
জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে বিৰাটৰ অৱসৰৰ ঘোষণাৰ পাছতেই পূৰ্বে এক বিশেষ পৰিস্থিতিত পৰি বিৰাটক সমালোচনা কৰি প্ৰকাশ কৰা এক বাতৰি সন্দৰ্ভত তেওঁ ব্যৱহাৰ কৰা শব্দৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিচৰা কাৰ্যই বিশেষ চৰ্চা লাভ কৰিছে। ৰবীশ কুমাৰৰ এই কাৰ্যই এফালে যিদৰে বিৰাটৰ জনপ্ৰিয়তা আৰু গুৰুত্বক দাঙি ধৰিছে ঠিক সেইদৰেই এগৰাকী সাংবাদিকৰ দায়বদ্ধতাকো সুন্দৰকৈ প্ৰকাশ কৰিছে।
বহু সাংবাদিকে ৰবীশ কুমাৰে বিৰাটক ক্ষমা খুজি প্ৰেৰণ কৰা সেই বাৰ্তাৰ মহত্ব উপলব্ধি কৰা উচিত বুলিও মন্তব্য কৰিছে ভিন্নজনে। বিৰাটৰ অৱসৰৰ পাছতে ৰবীশ কুমাৰে তেওঁ ব্যৱহাৰ কৰা সামাজিক মাধ্যমৰ বিভিন্ন হেণ্ডেলত এক দীঘলীয়া পোষ্ট কৰিছে।
তেওঁ লিখিছে- বিৰাট কোহলিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছে।মই এই মহান খেলুৱৈজনক খেলপথাৰত অতি কমহে দেখিবলৈ পাইছিলোঁ। এই কথাক লৈ মনত দুখ যে ক্ৰিকেটৰ কোটি কোটি দৰ্শকৰ মনত আজি শূন্যতাই বিৰাজ কৰিছে।
তেওঁ কয়, আৰু এক দুখ আছে। বহু বছৰ আগৰ কথা, তেতিয়া মই বহু সময়ত উত্তেজনাৰ মাজতে লিখি পেলাইছিলোঁ। এটা বিজ্ঞাপনত বিৰাটৰ ভূমিকা আৰু তেওঁৰ সংলাপক লৈ মই তেনেকৈয়ে উত্তেজনাৰ মাজতে লিখি দিছিলোঁ। সেই ভাষা সঠিক নাছিল। মই অন্য ধৰণেও ক’ব পাৰিলোঁ হয়। সেই কথাক লৈ আজিও মনত দুখ অনুভৱ হয়।
তেওঁ লিখিছে, বিৰাটৰ অৱসৰৰ দিনটোত নানান লেখা পঢ়ি থাকোঁতে সেই দুখ বেছি অনুভূত হৈছে। মই নিজৰ ওচৰতেই ক্ষমা বিচাৰিছো। ছ’ৰি বিৰাট (Sorry Virat)।
তেওঁ কয়, আনৰ বাবে এই বিষয়টো গুৰুত্বপূৰ্ণ নহ’লেও আমি যেতিয়া ৰাজহুৱা স্থানত কিবা কওঁ তেতিয়া তাৰ প্ৰভাৱ থাকে। এই প্ৰভাৱ আনৰ ওপৰতো পৰে আৰু নিজৰ ওপৰতো।
তেওঁ কয়, ক্ৰিকেট খেলুৱৈক সাক্ষাত কৰাৰ সুযোগ লাভ কৰা নাই, যদি সুযোগ পালো হয় তেন্তে বিৰাটৰ সন্মুখত এই কথাই ক’লো হয়। সাংবাদিক ৰবীশ কুমাৰে তেওঁৰ ক্ৰিকেটৰ সৈতে তেওঁ কোনো বিশেষ সম্পৰ্ক নাই বুলি উল্লেখ কৰি আৰু কয়, আগতে ক্ৰিকেট চাইছিল, এতিয়া কেৱল স্ক’ৰতেই সেই সম্পৰ্ক সীমাবদ্ধ।
সাংবাদিকজনে কয় যে, তেওঁৰ ক্ৰিকেটৰ সৈতে বিশেষ সম্পৰ্ক নাই, কিন্তু খেলুৱৈসকলৰ দক্ষতা, দৰ্শকৰ উত্তেজনা, আৰু বিশেষকৈ অৱসৰৰ মুহূৰ্তবোৰ তেওঁৰ বাবে অনন্য। তেওঁৰো ক্ৰিকেটাৰৰ দৰেই অৱসৰ ঘোষণা কৰাৰ এক সপোন আছে বুলিও উল্লেখ কৰিছে।
তেওঁ কয় “মোৰ জীৱনৰ এটা সপোন হৈছে — এজন ক্ৰিকেটাৰৰ দৰে সাংবাদিকতা জগতৰ পৰা অৱসৰ লোৱাৰ সাহস গোটোৱা। মই এই বাবেই দিন-ৰাতিয়ে কাম কৰোঁ যে এটা দিন আহিব যেতিয়া মই সাংবাদিকতাৰ পৰা অৱসৰৰ ঘোষণা কৰিব পাৰিম। তাৰ বাবে মই নিজকে সক্ষম কৰিবলৈ প্ৰস্তুতি চলাই আছো। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ—অৰ্থনৈতিক চক্ৰৰ পৰা মুক্তি দিয়া, শক্তি দিয়া যাতে ময়ো এগৰাকী ক্ৰিকেটাৰৰ দৰে সাংবাদিকতাৰ পৰা অৱসৰ ল’ব পাৰোঁ। তেওঁলোকে অৱসৰ লোৱাৰ দৃশ্যই বা সিদ্ধান্ত মোক ইমান আকৰ্ষণ কৰে যে, যদিও মই খেল নাচাও, তথাপি অৱসৰৰ খবৰ নিশ্চিতভাৱে পঢ়োঁ।
<iframe src="https://www.facebook.com/plugins/post.php?href=https%3A%2F%2Fwww.facebook.com%2FRavishKaPage%2Fposts%2Fpfbid0qLSQyJ6epA5b2F3g4yk9jNqmycuFefm6MkgKgKxvVBmdaZKZN2aDKTkun89H4FtDl&show_text=true&width=500" width="500" height="265" style="border:none;overflow:hidden" scrolling="no" frameborder="0" allowfullscreen="true" allow="autoplay; clipboard-write; encrypted-media; picture-in-picture; web-share"></iframe>