
ডিজিটেল ডেস্কঃ সকলো ঠিকেই থাকিলে এইবাৰ অসমতে চাবলৈ পাব আই পি এলৰ মেচ।গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'ব আই পি এলৰ মেচ। অসম ক্ৰিকেট সন্থাই এই বিষয়ত অব্যাহত ৰাখিছে প্ৰচেষ্টা।
অসম ক্ৰিকেট সন্থাই পূৰ্বৰে পৰা গুৱাহাটীত আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কোভিডৰ পূৰ্বে ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাক তেওঁলোকৰ দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে লৈ দুখন মেচ অনুষ্ঠিত কৰাৰ কথা আছিল যদিও কোভিডৰ বাবেই সেয়া হৈ নুঠিল।
এইবাৰ পুনৰ আই পি এল পূৰ্বৰ দৰেই বাধাহীন ভাৱে অনুষ্ঠিত কৰা হ'ব। সেয়ে অসম ক্ৰিকেট সন্থাই ৰাজস্থান ৰয়েলছক বৰ্ষাপাৰাক তেওঁলোকৰ দ্বিতীয় হোমগ্ৰাউণ্ড হিচাপে ল'বলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি ৰাজস্থান ৰয়েলছে সহাৰি জনাইছে বুলি জানিব পৰা গৈছে।
অসমীয়া প্ৰতিদিন ডিজিটেলক অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদিপ কোঁৱৰ এই সন্দৰ্ভত কয় যে, যিহেতু এই পৰ্যন্ত কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই সেয়ে এই বিষয়ত কোনো কথা ক'ব পৰা নাযাব। কিন্তু ৰাজস্থান ৰয়েলছ আৰু বি চি চি আইৰ লগত এই বিষয়ে আলোচনা কৰা হৈছে।
ৰাজস্থান ৰয়েলছক তেওঁলোকৰ দুখন মেচ অসমত অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱা হৈছে। বি চি চি আইৰ সৈতেও এই বিষয়ত কথা পতা হৈছে। তেওঁলোকৰ সহাৰিও যোগাত্মক।
আনহাতে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে সাংবাদিকৰ আগত এই সন্দৰ্ভত কয়, অসমৰ যিহেতু আই পি এলৰ দল নাই সেয়ে ৰাজস্থান ৰয়েলছক বৰ্ষাপাৰক তেওঁলোকৰ দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ ল'বলৈ আহ্বান জনোৱা হৈছে। তেওঁলোকেও আমাৰ আহ্বানৰ প্ৰতি সহাৰি জনাইছে।
বি চি চি আইয়কো অসমত অন্ততঃ ২ খন আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে। ইতিমধ্যে ৰাজস্থান ৰয়েলছৰ কৰ্তৃপক্ষই বাৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম প্ৰদৰ্শন কৰি গৈছে।
লগতে তৰংগ গগৈয়ে কয় যে, যিহেতু এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা আই পি এল অনুষ্ঠিত হোৱাৰ কথা আছে গতিকে ব'হাগ বিহুৰ পূৰ্বে ৮ আৰু ১০ এপ্ৰিলতেই দুয়োখন মেচ অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱা হৈছে। কিয়নো ব'হাগ বিহুৰ সময়ছোৱাত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়।
অৱশ্যে অসমে যে দুয়োখন মেচ পাবই বা ৮ আৰু ১০ এপ্ৰিলতেই অনুষ্ঠিত হ'ব তেনে কোনো আনুষ্ঠানিক ঘোষণা এই পৰ্যন্ত হোৱা নাই। কিন্তু অসমে দুখন মেচ পোৱাটো প্ৰায় নিশ্চিত।
উল্লেখ্য যে, অসম ক্ৰিকেট সন্থাই ৰাজস্থান ৰয়েলছৰ সৈতে পূৰ্বেই এক চুক্তি স্বাক্ষৰ কৰিছে। সেই চুক্তিৰ আধাৰতে ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষকৰ অধীনত অসম ক্ৰিকেট একাডেমী চলাই থকা হৈছে।
অসমৰ ক্ৰিকেট প্ৰশিক্ষকৰ পৰা আৰম্ভ কৰি ক্ৰিকেটাৰলৈকে ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষকৰ অধীনত উন্নত প্ৰশিক্ষন প্ৰদান কৰা হৈছে। আনহাতে ৰাজস্থান ৰয়েলছৰ সৈতে জড়িত হৈ আছে অসমৰ ৰঞ্জিত বৰঠাকুৰ। তেওঁ দলটোৰ কো-অ'নাৰ।