গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত জাগীৰোড মহাবিদ্যালয়ৰ খিতাপ অৰ্জন

সোণাপুৰৰ প্ৰবীণ ফুটবলাৰ ড০ জ্ঞানব্ৰত ৰয়ক বিশেষভাৱে সন্বৰ্ধনা জ্ঞাপন

author-image
Asomiya Pratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত জাগীৰোড মহাবিদ্যালয়ৰ খিতাপ অৰ্জন

ডিজিটেল ডেস্ক : সোণাপুৰ মহাবিদ্যালয়ৰ উদ্যোগত আয়োজিত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত জাগীৰোড মহাবিদ্যালয়ে খিতাপ দখল কৰিবলৈ সক্ষম হয়। ১৭ মে’ত অনুষ্ঠিত চূড়ান্ত মেচখনত জাগীৰোড মহাবিদ্যালয়ে প্ৰতিপক্ষ বঙাইগাঁও মহাবিদ্যালয়ক ১-০গ’লৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

Advertisment

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১৫মে’ৰ পৰা অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন। সোণাপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত প্ৰতিযোগিতাখন আনুষ্ঠিকভাৱে শুভউদ্বোধন কৰিছিল লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই।

উদ্বোধনী অনুষ্ঠানত ছাত্ৰ কল্যাণ পৰিষদৰ সঞ্চালক ড০ ৰঞ্জন কাকতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক যোগেন চন্দ্ৰ কলিতা আৰু দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা উপস্থিত আছিল। এই সভাত সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱব্ৰত খানিকৰে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে উপস্থিত সকলোকে সম্বোধন কৰে। ইয়াৰোপৰি উক্ত অনুষ্ঠানত লক্ষ্মীবাই নেচনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্বনৰ ডীন ড০ শংকৰজ্যোতি বসুমতাৰীয়েও ভাষণ প্ৰদান কৰে।

আনহাতে উক্ত অনুষ্ঠানৰ এটা গুৰুত্বপূৰ্ণ অংশ আছিল এন চি চি কেডেটসকলৰ মাৰ্চপাষ্ট। সোণাপুৰ মহাবিদ্যালয়, ডিমৰীয়া মহাবিদ্যালয় আৰু জাগীৰোড মহাবিদ্যালয়ৰ এনচিচি কেডেটসকলৰ লগতে আন ২০খন মহাবিদ্যালয়ৰ প্ৰতিযোগীসকলে কৰা সাবলীল মাৰ্চপাষ্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানত এখন স্মাৰক পত্ৰিকাও মুকলি কৰা হয়। এই পত্ৰিকাখনৰ সম্পাদনা ড০ ধৰ্মৰাম ডেকা আৰু ড০ মৃদুস্মিতা মহন্তৰ। 

আনহাতে উক্ত প্ৰতিযোগিতাখনত মুঠ ২৩টা দলে অংশগ্ৰহণ কৰিছিল। লগতে প্ৰতিযোগিতাৰ খেলসমূহ সোণাপুৰ এলেকাৰ তিনিখন খেলপথাৰত অনুষ্ঠিত কৰা হৈছিল। সোণাপুৰ মিনি ষ্টেডিয়াম, এল এন আই পি ই খেলপথাৰ আৰু গুমোৰিয়া খেলপথাৰ।

ইফালে ১৭ মে’ত অনুষ্ঠিত সামৰণি অনুষ্ঠানত পদকপ্ৰাপ্ত তথা প্ৰতিযোগিতাত কৃতকাৰ্যতা লাভ কৰা খেলুৱৈসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানত ক্ৰীড়া সাংবাদিক তথা অভিৰুচি শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী উপস্থিতি থাকে।

ইয়াৰোপৰি বঁটা বিতৰণী সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সন্মানীয় অতিথিৰ আসন অলংকৃত কৰে। তেঁওলোক হৈছে- প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা প্ৰখ্যাত ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা, দৈনিক অসমৰ জ্যেষ্ঠ সহকাৰী সম্পাদক সুবোধ মল্লাবৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অনুৰূপ গোহাঁই বৰুৱা আৰু সোণাপুৰ মহাবিদ্যালয়ৰ  অধ্যক্ষ দেবৱব্ৰত খনিকৰ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বঁটা বিতৰণী সভাৰ প্ৰাকমুহূৰ্তত উদ্যোক্তাসকলে সোণাপুৰৰ প্ৰবীণ ফুটবলাৰ ড০ জ্ঞানব্ৰত ৰয়ক বিশেষভাৱে সন্বৰ্ধনা জ্ঞাপন কৰে। ড০ ৰয়ে ১৯৫৭ চনত সৰ্বভাৰতীয় আন্তঃ বিশ্ববিদ্যালয় ফুটবল টুৰ্ণামেণ্টত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল।

ইয়াৰোপৰি ড০ ৰয়ে ষাঠিৰ দশকত কটন কলেজ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটীৰ মহাৰাণা ক্লাবৰ হৈও ফুটবল খেলিছিল।

উক্ত অনুষ্ঠানত উপস্থিত থকা অতিথি বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী আৰু ৰাজীৱ প্ৰকাশ বৰুৱাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। দুয়োগৰাকী অতিথিয়ে শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়াৰ দৰে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰাত শোচনীয়ভাৱে ব্যৰ্থ হোৱা ক্ৰীড়াৰ বিকাশৰ দিশত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আন্তৰিক প্ৰচেষ্টা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

উক্ত সভাতে পুৰস্কাৰপ্ৰাপ্ত খেলুৱৈৰ লগতে আন আন খেলুৱৈসকলে খাদ্য, বাসস্থান তথা অন্যন্য দিশৰ উৎকৃষ্ট ব্যৱস্থাৰ বাবে সোণাপুৰ মহাবিদ্যালয়ৰ আয়োজকক যথেষ্ট প্ৰশংসা কৰে। উদ্বোধন আৰু সামৰণি অনুষ্ঠানটি সঞ্চালনা কৰে সোণাপুৰ মহাবিদ্যালয়ৰ ড০ স্বপ্না মেধিয়ে।

Jagiroad College sonapur college Assam U-19 Football Team gauhati university