/asomiyapratidin/media/media_files/2025/03/03/VwsuDZgshoh0Q9r3eQw3.jpg)
ডিজিটেল ডেস্কঃ ৪ মাৰ্চ, ২০২৫, মঙ্গলবাৰে ডুবাইত ভাৰত অষ্ট্ৰেলিয়াৰ মাজত চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন ছেমি ফাইনেল। এই ছেমি ফাইনেলক লৈ ইতিমধ্যে ক্ৰিকেট বিশ্বত উৎকণ্ঠা যথেষ্ট বৃদ্ধি হৈছে। ২০২৩ চনৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ঘৰৰ মাটিতে অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱা ভাৰতৰ বাবে প্ৰতিশোধ পূৰণৰ এয়া হ’ব এক সুৱৰ্ণ সুযোগ।
কিন্তু এই সুযোগ গ্ৰহণৰ ক্ষেত্ৰত ভাৰত সন্মুখীন হ’ব যথেষ্ট প্ৰত্যাহ্বানৰো। এই মুহূৰ্তত ভাৰতৰ সন্মুখত মূল প্ৰত্যাহ্বান হৈছে মূল একাদশ গঠন কৰাটো। কিয়নো নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা মেচখনত দলীয় মেনেজমেণ্টে মূল একাদশৰ পৰা বাদ দিছিল হৰ্ষিত ৰাণাক। তেওঁৰ ঠাইত দলত স্থান দিছিল স্পীনাৰ বৰুণ চক্ৰৱৰ্তীক।
মেগা ইভেণ্টখনত প্ৰথমটো সুযোগ পায়েই বৰুণ চক্ৰৱৰ্তীয়ে ৫ টাকৈ উইকেট লৈ অধিনায়কক বিপদত পেলাইছে। কিয়নো এনে প্ৰদৰ্শনৰ পাছত তেওঁক দলত স্থান নিদিলে যথেষ্ট সমালোচনাৰ সন্মুখীন হ’ব অধিনায়ক ৰোহিত শৰ্মাৰ লগতে প্ৰশিক্ষক গৌতম গম্ভীৰো। সৰ্বোপৰি তেনে কৰিলে বৰুণ চক্ৰৱৰ্তীৰ সৈতেও অন্যায় কৰা হ’ব।
অৱশ্যে ৰোহিত শৰ্মাৰ ভাষ্যত বৰুণ চক্ৰৱৰ্তীক যে দলৰ পৰা বাদ দিয়া নহয় সেয়া স্পষ্ট হৈছে। আজি সংবাদ মেল সম্বোধন কৰি ৰোহিত শৰ্মাই মূল একাদশ সন্দৰ্ভত কোনো কথা নকলে। তেওঁ ছেমি ফাইনেল মেচখনৰ ঠিক পূৰ্বে সকলোৱে মূল একাদশত কোনে কোনে স্থান পাব সেয়া স্পষ্ট হ’ব বুলিহে জানিবলৈ দিয়ে।
আজি ৰোহিতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, আমি চাৰিগৰাকী স্পীনাৰৰ সৈতে খেলিবলৈ গ’লে কিদৰে খেলিব লাগিব সেয়া বুজি পাব লাগিব। কাৰণ আমি ভালদৰে জানো এই পীটছত কি কামত আহিব আৰু কি কামত নাহিব। আমি দলৰ কম্বিনেছক লৈ আৰু ভাবিব লাগিব।
উল্লেখ্য যে, এই সংবাদ মেলতে ৰোহিত শৰ্মাই বৰুণ চক্ৰৱৰ্তীক কেইবা বাৰো প্ৰশংসা কৰে। তেওঁ কয়, ২০২১ ত ইয়াত খেলাৰ পাছৰ পৰা বৰুণে বহু উন্নতি কৰিছে। তেতিয়া তেওঁ অনভিজ্ঞ আছিল। বহু মেচ খেলা নাছিল। কিন্তু যোৱা দুই, তিনি বছৰত বহু মেচি খেলিছে। সেয়া ঘৰুৱা ক্ৰিকেট, আই পি এল বা ভাৰতৰ হৈ টি-২০ মেচেই হওক। তেওঁ এতিয়া নিজৰ বলিঙক ভালকৈ বুজিব পাৰিছে।
ইফালে চেম্পিয়নছ ট্ৰফীৰ ভাৰতীয় দলটোত ৫ জনকৈ স্পীনাৰ থকা বিষয়টোক লৈয়ো সমালোচনা হৈছে। এই প্ৰসংগত ৰোহিতে কয়, প্ৰশ্ন বহু আহিব। কিন্তু দল হিচাপে এনে কামেই কৰা প্ৰয়োজন যাতে জয়ী হব পাৰি। সেয়ে প্ৰতিভাৰ অৰ্থ বুজি পোৱাটো খুব দৰকাৰ। কোন প্ৰতিভাবান সেয়া বুজি পোৱাৰ ক্ষমতা অনেক দিন আগতেই লাভ কৰিছো। বৰুণৰ বাবেই আমি অতিৰিক্ত এজন বেটছমেন লোৱা নাই। যিহেতু মেচ মাত্ৰ পাঁচখন সেয়ে কোনো আঘাতৰ সন্মুখীন নোহোৱাকৈ অতিৰিক্ত লৈ যোৱাৰ কোনো লাভ নাই।
আনহাতে প্ৰতিদ্বন্দ্বী অষ্ট্ৰেলিয়াৰ সন্দৰ্ভত ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে কয়, তেওঁ অষ্ট্ৰেলিয়াৰ পৰা কঠিন যুঁজৰ আশা কৰিছে। অৱশ্যে জয়ী হ’ব বুলিয়েই আশাবাদী অধিনায়ক ৰোহিত। পূৰ্বৰ তিনিখন মেচত যি মানসিকতাৰে ভাৰতীয় দলটোৱে খেলিলে, সেই একেই মানসিকতাৰে ছেমি ফাইনেলৰ মেচখনো খেলিব বুলিও কয় তেওঁ। খেল পথাৰত মেচখনৰ মাজত আহিব পৰা সকলোধৰণৰ প্ৰত্যাহ্বানৰ বাবেও সাজু বুলি ক’লে কেপ্টেইন ৰোহিত শৰ্মাই।