এছিয়ান গেমছত আজি হেট্ৰিক ভাৰতৰঃ এটা বেলাতেই তিনিটা স্বৰ্ণ পদক...

এছিয়ান গেমছত আজি হেট্ৰিক ভাৰতৰঃ এটা বেলাতেই তিনিটা স্বৰ্ণ পদক...
এছিয়ান গেমছত আজি হেট্ৰিক ভাৰতৰঃ এটা বেলাতেই তিনিটা স্বৰ্ণ পদক...

ডিজিটেল ডেস্কঃ চলিত এছিয়ান গেমছত কম্পাউণ্ড আৰ্চাৰীত ভাৰতীয় মহিলা দলটোৰ পাছত পুৰুষ দলটোৱেও সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় দলটোৱে ফাইনেলত দক্ষিণ কোৰিয়াক ২৩৫-২৩০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি এই সফলতা লাভ কৰিছে। ভাৰতীয় দলটোত আছিল অভিষেক বাৰ্মা, ওজাছ দেওটাল আৰু প্ৰথমেশ সমাধান।

ফাইনেলত ওজাছৰ প্ৰথম ছেটত ভাৰতীয় দলটোৱে দক্ষিণ কোৰিয়াক ৫৮-৫৫ ব্যৱধানত ৰাখি আগুৱাই যাবলৈ সক্ষম হয়। দ্বিতীয় ছেটত অৱশ্যে নিজৰ নামত কৰে দক্ষিণ কোৰিয়াই। দলটোৱে ভাৰতক দ্বিতীয় ছেটত ৫৮-৫৯ ব্যৱধানত পিছ পেলাই। তৃতীয় ছেটত ভাৰতীয় আৰ্চাৰে দমনীয় প্ৰদৰ্শন দাঙি ধৰে। দক্ষিণ কোৰিয়াক তেওঁলোকে ৫৯-৫৭ ব্যৱধানত পৰাস্ত কৰে।

এইদৰে ৪ পইণ্টৰ অগ্ৰগতিৰে ভাৰতে চতুৰ্থটো ছেট আৰম্ভ কৰে। দক্ষিণ কোৰিয়াই এই ছেটত ৫৯ স্ক'ৰ কৰিও ভাৰতক পৰাস্ত কৰিব নোৱাৰিলে। ওজাছে নিক্ষেপ কৰা আটাইকেইাল কাঁড়েই নিখুঁট ভাৱে লক্ষ্য ভেদ কৰিবলৈ সক্ষম হয়। ফলত ৬০ পইণ্ট যোগ হয় ভাৰতৰ স্ক'ৰত। শেষ পৰ্যন্ত ভাৰত ২৩৫-২৩০ ব্যৱধানত শ্ৰেষ্ঠ হিচাপে বিবেচিত হয় আৰু স্বৰ্ণ পদক দখল কৰে।

ইয়াৰ পূৰ্বে আজিৰ দিনটোতে স্কোৱাছত দীপিকা পল্লিকাল, হৰিন্দৰ পল সিঙেৰে গঠিত ভাৰতীয় মিক্সড ডাবলছ দলটোৱে আৰু তাৰ পূৰ্বে মহিলাৰ আৰ্চাৰী দলটোৱে সোণৰ পদক অৰ্জন কৰিছিল। এই দলটোত আছে ভি জে সুৰেশা, পৰনীত কৌৰ আৰু অদিতী গোপীচান্দ স্বামী।

এছিয়ান গেমছত আজি হেট্ৰিক ভাৰতৰঃ এটা বেলাতেই তিনিটা স্বৰ্ণ পদক...
তাৰকাবিহীন আজিৰ মেচ ! নেখেলে কেইবাজনো ক্ৰিকেটাৰে, তালিকাত আছে অধিনায়কো....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in