/asomiyapratidin/media/media_files/2025/03/10/lDCrW6mNt8wf6sG0mYz4.png)
ডিজিটেল ডেস্কঃ পুনৰ বলিউড অভিনেতা, ক্ৰিকেটাৰে ভিৰ কৰিব গুৱাহাটীত। মাত্ৰ কেইটামান দিনৰ পাছতে গুৱাহাটীত একেটা দিনতে আহি উপস্থিত হব বলিউড আৰু ক্ৰিকেট বিশ্বৰ কেইবাজনো মহা তাৰকাই। একেদিনাই গুৱাহাটীলৈ আহিব বলিউড বাদশ্বাহ আৰু কেপ্টেইন কুল !
উল্লেখ্য যে, ২২ মাৰ্চৰ পৰা আৰম্ভ হব আই পি এল-২০২৫। এইবাৰ আই পি এলৰ প্ৰাৰম্ভিক পৰ্যায়তে গুৱাহাটীত অনুষ্ঠিত হব দুখনকৈ মেচ। আই পি এলৰ ৰাজস্থান ৰয়েলছ ফ্ৰেঞ্চাইজিয়ে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামক দ্বিতীয়খন হোম গ্ৰাউণ্ডে হিচাপে ব্যৱহাৰ কৰি আহিছে। সেয়ে ফ্ৰেঞ্চাইজিটোৱে নিজৰ দুখন মেচ খেলিব গুৱাহাটীত।
ইয়াৰে প্ৰথমখন মেচ অনুষ্ঠিত হব ২৬ মাৰ্চত। অহা ২৬ মাৰ্চ বুধবাৰে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে ৰাজস্থানে গুৱাহাটীত খেলিব প্ৰথমখন মেচ। এই উপলক্ষে ফ্ৰেঞ্চাইজিটোৰ স্বত্বাধিকাৰ তথা বলিউড অভিনেতা শ্বাহৰুখ খান আহিব গুৱাহাটীলৈ। তেওঁৰ উপৰিও ফ্ৰেঞ্চাইজিটোৰে জৰিত আন কেইবাজনো তাৰকা গুৱাহাটীলৈ অহাৰ কথা।
ইফালে ৩০ মাৰ্চ, দেওবাৰে বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলেছে চেন্নাই ছুপাৰ কিংছেৰে খেলিব। এই মেচখনৰ বাবে চেন্নাইৰ দলটো ২৯ তাৰিখে আহিব গুৱাহাটীলৈ। অৱশ্যে ২৬ মাৰ্চতেই মহেন্দ্ৰ সিং ধোনী গুৱাহাটীলৈ আহিব বুলি এক খবৰ ইতিমধ্যে বিয়পি পৰিছে।
লক্ষ্যণীয় ভাৱে ২৮ তাৰিখে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত আছে চেন্নাইৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বিৰুদ্ধে মেচ। এই মেচ এৰি ধোনী ২৬ তাৰিখেই গুৱাহাটীলৈ অহাৰ সম্ভাৱনা তেনেই সীমিত। সেয়ে শ্বাহৰুখ খানৰ সৈতেই চেন্নাইৰ তাৰকা মহেন্দ্ৰ সিং ধোনী গুৱাহাটীলৈ অহাৰ সম্ভাৱনা নাই।
উল্লেখ্য যে, ইতিমধ্যে গুৱাহাটীত অনুষ্ঠিত হবলগীয়া ৰাজস্থান আৰু চেন্নাইৰ মাজৰ টিকট বিক্ৰী প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে। এইমেচখনক লৈয়ে সৰ্বাধিক উৎকণ্ঠিত হৈ আছে অসমৰ ক্ৰিকেট অনুৰাগী।