বৰ্ষাপাৰালৈ নাহে জয় শ্বাহ, ৰজাৰ বিন্নী ! মাজুলীত ব্যস্ত মুখ্যমন্ত্ৰী...

বৰ্ষাপাৰালৈ নাহে জয় শ্বাহ, ৰজাৰ বিন্নী ! মাজুলীত ব্যস্ত মুখ্যমন্ত্ৰী...
বৰ্ষাপাৰালৈ নাহে জয় শ্বাহ, ৰজাৰ বিন্নী ! মাজুলীত ব্যস্ত মুখ্যমন্ত্ৰী...

ডিজিটেল ডেস্কঃ তাৰকা, ভি ভি আই পি বিহীন বৰ্ষাপাৰাৰ ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ শৃংখলা। অসম ক্ৰিকেট সন্থাৰ আন্তৰিক প্ৰচেষ্টায়ো আকৰ্ষিত কৰিব পৰা নাই বহুতক।

সদ্য সমাপ্ত এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ঠিক এটা সপ্তাহৰ পাছতে দেশৰ মাটিত অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়া ৫ খন টি-২০ শৃংখলাৰ প্ৰথম দুখনত ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰাৰ পাছত আজি তৃতীয়খন মেচত অৱতীৰ্ণ হ'ব। এইবাৰৰ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ বিজয়ৰ অশ্বমেধ যাত্ৰা স্বত্ব হৈছিল অষ্ট্ৰেলিয়াৰ সন্মুখত। স্বপ্ন ভংগ হৈছিল কোটি কোটি ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ।

ক্ৰিকেট বিশেষজ্ঞ, প্ৰাক্তন ক্ৰিকেটাৰ, অনুৰাগীয়ে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে তৃতীয়বাৰৰ বাবে বিশ্বকাপ দখল কৰিব পাৰিব বুলি নিশ্চিত আছিল যদিও শেষ মুহূৰ্তত অষ্ট্ৰেলিয়াই ট্ৰফী নিজৰ কৰি লয়। তাৰ পাছৰে পৰা বিষাদগ্ৰস্ত হৈ আছে ভাৰতীয় ক্ৰিকেট অনুৰাগী।

ব্যতিক্ৰম নহয় অসমৰ ক্ৰিকেট অনুৰাগীসকলো। বিশ্বকাপৰ ফাইনেলত ভাৰত পৰাস্ত হোৱাৰ ঠিক ১০ দিন পাছতেই গুৱাহাটীত আজি ভাৰত আৰু অষ্ট্ৰেলিয়া পুনৰ মুখামুখী হ'ব। অৱশ্যে এইবাৰ ফৰ্মেট এদিনীয়াৰ পৰিৱৰ্তে টি-২০।

এই মেচখন সকলো প্ৰকাৰৰ পৰা আকৰ্ষণীয় কৰি তুলিবলৈ অসম ক্ৰিকেট সন্থাই কোনো ত্ৰুতি কৰা নাই। মেচৰ সময়ত মনোৰঞ্জনৰ বাবে ডি জেৰ ব্যৱস্থা কৰা হৈছে। আছে আতচবাজীৰ প্ৰদৰ্শন আৰু লেজাৰ শ্ব'।

অসম ক্ৰিকেট সন্থাই এনে আন্তৰিক প্ৰচেষ্টা চলাইছে যদিও বৰ্ষাপাৰাৰ এই মেচখন হয়তো ভিভিআইপিবিহীন মেচ হিচাপে পৰিগণিত হৈ ৰ'ব। কিয়নো মেচখন উপভোগৰ বাবে ষ্টেডিয়ামৰ গেলাৰীত উপস্থিত নাথাকিব ৰাজ্য অথবা দেশৰ হেভী ৱেইট অতিথি।

অসম ক্ৰিকেট সন্থাই মেচখন উপভোগ কৰিবলৈ বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নী আৰু সচিৱ জয় শ্বাহক আমন্ত্ৰণ জনাইছে বুলি সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিছিল। কিন্তু মেচৰ আগমুহূৰ্তত অসম ক্ৰিকেট সন্থাৰ সূত্ৰই জনোৱা অনুসৰি আজিৰ মেচখনত উপস্থিত নাথাকে জয় শ্বাহ।

