এছিয়াডত দ্বাদশ দিনা ৩টাকৈ স্বৰ্ণ পদক জয় ভাৰতৰ

এছিয়াডত দ্বাদশ দিনা ৩টাকৈ স্বৰ্ণ পদক জয় ভাৰতৰ

ডিজিটেল ডেস্কঃ হাংজৌ এছিয়ান গেমছৰ দ্বাদশ দিনাও ভাৰতীয় খেলুৱৈসকলৰ পৰাক্ৰমে ভাৰতৰ বাবে আনিছে বহু কেইটা শুভবাৰ্তা। বৃহস্পতিবাৰেও ভাৰতে লাভ কৰিবলৈ সক্ষম হৈছে ৩টাকৈ স্বৰ্ণপদক। ইয়াৰ লগে লগে ভাৰতৰ স্বৰ্ণপদকৰ সংখ্যা ২১টা লৈ বৃদ্ধি হয়। লগতে ৩২ টা ৰূপৰ পদক আৰু ৩২টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৮৪টা পদক জয় কৰি ভাৰতে মেডেল টেবুলত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।

ভাৰতীয় মহিলা কম্পাউণ্ড আৰ্চাৰী দলে দ্বাদশ দিনাৰ পুৱাৰ ভাগতেই ভাৰতৰ বাবে ১৯ সংখ্যক স্বৰ্ণ পদক লাভ কৰি দিনটোৰ এক সুন্দৰ আৰম্ভণি কৰে। ভাৰতৰ মহিলা কম্পাউণ্ড আৰ্চাৰীৰ দলটোত আছিল জ্যোতি সুৰেখা ভেন্নাম, অদিতি স্বামী আৰু পাৰনিট কৌৰ। ইয়াৰ পিছতেই পুৰুষৰ কম্পাউণ্ড আৰ্চাৰী দলটোৱেও স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। সমান্তৰালভাৱে দিপিকা পল্লিকল আৰু হৰিন্দৰ পাল সিং সন্ধুৰ যুটিয়ে স্কোৱাছ মিস্ক ডবলছত ভাৰতৰ প্ৰথমটো সোণৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে।

ইয়াৰ লগতে স্কোৱাছ খেলুৱৈ সৌৰভ ঘোষলেৱে পুৰুষৰ একক স্কোৱাছ ফাইনেলত মালেছিয়াৰ এন জি ইয়ান ইয়’ৰ লগত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে। লগতে মহিলাৰ ফ্ৰীষ্টাইলি ক্ৰমে ৫৩ কেজি আৰু ৫০ কেজিত ব্ৰঞ্জৰ পদকৰ বাবে যুঁজিব ভাৰতৰ আন্তিম পাংঘল আৰু মানসীয়ে।

এছিয়াডত দ্বাদশ দিনা ৩টাকৈ স্বৰ্ণ পদক জয় ভাৰতৰ
ধিং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্মশালা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in