Advertisment

জম্মু-কাশ্মীৰৰ হাতত ৩ দিনতে পৰাজয় স্বীকাৰ কৰিলে তাৰকাৰে সমৃদ্ধ মুম্বাইয়ে...

ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত পৰাস্ত হৈ সমালোচনাৰ সন্মুখীন হোৱা ৰোহিত শৰ্মা পুনৰ ব্যৰ্থ হৈছে। কেৱল ৰোহিতেই নহয়, যশস্বী জয়ছোৱালো ৰোহিতৰ দৰেই ফ্লপ হ'ল ঘৰুৱা ক্ৰিকেটত।

author-image
Asomiya Pratidin
New Update
জম্মু কাশ্মীৰৰ হাতত ৩ দিনতে পৰাজয় স্বীকাৰ কৰিলে তাৰকাৰে সমৃদ্ধ মুম্বাইয়ে...

ডিজিটেল ডেস্কঃ দিন বেয়া চলিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ। ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত পৰাস্ত হৈ সমালোচনাৰ সন্মুখীন হোৱা ৰোহিত শৰ্মা পুনৰ ব্যৰ্থ হৈছে। কেৱল ৰোহিতেই নহয়, যশস্বী জয়ছোৱালো ৰোহিতৰ দৰেই ফ্লপ হ'ল ঘৰুৱা ক্ৰিকেটত।

Advertisment

ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত পৰাস্ত হোৱাৰ পাছৰে পৰা বি চি চি আয়ে ভাৰতীয় দলৰ সকলো ক্ৰিকেটাৰকে ঘৰুৱা ক্ৰিকেট খেলাতো বাধ্যতামূলক কৰিছে। সেই মতেই ৰোহিত শৰ্মাই ঘৰুৱা দল মুম্বাইৰ হৈ ৰঞ্জী খেলিছে।

ৰঞ্জীৰ প্ৰথমখন মেচ আছিল জম্মু কাশ্মীৰৰ বিৰুদ্ধে। তাৰকাৰ সমৃদ্ধ মুম্বাই দলটোকে জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ফেভাৰিট বুলি ধাৰণা কৰা হৈছিল যদিও সেই ধাৰণাক ভুল প্ৰমাণিত কৰিলে জম্মু কাশ্মীৰ দলটোৱে।

যোৱাবাৰৰ চেম্পিয়ন মু্ম্বাইক গ্ৰুপ পৰ্যায়তে পৰাস্ত কৰিলে দলটোৱ। অথচ মুম্বাইৰ দলটোত ৰোহিত শৰ্মাৰ উপৰিও আছিল যশস্বী জয়ছোৱাল, আজিংক্য ৰাহাণে, শ্ৰেয়াছ আয়াৰ, শিৱম ডুবে, শাৰ্দুল ঠাকুৰ, টনুছ ক’টিয়ানৰ দৰে তাৰকা। এইসকল তাৰকায়ো ৰক্ষা কৰিব নোৱাৰিলে মুম্বাইক।মাত্ৰ তিনিটা দিনতেই পৰাস্ত হ'ল জম্মু কাশ্মীৰৰ বিৰুদ্ধে। 

যিটো দলত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা ছজনকৈ ক্ৰিকেটাৰ আছে সেই দলটোৰ এনে বিপৰ্যয় এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। দলটোৰ এনে বিপৰ্যয়ৰ মূলতে হৈছে বেটিং বিপৰ্যয়।

প্ৰথম ইনিংছত প্ৰথমে বেটিং কৰি দলটোৱে সংগ্ৰহ কৰে মাত্ৰ ১২০ ৰাণ। প্ৰথম ইনিংছত ৰোহিতৰ বেটৰ পৰা আহে মাত্ৰ ৩ ৰাণ। যশস্বী আউট হয় ৪ ৰাণত। অধিনায়ক ৰাগাণেৰ বেটৰ পৰা আহে ১২, শ্ৰেয়াছ আৰু শিৱমে কৰে ক্ৰমে ১১ আৰু শূন্য। একমাত্ৰ শাৰ্দুল ঠাকুৰে ৫১ বলত ৫৭ ৰাণ কৰি দলক ১০০ ৰাণৰ সীমা অতিক্ৰম কৰাত সহায় কৰে।

প্ৰথম ইনিংছত জম্মু কাশ্মীৰৰ হৈ উমৰ নাজিৰ মিৰ আৰু য়ুধবীৰ সিঙে ৪ টাকৈ আৰু আকিব নাবিয়ে ২ টাকৈ উইকেট লাভ কৰে। সেইদৰে প্ৰথম ইনিংছত জম্মু কাশ্মীৰে কৰে শুভম খাজুৰীয়াৰ অৰ্ধশতকৰ সহায়ত ২০৬ ৰাণ কৰে। 

দ্বিতীয় ইনিংছতো মুম্বাইৰ তাৰকাসকল বিফল হয়। জয়ছোৱালে ২৬, ৰোহিতে ২৮, শাৰ্দুল ঠাকুৰে ১১৯ আৰু টনুশ ক’টিয়ানে ৬২ ৰাণ কৰে। দ্বিতীয় ইনিংছৰ অন্তত মুম্বাইৰ সন্মুখত মুঠ লক্ষ্য হয় ২০৫। এই লক্ষ্য অতি সহজেই অতিক্ৰম কৰে জম্মু কাশ্মীৰে। ফলত গ্ৰুপৰ প্ৰথমখন মেচতেই পৰাস্ত হয় মুম্বাই।  

ক্ৰিকেট ৰোহিত শৰ্মা মুম্বাই ৰঞ্জী ট্ৰফী