এফালে অভিজ্ঞতা আনফালে যুৱ উদ্যমঃ কেকেআৰ আৰু পঞ্জাৱ কিংছৰ ৰণডংকা...

এফালে অভিজ্ঞতা আনফালে যুৱ উদ্যমঃ কেকেআৰ আৰু পঞ্জাৱ কিংছৰ ৰণডংকা...

author-image
Asomiya Pratidin
New Update
এফালে অভিজ্ঞতা আনফালে যুৱ উদ্যমঃ কেকেআৰ আৰু পঞ্জাৱ কিংছৰ ৰণডংকা...

এফালে অভিজ্ঞতা আনফালে যুৱ উদ্যমঃ কেকেআৰ আৰু পঞ্জাৱ কিংছৰ ৰণডংকা...

ডিজিটেল ডেস্কঃ আই পি এল ২০২৩ ত আজি নিজৰ প্ৰথমখন মেচ খেলিব কলকতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাৱ কিংছে। আজি যুৱ অধিনায়ক নীতিশ ৰাণাৰ অধিনায়কত্বত কলকাতা নাইটৰাইডাৰ্ছে ৰণত নমাৰ বিপৰীতে অভিজ্ঞ শিখৰ ধাৱানৰ নেতৃত্বত পঞ্জাৱ কিংছ যুঁজত নামিব।

Advertisment

অৱশ্যে আই পি এলত শিখৰ ধাৱানৰো অধিনায়ক হিচাপে হ’ব এয়া প্ৰথমখন মেচ। ইয়াৰ পূৰ্বে পঞ্জাৱ কিংছৰ অধিনায়ক আছিল মায়ংক আগৰৱাল। মায়ংক আগৰৱালৰ নেতৃত্বত দলটোৰ প্ৰদৰ্শন আছিল অতি দুৰ্বল।

আনহাতে কলকাতা নাইট ৰাইডাৰ্ছে শ্ৰেয়াছ আয়াৰ আঘাত প্ৰাপ্ত হোৱাৰ বাবে নীতিশ ৰাণাৰ ওপৰতেই অৰ্পণ কৰিছে অধিনায়ৰ দায়িত্ব। অৱশ্যে চলিত ছিজনত কলকাতা নাইটৰাইডাৰ্ছকেই অতি দুৰ্ৱল আখ্যা দিছে ক্ৰিকেট বিশেষজ্ঞসকলে।

তথাপিও ক্ৰিকেট অনিশ্চয়তাৰ খেল। সেয়েহে সময়তহে দেখা যাব কোনে শেষ হাঁহি মাৰিব।কিয়নো দলটোত আছে ৰাছেল, সুনীল নাৰেন, চাৰ্দুল ঠাকুৰ আদিৰ দৰে অলৰাউণ্ডাৰ খেলুৱৈ।

পঞ্জাৱ কিংছে জনি বেয়াৰষ্ট'ৰ অবিহনে আৰম্ভণি কৰিব লাগিব যদিও দলটোত একাধিক প্ৰতিভাশালী খেলুৱৈ আছে। এই দলটোত আটাইতকৈ ব্যয়বহুল খেলুৱৈ ছেম কুৰান আছে। আছে তাৰকা খেলুৱৈ চিকান্দাৰ ৰাজা, লিয়াম লিভিংষ্টোন। একে সময়তে কাগিচো ৰাবাডাই বলিংত আজিৰ মেচখন খেলিব নোৱাৰিব যদিও দলটোত নাথান এলিছ, অৰ্শদীপ সিং, ৰাজ অঙ্গদ বাৱাৰৰ দৰে খেলুৱৈ আছে।

Also Read: আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰাৰ পিছতেই নিশা আটক গঁড় চিকাৰী...

আই পি এল