মানসিক চাপ লৈ দিল্লীৰ বিৰুদ্ধে নামিব পণ্টঃ অনিশ্চয়তাত কে এল ৰাহুল...

আই পি এল-২০২৫ ৰ আজি চতুৰ্থখন মেচ। সন্ধিয়া ৭-৩০ বজাৰ পৰা বিশাখাপট্টনমত অনুষ্ঠিত হবলগীয়া এই মেচত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু দিল্লী কেপিটেলছ মুখামুখি হ'ব। 

author-image
Asomiya Pratidin
New Update
মানসিক চাপ লৈ দিল্লীৰ বিৰুদ্ধে নামিব পণ্টঃ অনিশ্চয়তাত কে এল ৰাহুল...

ডিজিটেল ডেস্কঃ আই পি এল-২০২৫ ৰ আজি চতুৰ্থখন মেচ। সন্ধিয়া ৭-৩০ বজাৰ পৰা বিশাখাপট্টনমত অনুষ্ঠিত হবলগীয়া এই মেচত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু দিল্লী কেপিটেলছ মুখামুখি হ'ব। 

Advertisment

যোৱাটো ছিজনলৈকে দিল্লীক নেতৃত্ব দিয়া ঋষভ পণ্টে এইবাৰ লক্ষ্ণৌক নেতৃত্ব দিয়াৰ বিপৰীতে লক্ষ্ণৌ যোৱা ছিজন কেইটাত নেতৃত্ব দিয়া কে এল ৰাহুল এইবাৰ আছে দিল্লীত। দিল্লীক প্ৰথমবাৰৰ বাবে নেতৃত্ব দিবলৈ সাজু হৈছে অক্ষৰ পেটেল। অধিনায়ক হিচাপে তেওঁৰ হব এইখন প্ৰথম মেচ।

উল্লেখ্য যে, মেগা নিলামত এইবাৰ লক্ষ্ণৌ ছুাৰ জায়েণ্টেছে সকলো অভিলেখ ভংগ কৰি ঋষভ পণ্টক ২৭ কোটি টকাত ক্ৰয় কৰিছিল। তেওঁৰ ওপৰতেই যিহেতু অধিনায়কৰো দায়িত্ব দিয়া হৈছে সেয়ে স্বাভাৱিকতে আজিৰ মেচখনত পণ্টৰ ওপৰত যথেষ্ট চাপ থাকিব।

তাৰ বিপৰীতে অধিনায়কৰ দৰে দায়িত্বৰ পৰা মুক্ত হৈ থাকি সম্পূৰ্ণ স্বাধীন মনেৰে খেলিবলৈ সাজু হৈছে এল এছ জিক দুবাৰকৈ নেতৃত্ব দিয়া কে এল ৰাহুলে। অৱশ্যে ৰাহুলে প্ৰথমখন মেচত খেলিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ক্ৰিকেটাৰগৰাকীৰ অভিনেত্ৰী পত্নী আথিয়া শেট্টী গৰ্ভৱতী। তেওঁ প্ৰথম সন্তানৰ মাতৃ হবলৈ ওলাইছে। এই মুহূৰ্তত ৰাহুল পত্নীৰ কাষত থাকিব বিচাৰিছে। সেয়ে প্ৰথমখন মেচত ৰাহুলৰ উপস্থিতিক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। মেনেজমেণ্টেও স্পষ্টকৈ একো কথা কোৱা নাই।

দিল্লী কেপিটেলছ বনাম এল এছ জি হেড টু হেড

আই পি এলত দুটাকৈ ছিজন খেলা দিল্লী আৰু লক্ষ্ণৌৱে এই পৰ্যন্ত ৫ খন মেচ খেলিছে। ৰাহুলৰ নেতৃত্বত খেলা এই ৫ খন মেচৰ ভিতৰত ৩ খন মেচেই লক্ষ্ণৌৱে জয় কৰাৰ বিপৰীতে দিল্লীয়ে দুখন মেচত জয় লাভ কৰিছে।

আজিৰ মেচখন জয় কৰি দুয়োটা দলেই বিজয়েৰে এই ছিজন আৰম্ভ কৰাৰ চেষ্টা কৰিব। যদিহে মেচখনত দিল্লীয়ে বিজয় সাব্যস্ত কৰে তেন্তে আই পি এলত লক্ষ্ণৌৰে ক্ষমতা স্থাপন কৰিব। যদিহে লক্ষ্ণৌৱে বিজয় সাব্যস্ত কৰে তেন্তে তেওঁলোকৰ দিল্লীৰ ওপৰত চাপ বৃদ্ধি পাব। ৬ খন মেচৰ ভিতৰত ৪ খনেই জয় কৰাৰ ৰেকৰ্ড স্থাপন কৰিব।  

পীটছ ৰিপৰ্

বিশাখাপট্টনমৰ পীটছ বেটিং সহায়ক হোৱাৰে সম্ভাৱনা প্ৰৱল। ইয়াত প্ৰথম ইনিংছৰ গড় স্কৰ প্ৰায় ১৭০। এনে পৰিস্থিতিত আশা কৰিব পাৰি আজিৰ মেচখন হাই স্কৰেই হব।  

এই পীটছত চেন্নাইৰ বিৰুদ্ধে দিল্লীয়ে ৫ উইকেটত ১৯১ ৰাণৰ লক্ষ্য লৈ ১৭১ ৰাণতে স্থিমিত হৈছিল। সেইদৰে কলকাতাই আকৌ দিল্লীৰ বিৰুদ্ধে এইখন মেচতেই ২৭২ ৰাণৰ ইনিংছ খেলিছিল। এই লক্ষ্য অনুসৰণ কৰি দিল্লী ১৬৬ ৰাণতে স্তব্ধ হৈছিল।

এই ৰেকৰ্ডসমূহৰ পৰা স্পষ্ট যে, পীটছখনত হাই স্কৰ হোৱাৰ যিদৰে সম্ভাৱনা আছে ঠিক সেইদৰে বেটছমেনৰ ভুল শ্বট নিৰ্বাচনে স্কৰ যথেষ্ট দুৰ্বলো কৰি তোলাৰ সম্ভাৱনা নথকা নহয়।

কি ৰূপত আছে বতৰ

বিশাখাপট্টনমক বৰষুণে ধুই জীপাল কৰি ৰাখিছে যদিও লাহে লাহে বতৰ মুকলি হৈছে। সন্ধিয়াৰ আকাশ সম্পূৰ্ণ মুকলি হোৱাৰ বাবে দিল্লী আৰু লক্ষ্ণৌৰ মাজৰ খেলখন বিঘ্নিত নোহোৱাকৈ অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ উষ্ণতা প্ৰায় ২০ ডিগ্ৰী হব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যত প্ৰকাশ।

 

আই পি এল ক্ৰিকেট কে এল ৰাহুল ঋষভ পণ্ট