লাভলীনা, শিৱ, ফুইলাওৰ পাছত অংকুশিতা, যমুনাৰ ছেমি ফাইনেলত প্ৰৱেশ...

লাভলীনা, শিৱ থাপা, ফুইলাও বসুমতাৰীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পাছত সোমবাৰে হোৱা বক্সিং খেলত অসমৰ যমুনা বড়ো আৰু অংকুশিতা বড়োৱে প্ৰৱেশ কৰে ছেমি ফাইনেলত

author-image
Asomiya Pratidin
New Update
লাভলীনা, শিৱ, ফুইলাওৰ পাছত অংকুশিতা, যমুনাৰ ছেমি ফাইনেলত প্ৰৱেশ...

jamuna $ ankushita

ডিজিটেল ডেস্ক : যোৱা ২৯ ছেপ্টেম্বৰৰ পৰা গুজৰাটত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা। ইতিমধ্যে অসমে ২৩টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ বক্সাৰে তুলিছে খলকনি।

অসমৰ ৫ গৰাকী বক্সাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিব পদক নিশ্চিত কৰিছে। লাভলীনা, শিৱ থাপা, ফুইলাও বসুমতাৰীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পাছত সোমবাৰে হোৱা বক্সিং খেলত অসমৰ যমুনা বড়ো আৰু অংকুশিতা বড়োৱে ছেমি ফাইনেলত প্ৰৱেশ কৰি ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক নিশ্চিত কৰে।

সোমবাৰে অনুষ্ঠিত হোৱা খেলখনত যমুনা বড়ো আৰু অংকুশিতা বড়োৱে তেওঁলোকৰ প্ৰতিদ্বন্দীসকলক ৫-০ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। উল্লেখ্য যে অসমৰ ৫ গৰাকী বক্সাৰে ৫ খন ছেমি ফাইনেল মঙলবাৰে খেলিব।

বৰ্তমানে অসমৰ ৫টা ব্ৰঞ্জৰ পদক নিশ্চিত হৈছে বক্সিঙত। কিন্তু মঙলবাৰে অনুষ্ঠিত হোৱা খেলত ব্ৰঞ্জৰ বাহিৰে সোণ বা ৰূপৰ পদক নিশ্চিত হ'ব।

jamuna lavleena assam boxer 36TH NATIONAL GAMES girl