/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/bb0b7cb6-2a86-4664-ad9f-85b7dd20ef73/AP_FOR_WEB_sports.jpg)
ডিজিটেল ডেস্কঃ হাংজৌ এছিয়ান গেমছত দৈনিক ইতিহাস ৰচনাৰে অব্যাহত আছে ভাৰতৰ জয়যাত্ৰা। মঙলবাৰে এছিয়ান গেমছৰ দশম দিনাও দুটাকৈ স্বৰ্ণ জয়েৰে মেডেল তালিকাত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে ভাৰতে। প্ৰতিদিনেই হাংজৌৰ পৰা আহি থকা পদক জয়ৰ খবৰে ভাৰতবাসীক গৌৰৱান্বিত কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰি তুলিছে।
মঙলবাৰে মহিলাৰ ৫০০০ মিটাৰ দৌৰত ভাৰতৰ বাবে দশম দিনাৰ প্ৰথমটো স্বৰ্ণ পদক জয় কৰে পাৰুল চৌধুৰীয়ে। ইয়াৰ পাছতেই মহিলাৰ জেভলিন থ্ৰ'ত ভাৰতৰ অন্নু ৰাণীয়ে স্বৰ্ণ জয় কৰি ভাৰতে লাভ কৰা স্বৰ্ণ পদকৰ সংখ্যা ১৫ টা লৈ বৃদ্ধি কৰে।
উল্লেখ্য যে, মঙলবাৰে মহিলাৰ ৫০০০ মিটাৰ দৌৰত স্বৰ্ণ লাভ কৰা পাৰুল চৌধুৰীয়ে এছিয়ান গেমছৰ নৱম দিনটোত অৰ্থাৎ সোমবাৰে মহিলাৰ ৩০০০ মিটাৰ ষ্টীপলচেজত ৰূপৰ পদক লাভ কৰিছিল। সোমবাৰে লাভ কৰা স্বৰ্ণ পদকৰ সৈতে পাৰুল চৌধুৰী এছিয়াডত মহিলাৰ ৫০০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়। আনহাতে মহিলাৰ জেফলিন থ্ৰ'ত স্বৰ্ণ পদক লাভ কৰি অন্নু ৰাণী হৈ পৰে এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা। মহিলাৰ জেফলিন থ্ৰ'ৰ ফাইনেলত অন্নু ৰাণীয়ে কৰা ৬২.৯২ মিটাৰৰ থ্ৰ'টো তেওঁৰ এইটো ছিজনৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ' আছিল।
ইয়াৰ লগতে ভাৰতীয় খেলুৱৈ মহম্মদ আফছাল পুলিকলাথে পুৰুষৰ ৮০০ মিটাৰ ফাইনেলত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। লগতে পুৰুষৰ ট্ৰিপল জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতীয় খেলুৱৈ প্ৰবীণ চিত্ৰভেলে। ভাৰতৰ বিথ্যা ৰামৰাজেও মঙলবাৰে এছিয়ান গেমছত মহিলাৰ ৪০০ মিটাৰ হাৰ্ডলছত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
Also Read: প্ৰায় ১০০গৰাকী সাংবাদিকৰ ঘৰত আৰক্ষীৰ তালাচী, চীনৰ হৈ কাম কৰাৰ অভিযোগ...