বৃহস্পতিবাৰে বিয়লি বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ দল...

বিশেষ বিমানযোগে দুয়োটা দল উপস্থিত হ’ব বৰঝাৰ বিমান বন্দৰত

author-image
Asomiya Pratidin
New Update
বৃহস্পতিবাৰে বিয়লি বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ দল...

india vs south africa

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল। বৃহস্পতিবাৰে বিয়লি ৪.৪৫ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’বহি দল দুটা। বিশেষ বিমানযোগে দুয়োটা দল উপস্থিত হ’ব বৰঝাৰ বিমান বন্দৰত।

Advertisment

বৰঝাৰত উপস্থিত হৈ পোনে পোনে দুয়োটি দলক লৈ যোৱা হ'ব হোটেল ৰেডিচন ব্লুলৈ। ৰেডিচন ব্লুত থাকিব দুয়োটি দল। ৩০ ছেপ্টেম্বৰত দুয়োটা দলে পৃথকে পৃথকে অনুশীলন চলাব বৰ্ষাপাৰা ষ্টেডিয়ামত।

উল্লেখ্য যে ৩০ ছেপ্টেম্বৰৰ দিনৰ ২ বজাত প্রথমে অনুশীলন চলাব ভাৰতীয় দলে। আনহাতে, বিয়লি ৫ বজাত বৰষাপাৰা ষ্টেডিয়ামত ফ্লাড লাইটত অনুশীলন চলাব দক্ষিণ আফ্রিকাৰ ক্ৰিকেট দলে।

south africa match guwahati india