আঘাতৰ পৰা মুক্ত ! ভাৰতীয় দললৈ আহি আছে যশপ্ৰীত বুমৰাহ...

আঘাতৰ পৰা মুক্ত ! ভাৰতীয় দললৈ আহি আছে যশপ্ৰীত বুমৰাহ...
আঘাতৰ পৰা মুক্ত ! ভাৰতীয় দললৈ আহি আছে যশপ্ৰীত বুমৰাহ...

ডিজিটেল ডেস্কঃ এছিয়া কাপৰ পূৰ্বেই ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিব ভাৰতীয় ক্ৰিকেট দলৰ পেছ বলাৰ যশপ্ৰীত বুমৰাহে ! জানিব পৰা মতে দীৰ্ঘদিন ধৰি আঘাতৰ সমস্যাৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰত থকা বুমৰাহে এছিয়া কাপত ভাৰতীয় দলটোত যোগদান কৰাৰ কথা।

কিন্তু তাৰো পূৰ্বে বুমৰাহক খেল পথাৰত নমাব বিচাৰিছে ভাৰতীয় ক্ৰিকেট দলৰ মেনেজমেণ্টে। এছিয়া কাপৰ পূৰ্বেই বিদেশ ভ্ৰমণৰ বাবে পঠিয়াব বুমৰাহক। কাৰণ ফিটনেছৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হৈছে বুমৰাহে।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা টি-২০ ছিৰিজৰ মাজতে আঘাতৰ সন্মুখীন হৈছিল বুমাৰহ। তাৰ পাছৰে পৰা প্ৰায় ২ বছৰ খেল পথাৰৰ পৰা বাহিৰত আছে ক্ৰিকেটাৰগৰাকী।

এছিয়া কাপ, টি-২০ বিশ্বকাপ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপকে ধৰি একাধিক টুৰ্ণামেণ্টত বুমৰাহৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছিল ভাৰতীয় দলটোৱে। বুমৰাহৰ অনুপস্থিতিৰ বাবেই ভাৰতীয় দলটো বহু সময়ত বিপদত পৰিছে।

চলিত বছৰৰ আৰম্ভণিতে কঁকালৰ এক অস্ত্ৰোপ্ৰচাৰো সম্পন্ন হৈ গৈছে ক্ৰিকেটাৰগৰাকীৰ। ইয়াৰ পাছত বিগত জুন মাহত শুনিবলৈ পোৱা গৈছিল দৈনিক ৭ অভাৰকৈ নেটত বল কৰিবলৈ আৰম্ভ কৰিছিল বুমৰাহে। উদ্দেশ্যে, এছিয়া কাপৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন।

শেহতীয়া খবৰ অনুসৰি বুমৰাহে এছিয়া কাপৰ পূৰ্বেই ভাৰতীয় ক্ৰিকেট দলটোলৈ প্ৰত্যাৱৰ্তন কৰিব। এছিয়া কাপৰ পূৰ্বে আয়াৰলেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলটোত স্থান দিয়া হ’ব পেছ বলাৰজনক।

অৱশ্যে এই বিষয়ে আনুষ্ঠানিক ঘোষণা এই পৰ্যন্ত হোৱা নাই। সূত্ৰত প্ৰকাশিত খবৰ মতে নেচনেল ক্ৰিকেট একাডেমীত বুমৰাহে দৈনিক সুন্দৰকৈ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে নেটত বলিং কৰি আছে।

সেয়ে এছিয়া কাপৰ পূৰ্বে দ্বিদেশীয় মেচত অনুশীলন কৰাটো বিচাৰিছে ব’ৰ্ডে। চলিত বছৰতে ঘৰৰ মাটিত বিশ্বকাপৰ মেচ খেলিব ভাৰতে। তাৰ পূৰ্বে বুমৰাহক সম্পূৰ্ণকৈ সাজু কৰি তুলিব বিচাৰিছে ব’ৰ্ডে। ব’ৰ্ডৰ এই কৌশল যদি ফলপ্ৰফু হৈ উঠে তেনে ভাৰতীয় দলৰ পাশুপাত অস্ত্ৰ হৈ উঠিব পাৰে বুমাৰহ।

আঘাতৰ পৰা মুক্ত ! ভাৰতীয় দললৈ আহি আছে যশপ্ৰীত বুমৰাহ...
দিল্লী আধ্যাদেশৰ স্পষ্ট বিৰোধিতা কংগ্ৰেছৰ, সমৰ্থন কৰিব কেজৰিৱালক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in