২২৮ ৰাণৰ ঐতিহাসিক জয়ৰ পিছত আজি পুনৰ খেলপথাৰত নামিব ভাৰত

২২৮ ৰাণৰ ঐতিহাসিক জয়ৰ পিছত আজি পুনৰ খেলপথাৰত নামিব ভাৰত

author-image
Asomiya Pratidin
New Update
২২৮ ৰাণৰ ঐতিহাসিক জয়ৰ পিছত আজি পুনৰ খেলপথাৰত নামিব ভাৰত

ডিজিটেল ডেস্কঃ সোমবাৰে কলম্বোত অনুষ্ঠিত এছিয়া কাপ ২০২৩ ছুপাৰ ৪ৰ মেচত ভাৰতে পাকিস্তানক ২২৮ ৰাণত পৰাস্ত কৰে। বিৰাট কোহলী আৰু কে এল ৰাহুলে অপৰাজিত শতক অৰ্জন কৰাৰ বিপৰীতে কুলদীপ যাদৱে পাঁচ উইকেট দখল কৰে। দেওবাৰেই আৰম্ভ হোৱা মেচখন যদিও বৰষুণৰ বাবে ৰিজাৰ্ভ ডে’লৈ স্থানান্তৰিত হৈছিল অৱশেষত ভাৰতে বেটৰ লগতে বলৰ সৈতেও উচ্চ স্তৰৰ খেল প্ৰদৰ্শন কৰি এক ঐতিহাসিক জয়লাভ কৰিবলৈ সক্ষম হয়।

Advertisment

সোমবাৰে ২৪.১ অভাৰত ২ উইকেটত ১৪৭ ৰাণ সংগ্ৰহ কৰি পুনৰ আৰম্ভ হোৱা মেচখনত কোহলী আৰু কে এল ৰাহুলে পাকিস্তানৰ বিৰুদ্ধে ৫০ অভাৰত ২ উইকেটত ৰাণ সংগ্ৰহ কৰে।

বিৰাট কোহলীয়ে ৯৪ বলত অপৰাজিত ১২২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে কে এল ৰাহুলে অপৰাজিত ১১১ ৰাণ সংগ্ৰহ কৰি পাকিস্তানৰ বাবে ৩৫৬ ৰাণৰ এক কঠিন লক্ষ্য বান্ধি দিয়ে। ইয়াৰ বিপৰীতে ৮ জন বেটাৰেৰে খেলপথাৰত নমা পাকিস্তানে ১২৮ ৰাণতে খেল সমাপ্ত কৰে।

এই বৃহৎ জয়ৰ অন্তত এছিয়া কাপ ২০২৩ৰ ছুপাৰ ৪ টেবুলত শীৰ্ষ স্থানলৈ উন্নীত হয় ভাৰত। তেওঁলোকৰ ক্ৰেডিটত দুটা পইণ্ট আছে যদিও +৪.৫৬০ ৰ চমৎকাৰ নেট ৰাণ ৰেট (এন আৰ আৰ)য়ে তেওঁলোকক নেতৃত্ব দিছে।আনহাতে, পাকিস্তানে -১.৮৯২ এন আৰ আৰ লৈ তিনি নম্বৰ স্থানলৈ পিছুৱাই যায়। শ্ৰীলংকাই +০.৪২০ এন আৰ আৰ ৰে দ্বিতীয় স্থানত থকাৰ বিপৰীতে বাংলাদেশ -০.৭৪৯ এন আৰ আৰৰে চাৰিটা দলৰ তালিকাত তলৰ স্থানত আছে।

৯৪ বলত ১২২ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ পিছত ৰাণ মেচিন বিৰাট কোহলীয়ে মঙলবাৰে খেলপথাৰলৈ ঘূৰি আহিবলৈ সাজু বুলি উল্লেখ কৰি লগতে কয় যে, টেষ্ট ক্ৰিকেট খেলিলে তেওঁৰ সুস্থতাত সহায়ক হ’ব।

আজি পুনৰ খেলপথাৰত শ্ৰী লংকাৰ সন্মূখীন হ'ব ভাৰত। বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া খেলখন অনুষ্ঠিত হ'ব কলম্বোৰ প্ৰেমাদাসা ষ্টেডিয়ামত।

Also Read: দ্ৰুততম ১৩০০০ ৰাণঃ অভিলেখ সৃষ্টিকাৰী কোহলী

INDIAN CRICKET TEAM