ৰজাৰ বিন্নীৰো উপস্থিতিক লৈ এতিয়ালৈকে নাই কোনো নিশ্চয়তা। অৰ্থাৎ ১৯৮৩ বিশ্বকাপ বিজয়ী দলটোৰ সদস্য তথা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সভাপতিৰ দায়িত্ব পালন কৰি থকা ৰজাৰ বিন্নীও যে উপস্থিত নাথাকে সেয়া প্ৰায় নিশ্চিত।

ইফালে মেচখন উপভোগ কৰিবলৈ অসম ক্ৰিকেট সন্থাই আমন্ত্ৰণ জনাইছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কিন্তু এই পৰ্যন্ত তেওঁৰো নাই কোনো নিশ্চয়তা। পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি তেওঁ থাকিব মাজুলীত। ইয়াৰ পূৰ্বেৰ মেচসমূহত অৱশ্যে তেওঁ মেচ উপভোগ কৰিবলৈ আহিছিল।

এইদৰেই এজনৰ পাছতন এজনকৈ আমন্ত্ৰিত ভিভিআইপি আজিৰ মেচখনত উপস্থিত নথকাটো নিশ্চিত হৈছে। আনহাতে এই পৰ্যন্ত বুক মাই শ্ব'ৰ জৰিয়তে প্ৰায় ২০ হাজাৰ টিকট বিক্ৰী হৈছে বুলি অসম ক্ৰিকেট সন্থাই জানিবলৈ দিছে। তাৰোপৰি অসম ক্ৰিকেট সন্থাই বিভিন্নজনলৈ, বিভিন্ন ক্ৰীড়া সংগঠনলৈ বিনামূলীয়াকৈ আগবঢ়োৱা পাছ আদি হিচাপ কৰি আজিৰ খেলখেনত ষ্টেডিয়ামত প্ৰায় ২৫ ৰ পৰা ২৮ হাজাৰ দৰ্শক উপস্থিত থাকিব বুলি অনুমান কৰা হৈছে।

অৱশ্যে এই সংখ্যাও সময়ত কমিবহে পাৰে। মন কৰিবলগীয়া যে, বৰ্ষাপাৰাৰ এই মেচখনৰ বাবে ৩৫ হাজাৰ টিকট মুকলি কৰি দিয়া হৈছে। সেয়েহে ষ্টেডিয়ামৰ গেলাৰীতো যে বহু আসন খালী থাকিব সেয়াও নিশ্চিত।

পূৰ্বে গুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মেচক লৈ যি উৎকণ্ঠা দেখিবলৈ পোৱা গৈছিল এইবাৰ সেই উৎকণ্ঠাও দেখিবলৈ পোৱা নাই। সেয়ে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে, আজিৰ মেচখনক লৈ আগ্ৰহী নহয় নেকি ক্ৰিকেট অনুৰাগী?

অৱশ্যে বিশ্বকাপৰ পাছতে অনুষ্ঠিত হোৱা এই শৃংখলাৰ প্ৰতি মানুহৰ আগ্ৰহ কম হোৱাটো পৰিস্থিতি সাপেক্ষে কোনো আচৰিত কথাও নহয়। তাৰোপৰি দুয়োটা দলত তাৰকা ক্ৰিকেটাৰৰ অনুপস্থিতিও এনে হোৱাৰ আন এক কাৰণ বুলি ধাৰণা কৰা হৈছে।

ভাৰতীয় ক্ৰিকেট দলটোত সূৰ্য কুমাৰ যাদৱ, ঈশান কিষাণ, অৰ্শদ্বীপ সিংক বাদ দি তাৰকা ক্ৰিকেটাৰ নাই বুলিবই পাৰি। অৱশ্যে ৰিংকু সিঙৰ বিধংসী বেটিং বহুতৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তাৰকাবিহীন এই দলটোৱে গুৱাহাটীৰ দৰ্শকক কিদৰে সন্তুষ্ট কৰে সেয়া সময়হে ক'ব।

বৰ্ষাপাৰালৈ নাহে জয় শ্বাহ, ৰজাৰ বিন্নী ! মাজুলীত ব্যস্ত মুখ্যমন্ত্ৰী...
কাৰ পক্ষত বৰ্ষাপাৰা ! শৃংখলা জয়ৰ নিৰ্ণয় নে প্ৰত্যাৱৰ্তনৰ মঞ্চ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in