গুজৰাট নে পঞ্জাৱ? আহমেদাবাদত কোন কাঢ়িব ২ পইণ্ট...

আই পি এলৰ আজিৰ পঞ্চমখন মেচত মুখামুখি হব গুজৰাট টাইটানছ আৰু পঞ্জাৱ কিংছ। আহমেদাবাদত অনুষ্ঠিত হবলগীয়া মেচখনক লৈ স্বাভাৱিকতে ক্ৰিকেট অনুৰাগীৰ মাজত উন্মাদনা বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
গুজৰাট নে পঞ্জাৱ? আহমেদাবাদত কোন কাঢ়িব ২ পইণ্ট...

ডিজিটেল ডেস্কঃ আই পি এলৰ আজিৰ পঞ্চমখন মেচত মুখামুখি হব গুজৰাট টাইটানছ আৰু পঞ্জাৱ কিংছ। আহমেদাবাদত অনুষ্ঠিত হবলগীয়া মেচখনক লৈ স্বাভাৱিকতে ক্ৰিকেট অনুৰাগীৰ মাজত উন্মাদনা বৃদ্ধি পাইছে। 
আত্মপ্ৰকাশ কৰিয়েই হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত ২০২২ ছিজনত আই পি এলৰ খিতাপ দখল কৰা গুজৰাটে ২০২৩ ত ৰানাৰ্ছআপ হৈছিল। যোৱা ছিজনত শুভমণ গিলৰ নেতৃত্বত দলটোৱে অষ্টম স্থানতে সন্তুষ্ট থাকে।

Advertisment

সেইদৰে পঞ্জাৱ কিংছে এই পৰ্যন্ত আই পি এলৰ খিতাপ জয় কৰা নাই যদিও যোৱাবাৰৰ চেম্পিয়ন কলকাতাৰ অধিনায়ক শ্ৰেয়াছ আয়াৰক দলটোৱে এইবাৰ অধিনায়কৰ দায়িত্ব দিছে। তাৰোপৰি পঞ্জাৱে এইবাৰ বেটে, বলে ভাৰাসাম্য ৰক্ষা কৰা এটা দল গঠন কৰিবলৈয়ো সক্ষম হৈছে।

পীটছ ৰিপ’ৰ্ট


আহমেদাবাদ ষ্টেডিয়ামৰ পীটছ বেটছমেনৰ বাবে অনুকূল বুলি বিবেচিত হৈ আহিছে। ইয়াৰ পীটছত ভাল বাউন্স হয়। বেগী বলাৰৰ বাবে পীটছ সুবিধাজনক যদিও স্পীনাৰসকল ইয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেয়ে আজিৰ মেচখনো হাই স্কৰ মেচ হোৱাৰে সম্ভাৱনা আছে।

পৰিসংখ্যাই কি কয়?

আমহমেদাবাদত এই পৰ্যন্ত ৩৬ খন আই পি এলৰ মেচ অনুষ্ঠিত হৈছে। ইয়াৰে ১৫ খন মেচত প্ৰথমে বেটিং কৰা দলটো জয়ী হোৱাৰ বিপৰীতে ২০ খন লক্ষ্য অনুসৰণ কৰা দলটো জয়ী হৈছে। এখন মেচ ফলাফল বিহীন হৈ ৰৈছে। 

পীটছখনত আই পি এলৰ সৰ্বাধিক স্কৰ হৈছিল ২০২৩ ৰ কোৱালিফায়াৰ-২ ত। গুজৰাট আৰু মুম্বাইৰ মাজত হোৱা মেচখনত গুজৰাটে কৰিছিল ২৩৩/৩ ৰাণ। তাৰোপৰি এই একেখন পীটছতে ২০২৪ ত দিল্লী কেপিটেলছে ৮৯ ৰাণ সৰ্বনিম্ন স্কৰ কৰিছিল। 

পীটখনত প্ৰথম ইনিংছৰ গড় স্কৰ ১৭২ ৰাণ। ইয়াত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছে শুভমণ গীলে। তেওঁ গুজৰাটৰ হৈ মুঠ ১৮ খন মেচ খেলি ইয়াত ৯৫৩ ৰাণ সংগ্ৰহ কৰিছে। সেইদৰে সৰ্বাধিক ২৬ টা উইকেট লৈছে মোহিত শৰ্মাই। 

গুজৰাট আৰু পঞ্জাৱৰ মাজৰ পৰিসংখ্যা


আই পি এলত গুজৰাট আৰু পঞ্জাৱ এই পৰ্যন্ত ৫ বাৰ মুখামুখি হৈছে। এই ৫ খন মেচৰ ভিতৰত গুজৰাটে ৩ বাৰ বিজয় সাব্যস্ত কৰিছে আৰু পঞ্জাৱে ২ খন মেচ জয় কৰিছে। 

গুজৰাটৰ সম্ভাৱ্য প্লেয়িং-১১

শুভমন গীল (অধিনায়ক), জছ বাটলাৰ, ছাই সুদৰ্শন, শ্বাহৰুখ খান, গ্লেন ফিলিপছ, ৰাহুল টেৱটিয়া, ৱাশ্বিংটন সুন্দৰ, মহম্মদ আৰ্ছাদ খান, ৰছিদ খান, কাগিছ’ ৰাবাদা আৰু মহম্মদ চিৰাজ।ইমপেক্ট প্লেয়াৰ: মহিপাল লমৰৰ, প্ৰসিদ্ধ কৃষ্ণ, মানৱ সুথাৰ।

পঞ্জাৱ কিংছৰ সম্ভাৱ্য প্লেয়িং-১১

প্ৰভসিমৰন সিং (উইকেটকীপাৰ), প্ৰিয়াংশ আৰ্য্য, শ্ৰেয়াছ আয়াৰ (অধিনায়ক), শশাংক সিং, গ্লেন মেক্সৱেল, নেহাল ৱাধেৰা, মাৰ্কাছ ষ্টোইনিছ, আজমতুল্লাহ উমৰজাই, মাৰ্কো জনছন, হৰপ্ৰীত ব্ৰাৰ আৰু যুজবেন্দ্ৰ চাহাল। ইমপেক্ট প্লেয়াৰ : কুলদীপ সেন, সূৰ্য্যংশ শ্বেগড়ে।

পঞ্জাৱ কিংছ গুজৰাট টাইটানছ আই পি এল