/asomiyapratidin/media/media_files/2025/03/24/Ac3RfS7p80aNU4BDkMmn.jpg)
ডিজিটেল ডেস্কঃ অসম্ভৱকেই যেন সম্ভৱ কৰি তুলিলে দিল্লী কেপিটেলছে। বিশাখাপট্টনমত অনুষ্ঠিত হোৱা আই পি এলৰ আজিৰ মেচত নিশ্চিত পৰাজয়ৰ দিশে গতি কৰা দিল্লীয়ে যিদৰে খেলৰ গতি সলনি কৰিলে সেই দৃশ্য আগন্তুক কেইবাটাও বছৰলৈ যে ক্ৰিকেট অনুৰাগীয়ে মনত ৰাখিব সেয়া নিশ্চিত।
দিল্লীৰ এনে বিজয়ৰ মূলতে আছিল ইম্পেক্ট প্লেয়াৰৰ ৰূপত অহা আশুতোষ শৰ্মা। তেওঁ মাত্ৰ ২১ টা বলতে ৬৬ ৰাণ কৰি দিল্লীক নিশ্চিত পৰাজয়ৰ গৰাহৰ পৰা ৰক্ষা কৰাই নহয় বিজয়ৰো সোৱাদ দিলে।
মেচখনত দিল্লী কেপিটেলছে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল যদিও লক্ষ্ণৌ ছুপাৰ জায়েণ্টেছৰ অপেনাৰ মিছেল মাৰ্ছ, নিকোলাছ পুৰাণৰ মাৰমুখি বেটিঙেৰে এক পৰ্বতসম স্কৰৰ দিশে গতি কৰিছিল যদিও দিল্লী কেপিটেলছৰ বলাৰে পাছত খেলখন নিজৰ নিয়ন্ত্ৰণলৈ আনে।
মিছেল মাৰ্ছে মাত্ৰ ৩৬ টা বলতে ৭২, পুৰাণে ৩০ বলত ৭৫ ৰাণ কৰাৰ লগতে ডেভিড মিলাৰে ১৯ বলত ২৭ ৰাণ কৰে। ব্যৰ্থ হয় অধিনায়ক পণ্ট। পণ্ট শূন্যতে পেভিলিয়নলৈ উভতে। ২০ অভাৰ বেটিং কৰি দলটোৱে ২১০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে দিল্লীক।
নিৰ্ধাৰিত লক্ষ্য লৈ দিল্লীয়ে বেটিং কৰিবলৈ আহি আৰম্ভণিৰ পৰা বেটিং বিপৰ্যয়ৰ সন্মুখীন হয়। ছাৰ্দুল ঠাকুৰ অপেনাৰ জেক ফ্ৰেছাৰক মাত্ৰ ১ ৰাণতে পেভিলিয়নমুখী কৰাৰ বিপৰীতে অভিষেক পোৰেলক শূন্যতে আউট কৰে। দলীয় স্কৰ ২ ৰাণতে দলটোৱে দুটা উইকেট হেৰুৱাই বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পাছত এম সিদ্ধাৰ্থৰ স্বীকাৰ হয় সমীৰ ৰিজৱী।
ফলত ৭ ৰাণত দিল্লীৰ উইকেট পৰে ৩ টা। পাছত ফাফ ডুপ্লেছিচ আৰু অক্সৰ পেটেলে ইনিংছ চম্ভালিবলৈ যত্ন কৰে যদিও ২২ ৰাণ কৰি আউট হয় অক্সৰ পেটেল। সেই মুহূৰ্তত দলীয় স্কৰ আছিল ৫০। তাৰ পাছত দলীয় স্কৰ ৬৫ ত আউট হয় ফাপ ডুপ্লেছিচয এইদৰেই দলটো চূড়ান্ত ৰূপত ব্যৰ্থ হোৱাৰ সময়তে খেল পথাৰলৈ আহে ট্ৰিষ্টান ষ্টুবছ। তেওঁ ২২ বলত কৰে ৩৪ ৰাণ।
তাৰ পাছত অশুতোষ শৰ্মাই ৩১ বলত অপৰাজিতচ ৬৬, ভিপৰাজ নিগমে ১৫ বলত ৩৯ ৰাণ কৰি বিজয়ৰ বিপৰ্যয়ৰ মাজতো বিজয়ৰ দিশে দলটোক লৈ যায়। দিল্লীৰৈ হৈ মিছেল ষ্টাৰ্কে ৩ টা, কুলদীপ যাদৱে ২ টা, মুকেশ কুমাৰ আৰু ভিপৰাজ নিগমে এটাকৈ উইকেট লাভ কৰে।
সেইদৰে এল এছ জিৰ হৈ শাৰ্দুল ঠাকুৰ, এম সিদ্ধাৰ্থ, দিগবেশ সিং আৰু ৰবি বিষ্ণয়ে লাভ কৰে দুটাকৈ উইকেট।