/asomiyapratidin/media/media_files/2025/03/26/hnlFTiN2mfl3t1nwPVII.jpg)
ডিজিটেল ডেস্কঃ শ্ৰেয়াছ আয়াৰ। ২০২৩ ৰ এদিনীয়া বিশ্বকাপৰ পাছতে বি চি চি আইৰ ৰোষত পৰি চেণ্ট্ৰেল কণ্ট্ৰেক্টৰ পৰা বাহিৰ হ'বলগীয়া হোৱা আয়াৰে যেতিয়াই সুযোগ পাইছে তেতিয়াই হোৱাইট বল ক্ৰিকেটত নিজৰ আধিপত্যবাদক প্ৰমাণ কৰিবলৈ এৰা নাই আয়াৰে।
ঘৰুৱা ক্ৰিকেটেৰ পৰা আৰম্ভ কৰি চেম্পিয়নছ ট্ৰফীলৈ সকলোতে আয়াৰে মিডল অৰ্ডাৰত তেওঁৰ গুৰুত্ব কিমান সেয়া তেওঁৰ প্ৰদৰ্শনৰ জৰিয়তেই দাঙি আহিছে। আই পি এলৰ যোৱাবাৰৰ চেম্পিয়ন কলকাতা নাইটৰাইডাৰ্ছৰ অধিনায়ক আছিল আয়াৰ।
কিন্তু চেম্পিয়ন হোৱাৰ পাছতো অধিনায়ক হিচাপে যি সন্মান, কৃতিত্বৰ তেওঁ অধিকাৰী আছিল সেই কৃতিত্বৰ পৰাও যেন বঞ্চিত হৈছিল তেওঁ। সকলোৱে কলকাতাৰ সেই বিজয়ৰ কৃতিত্বৰ অধিকাৰী কৰিছিল মেণ্টৰ গম্ভীৰক।
অথচ এইগৰাকী আয়াৰেই তেওঁৰ নেতৃত্বতে দিল্লী কেপিটেলছকো ফাইনেল পৰ্যন্ত লৈ গৈছিল। সেইগৰাকী আয়াৰেই এইবাৰ পঞ্জাৱ কিংছক নেতৃত্বত প্ৰদান কৰি খেল পথাৰত সমুখৰ পৰা দলক যিদৰে নেতৃত্ব দিলে, ব্যক্তিগত ৰেকৰ্ডক প্ৰাধান্য দিয়াতকৈ দলীয় স্ক’ৰক গুৰুত্ব দি ছিজনৰ প্ৰথমখন মেচ জয় কৰিলে, সেই দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছত এতিয়া সৰ্বত্ৰে প্ৰশংসিত আয়াৰ।
আহমেদাবাদত মঙলবাৰে অনুষ্ঠিত হোৱা মেচখনত ঘৰুৱা দল গুজৰাট টাইটানছক পৰাস্ত কৰে। মেচখনত প্ৰথমে বেটিং কৰি পঞ্জাৱে ৫টা উইকেট হেৰুৱাই ২৪৩ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত গুজৰাটে নিৰ্ধাৰিত অভাৰত ৫ উইকেটত ২৩২ ৰাণহে সংগ্ৰহ কৰে। ফলত পঞ্জাব দলটোৱে ১১ ৰাণত জয়লাভ কৰে।
মঙলবাৰৰ এই মেচখনৰ পাছত হোৱাইট বল ক্ৰিকেটত মিডল অৰ্ডাৰত নিজৰ গুৰুত্ব পুনৰবাৰ প্ৰমাণ কৰিলে শ্ৰেয়াছ আয়াৰে। এই মুহূৰ্তত হোৱাইট বল ক্ৰিকেটত মিডল অৰ্ডাৰত অন্যতম শ্ৰেষ্ঠ বেটছমেন আয়াৰে মেচখনত ৪২ বলত অপৰাজিত ৯৭ কৰে। তেওঁ ৯৭ ৰাণৰ ইনিংছক সজাই ৫ টা চাৰি আৰু ৯ টা ছয়ৰে। অ’পেনাৰ প্ৰিয়ংশ আৰ্য্যৰ বেটৰ পৰা আহে ৪৭ ৰাণ।
