ফাদাৰৰ কনিষ্ঠ ভাতৃৰ অসুখৰ বাবেই ২ ছেপ্টেম্বৰতেই অনুষ্ঠিত কৰিলে শিক্ষক দিৱস!

ফাদাৰৰ কনিষ্ঠ ভাতৃৰ অসুখৰ বাবেই ২ ছেপ্টেম্বৰতেই অনুষ্ঠিত কৰিলে শিক্ষক দিৱস!

ডিজিটেল সংবাদ, ছয়দুৱাৰ:ড: সৰ্বপল্লী ৰাধাকৃষ্ণন এগৰাকী মহান দাৰ্শনিক, শিক্ষাবিদ তথা ভাৰতবৰ্ষৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি আছিল। এই মহান ব্যক্তিগৰাকীৰ ৫ ছেপ্টেম্বৰৰ জন্মদিৱটো সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস হিচাপে উদযাপিত কৰি অহা হৈছে। ছাত্র-ছাত্ৰী সকলক জ্ঞানৰ আলোকেৰে আলোকিত কৰি অহা শিক্ষক-শিক্ষয়িত্ৰী সকলক সন্মান জনাবলৈ ড: সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ৫ ছেপ্টেম্বৰৰ জন্মদিৱটো শিক্ষক দিৱস হিচাপে ১৯৬২ চনৰ পৰা উদযাপিত কৰি অহা হৈছে সমগ্ৰ ভাৰতবৰ্ষত।

ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰ লগতে অসমৰ প্ৰতিখন শিক্ষানুষ্ঠানতো ৫ ছেপ্তেম্বৰত উদযাপন কৰি অহা হৈছে শিক্ষক দিৱস।কিন্তু গহপুৰৰ এখন খ্ৰীষ্টান মিছনেৰী বিদ্যালয়ে শিক্ষক দিৱস উদযাপন কৰাৰ নামত যি কাৰ্য্য সংঘটিত কৰিলে তাকে লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৌদ্ধিক আৰু শৈক্ষিক সমাজত।গহপুৰৰ পুৰুপবাৰীত অৱস্থিত ছেণ্ট যোচেফ স্কুলৰ কৰ্তৃপক্ষই ড: সৰ্বপল্লী ৰাধাকৃষ্ণনৰ নীতি-আদৰ্শ আৰু শিক্ষক দিৱসৰ তৎপৰ্য্যক চূড়ান্ত ভাবে অপমান কৰি আজি ২ ছেপ্টেম্বৰৰ দিনা উদযাপন কৰিলে শিক্ষক দিৱসৰ কাৰ্য্যসূচী।

এইক্ষেত্ৰত বিদ্যালয়খনৰ এগৰাকী শিক্ষকে প্ৰকাশ প্ৰতিক্ৰিয়াত প্ৰকাশ পোৱা অনুসৰি বিদ্যালয়খনৰ ফাদাৰ গৰাকীৰ কনিষ্ঠ ভাতৃৰ চিকিৎসাজনিত কাৰণৰ বাবে আগুৱাই অনা হ'ল শিক্ষক দিৱসৰ কাৰ্য্যসূচী।তদুপৰি ৪ ছেপ্টেম্বৰ আৰু ৬ ছেপ্টেম্বৰত বন্ধৰ দিন থকাৰ বাবে শিক্ষক দিৱসৰ আয়োজনত অসুবিধা হোৱাটো শিক্ষক দিৱসৰ কাৰ্য্যসূচী আগুৱাই অনাৰ আন এটা কাৰণ বুলি উল্লেখ কৰে শিক্ষকগৰাকীয়ে।

বছৰৰ এটা নিৰ্দিষ্ট দিনত উদযাপনৰ চৰকাৰী নিৰ্দেশনা থকা শিক্ষক দিৱসৰ দৰে এটা পবিত্ৰ আৰু মহান অনুষ্ঠানক নিজ খেয়ালখুচিমতে আগুৱাই অনুষ্ঠিত কৰাৰ ধৃষ্টতা আৰু মৰসাহ কৰা ছেণ্ট যোচেফ স্কুলৰ এই কাণ্ডজ্ঞানহীনতাক একেমুখে ধিক্কাৰ আৰু গৰিহণা জনাইছে গহপুৰবাসী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে।

এইক্ষেত্ৰত অনুসূচিত জাতি ছাত্রসন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিপুল হীৰাই বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ এই মইমতালী আৰু কাণ্ডহীনতাক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁলোকৰ বিৰুদ্ধে এক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু গহপুৰ মহকুমা প্ৰশাসনৰ ওপৰত দাবী জনাইছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in