
ডিজিটেল সংবাদ, যোৰহাট: জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ক্ৰিকেটৰ উজনি অসম মণ্ডলৰ প্ৰতিযোগিতাখনৰ শনিবাৰে খেলখনত নাহৰকটীয়া জিলাই ৭৫ ৰাণত জয়লাভ কৰিছে।
যোৰহাট ষ্টেডিয়ামত অসম ক্ৰিকেট সন্থাৰ উদ্যোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহযোগত চলি থকা ২০২৩-২৪ বৰ্ষৰ জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট টুৰ্নামেণ্টৰ উজনি অসম মণ্ডলৰ ক্ৰিকেট প্ৰতিযোগিতাখনৰ শনিবাৰে নাহৰকটীয়া জিলা আৰু শিৱসাগৰ জিলাৰ মাজত অনুষ্ঠিত খেলখনত নাহৰকটীয়া জিলাই টছত জিকি প্ৰথমেই বেটিং কৰি ৪৮ অ'ভাৰত দীপাংকৰ গগৈ ৫৮ আৰু নয়নদ্বীপ সিঙৰ ৪৫ ৰাণৰ সহায়ত আটাইকেইটা উইকেট হেৰুৱাই ১৭৮ ৰাণ সংগ্ৰহ কৰে।
প্ৰত্যুত্তৰত শিৱসাগৰ জিলাই ২৯.৩ অ'ভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত মঞ্জিত মহন্তৰ ২৩ ৰাণৰ সহায়ত মাত্ৰ ১০৩ ৰাণতে ইনিংছৰ সমাপ্তি কৰে। নাহৰকটীয়া জিলাৰ হৈ ৰাজ সাহ, মনোজ চানু আৰু দীপাংকৰ গগৈয়ে ২টাকৈ উইকেট লাভ কৰে। শিৱসাগৰ জিলাৰ হৈ ৱাছিম আকৰাম হক, জাবাজ খান আৰু অৰ্ণৱ মাধৱ গগৈয়ে দুটাকৈ উইকেট লাভ কৰে। শনিবাৰৰ খেলখন পৰিচালনা কৰে সুনিত চেত্ৰী আৰু উমা শংকৰ গৌতমে, স্ক'ৰ বৰ্ডত প্ৰতীম বৰাই। কাইলৈ পৰৱৰ্তী খেলখন হ'ব যোৰহাট জিলা আৰু মাৰ্ঘেৰিটা জিলাৰ মাজত।