/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b4bf0820-885d-4660-826f-b872673999e4/rhino_1.jpg)
আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰাৰ পিছতেই নিশা আটক গঁড় চিকাৰী...
ডিজিটেল ডেস্কঃ নগাওঁ আৰক্ষীয়ে গঁড়া চিকাৰীৰ সম্ভেদ দিওতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ পিছতেই শুকুৰবাৰে নিশা জামুগুৰিহাটত এটা দুধৰ্ষ গড় চিকাৰী আটক কৰিবলৈ সক্ষম হৈছে। বিগত সপ্তাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দীৰ্ঘদিনৰ মূৰত গঁড় হত্যা হোৱাৰ পাছতে আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।
সেই অভিযানৰ ফলতেই শুকুৰবাৰে আৰক্ষীয়ে এই গঁড় চিকাৰীটোক আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন গঁড় চিকাৰীটোৰ নাম হাৰুণ ইছলাম। গঁড় চিকাৰী হাৰুণ ইছলামক জামুগুৰি আৰক্ষী আৰু জখলাবন্ধা আৰক্ষীয়ে যৌথ অভিযান চলাই জামুগুৰিহাটৰ চাৰি নং চিৰুৱানীৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে।
আনহাতে আন এক তথ্য অনুসৰি হাৰুণ ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিতে আজি পুৱা আন দুটা গঁড় চিকাৰীক আটক কৰা বুলি জানিব পৰা গৈছে।
Also Read: অসমীয়া খাদ্য দেশৰে শ্ৰেষ্ঠ...