/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9c210930-6667-432f-bf07-9a238e5c24b9/jorhat 30.jpg)
আন্তঃজিলা জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত যোৰহাটৰ ২টা সোণ, ১টা ব্ৰঞ্জৰ পদক অৰ্জন
ডিজিটেল সংবাদ যোৰহাটঃ ওদালগুৰি জিলা এমেছাৰ বক্সিং সন্থাৰ উদ্যোগত ওদালগুৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত সদ্য সমাপ্ত ৪৪ সংখ্যক সদৌ অসম আন্তঃজিলা জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাৰ জুনিয়ৰ বক্সিং দলটোৱে দুটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি সন্থাৰ লগতে যোৰহাট জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
প্ৰতিযোগিতাখনত আদৰ্শীনি চাংমাইয়ে সোণ, হিমাংশু বৰাই সোণ আৰু অভিলাশা খাউণ্ডে ব্ৰঞ্জৰ পদক লাভ কৰিছে। উল্লেখযোগ্য যে, অহা ১৮, ১৯ আৰু ২০ আগষ্টত মাজুলী জিলাৰ জেংৰাইমুখত হ’বলগীয়া সদৌ অসম য়ুথ বক্সিং চেম্পিয়নশ্বিপ-২০২৪ প্ৰতিযোগিতাখনৰ বাবে যোৰহাট জিলা দলটোৰ বাবে যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাই যোৰহাটত এক বিশেষ প্ৰশিক্ষণৰো ব্যৱস্থা কৰি আছে।
উক্ত প্ৰশিক্ষণ শিবিৰত সন্থাৰ সকলো ন-পুৰনি বক্সাৰসকলক যোগদান কৰিবলৈ সন্থাই আহ্বান জনাইছে বুলি সন্থাৰ সম্পাদক বিদ্যুৎ ফুকনে জনাইছে।
Also Read: অৰবিন্দ কেজৰিৱালক বিনাচৰ্তে মুক্তিৰ দাবীৰে গুৱাহাটীত আপৰ বিক্ষোভ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us