মেচখনত অধিনায়ক শুভমণ গীলে টছত জয়লাভ কৰি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।পঞ্জাৱৰ অধিনায়ক প্ৰিয়ংশে ৭টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ২৩টা বলত ৪৭ ৰাণৰ ইনিংছ খেলে। আনগৰাকী অ’পেনাৰ প্ৰভশ্বিমৰন সিং মাত্ৰ ৫ ৰাণতে আউট হয়। দলটোৰ আন বেটছমেন ক্ৰমে আজমাতুল্লাহ ওমৰজাই ১৬, গ্লেন মেক্সৱেল ০, আৰু মাৰ্কাছ ষ্ট’ইনিছে ২০ ৰাণ কৰি আউট হয়।
এইদৰে এই কেইজন বেটছমেন ব্যৰ্থ হৈ দলক বিপদলৈ ঠেলি দিছিল যদিও পাছত মেচখনৰ গোটেই পৰিবেশেই সলনি কৰি দিয়ে শশাংক সিং আৰু শ্ৰেয়াছে। সাত নম্বৰত বেটিং কৰিবলৈ আহি শশাংক সিঙে ১৬ টা বলত অপৰাজিত ৪৪ ৰাণৰ ইনিংছ খেলে।
তেওঁ অন্তিম অভাৰত মহম্মদ ছিৰাজৰ বলত ২২ ৰাণ সংগ্ৰহ কৰে। তেওঁৰ এই ইনিংছৰ বাবেই শতকৰ পৰাও বঞ্চিত হয় শ্ৰেয়াছ। অৱশ্যে শ্ৰেয়াছেই তেওঁৰ শতকৰ কথা শশাংকক চিন্তা কৰাৰ পৰিবৰ্তে প্ৰতিটো বলেই নিজৰ মতে খেলিবলৈ অনুমতি দিছিল।
গুজৰাটৰ হৈ ছাই কিশোৰে ৩০ ৰাণ ব্যয় কৰি ৩টা উইকেট দখল কৰাৰ বিপৰীতে ৰছিদ খানে ৪৮ ৰাণত এটা, কাগিছ’ ৰাবাডাই ৪১ ৰাণত এটা উইকেট দখল কৰে। ছিৰাজে ব্যয় কৰে ৫৪ ৰাণ।
২৪৪ ৰাণৰ লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে সুন্দৰ আৰম্ভণি কৰিছিল যদিও সফলতা লাভ কৰিব নোৱাৰিলে। গুজৰাটৰ অধিনায়ক শুভমণে ১৪টা বলত ২টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৩৩ ৰাণ সংগ্ৰহ কৰে। সাই সুদৰ্শনে ৪১টা বলত ৭৪ ৰাণ সংগ্ৰহ কৰে। জছ বাটলাৰে তিনি নম্বৰত বেটিং কৰিবলৈ আহি ৩৩ বলত ৫৪ ৰাণ কৰে।
বাটলাৰ আউট হোৱাৰ লগে লগেই গুজৰাটৰ জয়ৰ আশা প্ৰায় নিৰ্বাপিত হয়। ৰাহুল টেৱটিয়াই ৬ ৰাণতে পেভিলিয়নলৈ উভতে। ৰাদাৰফোৰ্ডে ২৮টা বলত ৪৬ ৰাণ সংগ্ৰহ কৰে। শেষত শ্বাহৰুখ খানে আৰু আৰ্ছাদে এক ৰাণ কৰি অপৰাজিত হৈ থাকে যদিও পৰাজয় বৰণ কৰে।
পঞ্জাৱৰ হৈ অৰ্শ্বদীপ সিঙে ৩৬ ৰাণ ব্যয় কৰি ২ উইকেট লাভ কৰে। জনছেনে ৪৪ ৰাণত এটা উইকেট দখল কৰে। মেক্সৱেলেও ২৬ ৰাণত এটা উইকেট দখল কৰে।