ডিজিটেল ডেস্কঃ ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত দাঙি ধৰা প্ৰদৰ্শনৰ অন্তত বিশ্ব ক্ৰিকেটৰ বৰ্তমান সময়ৰ শ্ৰেষ্ঠ বেগী বলাৰ হিচাপে স্বীকৃতি লাভ কৰিলে যশপ্ৰীত বুমৰাহে। ক্ৰিকেট বিশেষজ্ঞই বুমৰাহক টেষ্ট ক্ৰিকেটৰ 'কিং' আখ্যা দিছে।
বুমৰাহৰ নেতৃত্বতে ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট জয় কৰিছিল ভাৰতে। তাৰ পাছত অৱশ্যে ভাৰতে এখন টেষ্ট ড্ৰ’ খেলাৰ বিপৰীতে দুখন টেষ্টত পৰাস্ত হৈছে। বক্সিং ডে’ টেষ্টত পৰাস্ত হোৱাৰ পিছতে চৰ্চা অব্যাহত আছে সলনি হ’ব ভাৰতীয় টেষ্ট দলৰ অধিনায়ক।
বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মাৰ অৱসৰৰ বিষয়টোৱেও চৰ্চা লাভ কৰিছে। তাৰ মাজতেই যশপ্ৰীত বুমৰাহ টেষ্ট দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে। অৱশ্যে বুমৰাহ ভাৰতীয় টেষ্ট দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হোৱা নাই।
ক্ৰিকেট অষ্ট্ৰেলিয়াই ঘোষণা কৰা ২০২৪ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে বুমৰাহক। ক্ৰিকেট অষ্ট্ৰেলিয়াই ঘোষণা কৰা এই বৰ্ষশ্ৰেষ্ঠ টেষ্ট দলত ভাৰতৰ মুঠ দুগৰাকী ক্ৰিকেটাৰে স্থান লাভ কৰিছে।
তৰুণ ক্ৰিকেটাৰ তথা ভাৰতীয় দলটোৰ অপেনাৰ যশস্বী জয়ছোৱালকো এই দলটোত স্থান দিয়া হৈছে। মন কৰিবলগীয়া যে, ২০২৪ ত বুমৰাহে মুঠ ৮৬ টা উইকেট লাভ কৰিছে। টেষ্ট ক্ৰিকেটতে লাভ কৰিছে অভিলেখসংখ্যক ৭১ টা উইকেট।
ক্ৰিকেট অষ্ট্ৰেলিয়াই ঘোষণা কৰা বৰ্ষশ্ৰেষ্ঠ দলটো হৈছে- যশস্বী জয়ছোৱাল, বেন ডাকেট, ৰাচিন ৰবীন্দ্ৰ, হেৰী ব্ৰুক, কামিন্দু মেণ্ডিছ, এলেক্স কেৰী, মেট হেনৰী, যশপ্ৰীত বুমৰাহ, জছ হেজেলহুড, কেশৱ মহাৰাজ।