/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/5659bc8b-69a4-4faf-af07-a4bbbecf497e/IPL_AWARD_30.jpg)
IPL-2023 ৰ ফাইনেলত টকাৰ বৰষুণ ! প্লে' অফত হাৰিও পালে কোটি কোটি টকা...
ডিজিটেল ডেস্কঃ আই পি এলৰ সৰ্বাধিক দীঘল ফাইনেল মেচ হিচাপে পৰিগণিত হোৱা ২০২৩ ছিজনৰ ফাইনেল মেচখন ৩০ মে’ৰ মাজ নিশা সমাপ্ত হ'ল। চেন্নাই চুপাৰ কিংছে পঞ্চমবাৰৰ বাবে আই পি এলৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিলে।
যোৱাবাৰাৰ চেম্পিয়ন গুজৰাট টাইটানছ এইবাৰ ৰানাৰ্ছ আপতে সীমাবদ্ধ থাকিল। আই পি এল-২০২৩ৰ চেম্পিয়ন চি এছ কেয়ে এই বিজয়ৰ বাবে লাভ কৰিলে ট্ৰফীসহ ২০ কোটি টকা।
আনহাতে ৰানাৰ্ছ আপ গুজৰাট টাইটানছে লাভ কৰিলে ১২.৫০ কোটি টকা। প্লে’ অফত প্ৰৱেশ কৰি তৃতীয় স্থানত থকা মুম্বাই ইণ্ডিয়ানছে লাভ কৰিলে ৭ কোটি আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছে লাভ কৰিলে ৬.৫ কোটি টকা।
ফাইনেল মেচখনত আজিংক্য ৰহানেয়ে 'ইলেকট্ৰিক ষ্ট্ৰাইকাৰ অব দ্যা মেচ', ছাই সুদৰ্শনে 'গেম চেঞ্জাৰ অব দ্যা মেচ','ম’ষ্ট ভেলুৱেবল এছেট অব দ্যা মেচ', 'লংগেষ্ট ছিক্স অব দ্যা মেচ' আৰু ছুপাৰ ফ'ৰ অৱ দ্যা ফাইনেল' বঁটা লাভ কৰে। সেইদৰে ডেভেন কনৱে’য়ে 'প্লেয়াৰ অব দ্যা মেচ' আৰু ধোনিয়ে 'এক্টিভ কেচ অব দ্যা মেচ' বঁটা লাভ কৰে।
এই প্ৰতিটো বঁটাৰ বাবে তেওঁলোকে লাভ কৰে ১ লাখকৈ টকা। কেৱল এয়াই নহয় সৰ্বাধিক ২৮ টা উইকেট দখল কৰি পাৰ্পল কেপ লাভ কৰা মহম্মদ ছামিয়ে লাভ কৰিলে ১০ লাখ টকা। ৮৯০ ৰাণেৰে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰি অৰেঞ্জ কেপৰ অধিকাৰী হোৱা শুভমণ গিলে লাভ কৰিলে ১০ লাখ টকা।
শুভমণ গিলে অৰেঞ্জ কেপৰ উপৰিও লাভ কৰিছে গেম চেঞ্জাৰ অব দ্যা ছিজন, ম’ষ্ট ভেলুৱেবল প্লেয়াৰ,ম'ষ্ট ফ'ৰ ইন দ্যা ছিজন আদিৰ বাবে ১০ লাখকৈ মুঠ ৪ টা পুৰস্কাৰৰ বাবদ ৪০ লাখ টকা লাভ কৰে।
একেদৰেই যশস্বী জয়ছোৱালে ইমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন, গ্লেন মেক্সৱেলে ইলেকট্ৰিক ষ্ট্ৰাইকাৰ অব দ্য ছিজন, ৰছিদ খানে কেচ অব দ্য ছিজন, ফাফ ডু প্লেছিয়ে লংগেষ্ট ছিক্স অব দ্য ছিজনৰ বাবে পুৰস্কাৰ হিচাপে লাভ কৰে ১০ লাখকৈ টকা।
পীটচ এণ্ড গ্ৰাউণ্ড এৱাৰ্ড লাভ কৰে ৱাংখেৰে ষ্টেডিয়াম আৰু ইডেন গাৰ্ডেনে। ইয়াৰ বাবে দুয়োখন ষ্টেডিয়ামে লাভ কৰে ৫০ লাখ টকাকৈ।
In #Final of #TATAIPL between #CSK & #GT
Here are the Herbalife Active Catch, Visit Saudi Beyond the Boundaries Longest 6 & Upstox Most Valuable Asset of the match award winners.@Herbalifeindia@VisitSaudi | #VisitSaudi | #ExploreSaudi@upstox | #InvestRight with Upstox pic.twitter.com/tGIemZAbFk— IndianPremierLeague (@IPL) May 30, 2023
Also Read: খেল নহয়, ঠিক যেন এখন বলিউড চিনেমা ! নায়ক নহয় মহানায়ক ধোনি...