/asomiyapratidin/media/media_files/2025/05/09/4nPTHo8ZjCuLkqWRbpiV.jpg)
ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে আই পি এলৰ পৰৱৰ্তী মেচসমূহ। আজি বি চি চি আইয়ে এই সন্দৰ্ভত গ্ৰহণ কৰিছে সিদ্ধান্ত। উল্লেখ্য যে, বৃহস্পতিবাৰে ধৰ্মশালাত আই পি এলৰ পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজৰ মেচ অনু্ষ্ঠিত হৈ থকাৰ সময়তে ব্লেক আউট কৰি মেচখন বাতিল কৰা হৈছিল।
বৃহস্পতিবাৰে পাকিস্তানে মিছাইল আৰু ড্ৰোণেৰে ভাৰতক আক্ৰমণৰ চেষ্টা কৰাৰ পাছতেই ভাৰতে পাকিস্তাক যথোচিত প্ৰত্যুত্তৰ দিবলৈ দৈ পাকিস্তানৰ কেইবাখনো চহৰত আক্ৰমণ কৰে। সমান্তৰালকৈ পাকিস্তানেও বাৰে বাৰে ভাৰতলৈ মিছাইল আৰু ড্ৰোণ নিক্ষেপ কৰিছিল যদিও ভাৰতৰ এয়াৰ ডিফেন্স প্ৰণালীয়ে সেই সকলো প্ৰচেষ্টা ব্যৰ্থ কৰে।
এনে যুদ্ধ সদৃশ পৰিস্থিতিত আই পি এলৰ মেচসমূহৰ প্ৰতিও ভাবুকি আহি পৰিছে। তাৰোপৰি বিদেশী খেলুৱৈসকলেও এনে পৰিস্থিতিত অসুৰক্ষিত অনুভৱ কৰিছে। সেয়ে বি চি চি আইয়ে সামগ্ৰীক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো মেচ স্থগিত ৰাখিছে।
আজি আই পি এলৰ মেচ আৰ চি বি আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এই মেচখনো বাতিল কৰা হৈছে। ইতিমধ্যে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ খেলুৱৈসকলো লক্ষ্ণৌৰ পৰা বেংগালুৰুলৈ ঘূৰি যোৱাৰ বাবে সাজু হৈছে। প্ৰতিটো ফ্ৰেঞ্চাইজিৰে বিদেশী খেলুৱৈসকলে স্বদেশলৈ উভতি যাবলৈ পেকিং আৰম্ভ কৰিছে।
ইফালে ধৰ্মশালাত খেলিবলৈ যোৱা পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ খেলুৱৈসকলেও ধৰ্মশালা ত্যাগ কৰিছে। তাৰোপৰি ধৰ্মশালাত বাহাৰ পাতি থকা আই পি এলৰ কৰ্তৃপক্ষ, ব্ৰডকাষ্টাৰৰ সদস্য আদিয়েও ধৰ্মশালা ত্যাগ কৰিছে। খেলুৱৈকে ধৰি এই সকলোকে সুৰক্ষিতভাৱে স্বগৃহলৈ প্ৰেৰণ কৰাটো এই মুহূৰ্তত আই পি এল গৰ্ভনিং বডী তথা বি চি চি আইৰ প্ৰধান দায়িত্ব বুলি উল্লেখ কৰিছে বি চি চি আইৰ উপ সভাপতি ৰাজীৱ শুক্লাই।
অৱশ্যে আই পি এলৰ এখনো ভ্যেনুৰ প্ৰতি ভাবুকি নাই বুসি উল্লেখ কৰিছে বি চি চি আই কৰ্তৃপক্ষই। তথাপিও দেশৰ সামগ্ৰীক পৰিস্থিতি, খেলুৱৈৰ সুৰক্ষা আৰু দেশবাসীৰ মানসিক অৱস্থাক সন্মান জনাই বি চি চি আইয়ে আই পি এলৰ মেচসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰৱৰ্তী সময়ত পৰিস্থিতি উন্নত হ’লে কিদৰে মেচসমূহ অনুষ্ঠিত কৰিব পাৰি সেই বিষয়ে আলোচনাত মিলি ঘোষণা কৰিব বুলিও জানিব পৰা গৈছে।
স্মৰ্তব্য আজি পুৱাৰ ভাগত আই পি এলৰ অধ্যক্ষ অৰুণ ধুমলে যেতিয়ালৈকে ভাৰত চৰকাৰে কোনো সিদ্ধান্ত নলয় তেতিয়ালৈকে আই পি এলৰ মেচসমূহ অনুষ্ঠিত হৈ থাকিব বুলি জনাইছিল। আজি আৰ চি বি আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মেচো অনুষ্ঠিত হ'ব বুলিয়েই কৈছিল। অৱশ্যে তেওঁ এই কথাও উল্লেখ কৰিছিল পৰিস্থিতি অনুসৰি পৰৱৰ্তী সিদ্ধান্তসমূহ গ্ৰহণ কৰা হ'ব। সেই অনুসৰিয়েই বি চি চি আইয়ে পৰিস্থিতি অধ্যয়ন কৰি কেৱল আজিৰ মেচখনেই নহয় আই পি এলৰ অৱশিষ্ট সকলো মেচেই স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।