মল্লযুঁজাৰুৰ প্ৰতিবাদৰ মাজতে ভাৰতীয় অলিম্পিক সন্থাই গঠন কৰিলে তদৰ্থ সমিতি
মল্লযুঁজাৰুৰ প্ৰতিবাদৰ মাজতে ভাৰতীয় অলিম্পিক সন্থাই গঠন কৰিলে তদৰ্থ সমিতি

মল্লযুঁজাৰুৰ প্ৰতিবাদৰ মাজতে ভাৰতীয় অলিম্পিক সন্থাই গঠন কৰিলে তদৰ্থ সমিতি

ডিজিটেল ডেস্কঃ ভাগৰি পৰা নাই। এতিয়াও ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে অব্যাহত ৰাখিছে মল্লযুঁজাৰুসকলে প্ৰতিবাদ। ভাৰতীয় মল্লযুঁজাৰু সন্থাৰ পৰা আঁতৰিলেও ব্ৰীজ ভূষণ সিঙে সন্থাক নিজৰ কৱলত ৰাখিবলৈকে অতি কৌশলেৰে প্ৰক্ষেপ কৰিছিল তেওঁৰ ঘনিষ্ঠ সঞ্জয় সিংক।

কিন্তু শেহতীয়াকৈ এই সঞ্জয় সিঙৰ নেতৃত্বত নিৰ্বাচিত হোৱা গোটেই কমিটীখনকে সংবিধান অৱমাননা কৰাৰ অভিযোগত ভংগ কৰিলে দেশৰ ক্ৰীড়া মন্ত্ৰণালয়ে। তাৰ পাছতে এতিয়া ভাৰতীয় অলিম্পিক সন্থাই গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত।

মল্লযুঁজাৰু সন্থাৰ সকলো কাম-কাজ পৰিচালনা কৰাৰ বাবে গঠন কৰি দিছে এখন তদৰ্থ সমিতি।  বিগত বৃহস্পতিবাৰে মল্লযুঁজাৰু সন্থাৰ নিৰ্বাচনত বিজয়ী হৈছিল ব্ৰীজভূষণ চৰণ সিঙৰ ঘনিষ্ঠ সঞ্জয় সিং।

সন্থাই ব্ৰীজভূষণক নিৰ্বাসিত কৰাৰ ফলত তেওঁ ঘনিষ্ঠ সঞ্জয় সিঙক সভাপতি হিচাপে প্ৰক্ষেপ কৰিছিল। নিৰ্বাচনত ব্ৰীজভূষণে প্ৰক্ষেপ কৰা সঞ্জয় সিঙৰ সপক্ষে পৰে ৪০ টা ভোট।

মুঠ ৪৭ টা ভোটৰ ৪০ টাই সঞ্জয় সিঙে লাভ কৰাত প্ৰতিবাদী মল্লযুঁজাৰুসকলৰ সমৰ্থিত অনিতা শ্বেওৰান পৰাস্ত হয়। ফলত ব্ৰীজ ভূষণৰ অনুগত সঞ্জয় সিং সন্থাৰ সভাপতি হোৱাৰ বাট মুকলি হয় আৰু ব্ৰীজ ভূষণৰ হাতৰ মুঠিতে থাকে এই সন্থা ক্ষমতা।

সেয়ে ক্ষোভত প্ৰতিবাদী মল্লযুঁজাৰু সকলে পুনৰ তেওঁলোকৰ প্ৰতিবাদ অধিক কঠোৰ কৰি তোলে আৰু কেইবাজনেও অৱসৰ গ্ৰহণ কৰাৰ লগতে পদ্ম সন্মানো ঘূৰাই দিয়ে।

এনে পৰিস্থিতিৰ মাজতে ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে নৱ নিৰ্বাচিত মল্লযুঁজাৰু সন্থাই সংবিধান অৱমাননা কৰি কাম-কাজ কৰাৰ অভিযোগ উত্থাপন কৰি সঞ্জয় সিংৰ সৈতে গোটেই কমিটীখনকে নিলম্বন কৰে। তাৰ পাছতে ভাৰতীয় অলিম্পিক সন্থাই গঠন কৰে তদৰ্থ সমিতি।

এই তদৰ্থ সমিতিয়েই মল্লযুঁজ সম্পৰ্কীয় সকলো সিদ্ধান্ত গ্ৰহণ কৰিব। ভূপেন্দ্ৰ সিং বাজোৱাৰ নেতৃত্বত এই তদৰ্থ সমিতিয়েই কাম-কাজ পৰিচালনা কৰিব।

মল্লযুঁজাৰুসকলৰ বাকী থকা প্ৰতিযোগিতাত অংশ লোৱাৰ প্ৰক্ৰিয়া, কোনো প্ৰতিযোগিতা অনুষ্ঠিত কৰা, মল্লযুঁজাৰুসকলক আৰ্থিক দিশসমূহ, ৱেবচাইটৰ চোৱাচিতা সকলো দায়িত্ব এই তদৰ্থ সমিতিয়েই গ্ৰহণ কৰিব। অৱশ্যে পৰৱৰ্তী নিৰ্বাচন কেতিয়া হয় আৰু নতুন কমিটী কেতিয়া গঠন হ'ব সেই বিষয়ে কোনো কথা এতিয়াই জানিব পৰা নাই।

মল্লযুঁজাৰুৰ প্ৰতিবাদৰ মাজতে ভাৰতীয় অলিম্পিক সন্থাই গঠন কৰিলে তদৰ্থ সমিতি
বাক্সাৰ মানাহ বনভোজস্থলীৰ অনিয়মক লৈ সৰৱ অবড়ো সুৰক্ষা সমিতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in