আজি বৰ্ষাপাৰাত ৰাজস্থান-কলাকাতাৰ মেচঃ ঘৰুৱা দৰ্শকৰ সন্মুখত দলক নেতৃত্ব দিব ৰিয়ানে

আজি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিব ছিজনৰ দ্বিতীয়খন মেচ। পইণ্ট টেবলুৰ তলত থকা দুয়োটা দলেই খেলিব বিজয়ৰ বাবে।

author-image
Asomiya Pratidin
New Update
আজি বৰ্ষাপাৰাত ৰাজস্থান-কলাকাতাৰ মেচঃ ঘৰুৱা দৰ্শকৰ সন্মুখত দলক নেতৃত্ব দিব ৰিয়ানে

ডিজিটেল ডেস্কঃ আজি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিব ছিজনৰ দ্বিতীয়খন মেচ। ইতিমধ্যে দুয়োটা দলেই নিজৰ নিজৰ প্ৰথমখন মেচত পৰাজিত হৈছে। সেয়ে আজিৰ মেচ দুয়োটা দলেই জয়ৰ লক্ষ্যৰেই অৱতীৰ্ণ হ'ব। 

Advertisment

ইতিমধ্যে প্ৰতিটো দলেই এখনকৈ মেত খেলিলে। সেই অনুসৰি পইণ্ট টেবুলৰ শীৰ্ষত আৰোহণ কৰি আছে ছান ৰাইজাৰ্ছ হায়দৰাবাদে। তাৰ পাছতেই আছে ক্ৰমে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুস পঞ্জাৱ কিংছ  আৰু চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছ। এই পাঁচোটা দলে নিজৰ নিজৰ প্ৰথমখন মেচ জয় কৰিছে। 

ইয়াৰ বিপৰীতে পইণ্ট টেবুলত ষষ্ঠ স্থানৰ পৰা দশম স্থানলৈ আছে ক্ৰমে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, মুম্বাই ইণ্ডিয়ানছ, গুজৰাট টাইটানছ, কলাকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছ। ৰাজস্থানৰ অধিনায়ক ছঞ্জু ছেমছন আঘাতৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত নোহোৱাত তেওঁ ইম্পেক্ট প্লেয়াৰ হিচাপেহে খেল পথাৰত নামিছে। সেয়ে তেওঁৰ স্থানত দলক নেতৃত্ব দিছে ৰিয়ান পৰাগে। 

ইফালে গুৱাহাটীত আই পি এলৰ আজিৰ মেচখন উপভোগ কৰিবলৈ দৰ্শকৰ মাজতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। ঘৰুৱা দল ৰাজস্থানৰ সমান্তৰালকৈ কলকাতা নাইট ৰাইডাৰ্ছৰো সমৰ্থকে ভিৰ কৰিছে গুৱাহাটী। অনুৰাগীৰ মাজত দেখা উৎসাহৰ পৰা অনুমান কৰা হৈছ আজি বৰ্ষাপাৰা ষ্টেডিয়ামৰ গেলেৰী সম্পূৰ্ণ ৰূপে ভৰি পৰিব। 

ইফালে আই পি এলৰ মেচখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়েও কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে।  সেই অনুসৰি ২৬ আৰু ৩০ মাৰ্চত ষ্টেডিয়ামৰ দিশে বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। 

দিনৰ ২ বজাৰ পৰা নিশা ১১ বজালৈকে বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল। কাহিলীপাৰা পথেৰে দুপৰীয়া ২ বজাৰ পৰা বাণিজ্যিক পথত চলাচল বন্ধ থআকিব। 

একেদৰে একে আজাদ পথত বিৰুবাৰীৰ  পৰা বৰ্ষাপাৰাৰ দিশেৰে আহিব নোৱাৰিব। কুল বসুমতাৰী পথত কেৱল ভি আই পি পাছ থকা বাহনহে চলিব পাৰিব। মৰা ভৰলু পথত কোনো বাহন চলাব নোৱাৰিব। 

যিসকলে দৰ্শকে ৫ আৰু ৬ নম্বৰ গেটেৰে ষ্টেডিয়ামত প্ৰৱেশ কৰিব তেওঁলোকে শ্যাম মন্দিৰৰ দিশেৰে আহিব লাগিব। আমবাৰীৰ পৰা চম্পাৱতী বিদ্যালয় পথত কোনো বাহন চলাব নোৱাৰিব। সেইদৰে ৭নং গেটেৰে প্ৰৱেশ কৰিবলগীয়া দৰ্শকে গেট নম্বৰ ১ বিৰে প্ৰৱেশ কৰিব পাৰিব। দৰ্শকসকলৰ বাবে মুঠ ১১ টাকৈ পাৰ্কিঙৰো ব্যৱস্থা কৰিছে বুলি জনাইছে প্ৰশাসনে। 

 

বৰ্ষাপাৰা ৰিয়ান পৰাগ আই পি এল ক্ৰিকেট