ভাইৰেল ফটোখনৰ আঁৰৰ কাহিনী...

ভাইৰেল ফটোখনৰ আঁৰৰ কাহিনী...
ভাইৰেল ফটোখনৰ আঁৰৰ কাহিনী...

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ কেইটামান মুহুৰ্ত। তাৰ পিছতেই আৰম্ভ হ'ব আই পি এলৰ মহাৰণ। চি এছ কে বনাম গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ'ব আই পি এলৰ প্ৰথমখন মেচ। ইতিমধ্যে বিশ্বজুৰি আৰম্ভ হৈছে কাউণ্টডাউন।

আই পি এলৰ পূৰ্বে ফ্ৰঞ্চাইজি কেইটাৰ অধিনায়কে আই পি এল ২০২৩ ৰ ট্ৰফীৰ সৈতে ফটো উঠিছিল। পূৰ্বেও এইদৰে ট্ৰফীৰ সৈতে অধিনায়কৰ ফটো তোলা হয়। কিন্তু এইবাৰ মেচৰ পূৰ্বে তোলা সেই ফটোখন ভাইৰেল হৈ পৰিল।

ভাইৰেল হোৱাৰে কথা। ১০ ফ্ৰেঞ্চাইজিৰ ৯ টাৰ অধিনায়ক উপস্থিত আছিল যদিও ফটোখনত নাছিল মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মা। ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা ফটোখনত নথকাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত সৰৱ চৰ্চা।

বহুতেই আকৌ ৰোহিত শৰ্মাক ফটোখনত নেদেখি ৰোহিতেই এই ফোটখন ক্লিক কৰিছিল বুলি দাবী কৰিছে। এই দাবীক অধিক প্ৰাসংগিক কৰি কেমেৰাৰ পিছফালে থকা ৰোহিত শৰ্মাৰ এখন ফটোও ভাইৰেল হৈছে।

সেয়ে বহুতেই দাবী কৰিছে ৰোহিত শৰ্মাই ক্লিক কৰিছিল ৯ জন অধিনায়কক আই পি এলৰ ট্ৰফীৰ সৈতে ফোটখন। কিন্তু এতিয়া প্ৰশ্ন হয়, সামাজিক মাধ্যমত চৰ্চা চলাৰ দৰে এই ফটোখন ৰোহিত শৰ্মাই ক্লিক কৰাটো সত্যনে?

একেবাৰে অসত্য। ৰোহিত শৰ্মাই ক্লিক কৰা নাছিল সেই ফটোখন। ভাইৰেল হোৱা অধিনায়কসকলৰ এই ফটোখন ক্লিক কৰা হৈছিল আহমেদাবাদত। আজি ইয়াতেই অনুষ্ঠিত হ'ব আই পি এলৰ প্ৰথমখন মেচ।

এই ফটোখন যি সময়ত ক্লিক কৰা হৈছিল সেই সময়ত ৰোহিত শৰ্মা উপস্থিত নাছিল আহমেদাবাদত। জ্বৰত আক্ৰান্ত হোৱাৰ বাবে ৰোহিত শৰ্মা আহমেদাবাদলৈ যোৱাৰ পৰা বিৰত আছিল। সেয়ে অধিনায়কসকলৰ ফটোশ্বোটৰ সময়ত তেওঁ উপস্থিত নাছিল।

২ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমখন মেচ। দলটোৱে আৰ চি বিৰ সৈতে খেলিব এই ছিজনৰ প্ৰথমখন মেচ। এই মেচখনলৈকে ৰোহিত শৰ্মা সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছে।

ভাইৰেল ফটোখনৰ আঁৰৰ কাহিনী...
আঘাতৰ সমস্যাত ভূগি আছে ধোনীঃ বেন ষ্টোকছ হ'ব নেকি CSK ৰ অধিনায়ক...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in